ETV Bharat / health

কঁকালৰ বিষৰ সমস্যা পৰা কেনেকৈ পাব সকাহ, জানো আহক... - Back Pain Relief

author img

By ETV Bharat Health Team

Published : Apr 27, 2024, 7:14 PM IST

Back Pain relief yoga : আপোনাৰ বাৰু কঁকালৰ বিষৰ সমস্যা আছে নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ কিয়নো যোগাসন কৰি এই সমস্যাৰ পৰা সকাহ পাব পাৰি ৷ কি কি আসন কেনেকৈ কৰিব, জানো আহক...

কঁকালৰ বিষৰ সমস্যা পৰা কেনেকৈ পাব সকাহ, জানো আহক...

কঁকালৰ বিষ; প্ৰায় সকলো বয়সৰ লোকৰ মাজত যোৱা কেইবছৰমানৰ পৰা এই সমস্যা যথেষ্ট সাধাৰণ হৈ পৰিছে । কিন্তু কিছুমান যোগ আসন আছে যিয়ে এই সমস্যাৰ পৰা সকাহ দিব পাৰে, যদিহে সেইবোৰ প্ৰশিক্ষকৰ পৰা প্ৰশিক্ষণ লোৱাৰ পাচত আৰু প্ৰয়োজনীয় সাৱধানতাৰে কৰা হয় ।

ভুল ভংগীমা, সক্ৰিয় ৰুটিনৰ অভাৱ, পুষ্টিৰ অভাৱ আৰু আন বহু কাৰণত যোৱা কেইবছৰমানৰ পৰা কেৱল বৃদ্ধৰ ক্ষেত্ৰতে নহয় সকলো বয়সৰ লোকৰ ক্ষেত্ৰতো কঁকালৰ বিষ বা মেৰুদণ্ডৰ সমস্যাৰ ক্ষেত্ৰ যথেষ্ট বৃদ্ধি পাইছে । এই কথা চিকিৎসকে নিশ্চিত কৰিছে ।

এগৰাকী চিকিৎসকে কয় যে অফিচ, ঘৰ, স্কুল বা কলেজত লেপটপৰ সন্মুখত বেয়া ভংগীমাত বহি বহু সময় পঢ়া-শুনা আৰু কাম কৰা, আধা দিনতকৈ অধিক সময় ম’বাইলত ব্যস্ত থকা, ব্যায়াম নকৰা আদি কাৰণত মানুহৰ ডিঙি, কান্ধ আৰু কঁকালৰ সৈতে জড়িত হাড় আৰু পেশী সম্পৰ্কীয় সমস্যা যথেষ্ট বৃদ্ধি পাইছে । যাৰ ফলত ছাৰ্ভাইকেল, চাইটিকা আৰু স্পণ্ডাইলাইটিছকে ধৰি বহু সমস্যাৰ সৃষ্টি হোৱা দেখা যায় ।

অৱশ্য়ে কিছুমান যোগ আসন এনে সমস্যাৰ পৰা সকাহ দিয়াৰ ক্ষেত্ৰত অতি সহায়ক হ’ব পাৰে । কৰ্ণাটকৰ মহীশূৰৰ যোগ বিশেষজ্ঞ মীনাক্ষী ভাৰ্মাই কয় যে কিছুমান বিশেষ ধৰণৰ আৰু অতি সহজ যোগাসন আছে, যাৰ নিয়মীয়া অভ্যাসে পিঠি আৰু কান্ধৰ বিষৰ লগতে পেশী সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰটো বহুখিনি সকাহ দিব পাৰে ।

ইয়াৰে কিছুমান তলত দাঙি ধৰা হ’ল-

অৰ্ধ শলভাসন :-

  1. অৰ্ধ শলভাসনৰ বাবে প্ৰথমে মাটিত কাৰ্পেট বা যোগাসনৰ মেট মেলি তল পেট কৰি শুব
  2. পিঠি আৰু ভৰি দুখন পোনকৈ ৰাখিব
  3. এতিয়া হাত দুখন উৰুৰ কাষত ৰাখি থুতুৰিটো মাটিত স্পৰ্শ কৰাকৈ ৰাখক
  4. এতিয়া দীঘলকৈ উশাহ এটা লৈ সোঁ ভৰিখন বতাহত তুলি লওক । মনত ৰাখিব যে এই অৱস্থাত দুয়োখন হাত মাটিক স্পৰ্শ কৰি থাকে
  5. এই ভংগীমাত কেইছেকেণ্ডমান থকাৰ পাচত ভৰি দুখন পুনৰ মাটিলৈ আনিব লাগে
  6. এতিয়া বাওঁ ভৰিখনেৰে একে প্ৰক্ৰিয়া পুনৰাবৃত্তি কৰক

ভূজংগাসন :-

  1. ভুজংগাসন কৰিবলৈ মেটত পেট পেলাই শুই দুয়োখন হাতৰ তলুৱা বুকুৰ কাষত ৰাখক
  2. এতিয়া লাহে লাহে উশাহ লৈ হাতৰ তলুৱাৰ সহায়ত শৰীৰৰ ওপৰৰ অংশটো ওপৰলৈ তুলি লওক আৰু কঁকালটো পোন কৰি লওক
  3. এই ক্ৰমত আপোনাৰ ক্ষমতা অনুসৰি ডিঙিটো পিছলৈ লৰচৰ কৰিবলৈ চেষ্টা কৰক
  4. কিছু সময় এই ভংগীমাত কৰক

শশাংক ভুজংগাসন :-

  1. শশংক ভুজংগাসন কৰিবলৈ প্ৰথমে গোৰোহাত বজ্ৰাসন ভংগীমাত মেটত বহিব লাগে । এতিয়া দুয়োখন হাত উৰুৰ ওপৰত থৈ দিব
  2. কান্ধৰ সন্মুখত বাহু দুটা আগবঢ়াই দিয়ক
  3. এতিয়া লাহে লাহে বুকুখন আগলৈ বেঁকা কৰি হাত আৰু কান্ধ মাটিৰ ফালে লৈ একে ক্ৰমত মাটিত ৰাখক
  4. মনত ৰাখিব যে এই অৱস্থাত দুয়োখন হাত মাটিত পোনকৈ থাকে
  5. এতিয়া শৰীৰৰ আগফালৰ অংশটো নাভিৰ পৰা ওপৰলৈ তুলি লওক আৰু আপোনাৰ ক্ষমতা অনুসৰি ডিঙিটো ওপৰলৈ লৈ যাওক
  6. কিছু মুহূৰ্ত এই অৱস্থাত থাকি পুনৰ বজ্ৰাসন অৱস্থালৈ আহক

মাৰ্জাৰী আসন :-

  1. মাৰ্জাৰী আসনৰ বাবে আঁঠু আৰু হাতৰ ভংগীমা টেবুলৰ দৰে কৰি লওক
  2. মনত ৰাখিব যে এই অৱস্থাত আপোনাৰ হাতৰ তলুৱা মাটিত সমতল আৰু কঁকাল পোন হৈ থাকে
  3. এতিয়া উশাহ লোৱাৰ সময়ত যিমান পাৰি মূৰটো ওপৰলৈ তুলি লওক
  4. এই ক্ৰমত উশাহ বন্ধ কৰি পিঠিখন মাটিৰ ফালে বেঁকা কৰক
  5. এই অৱস্থাত কান্ধ আৰু নিতম্ব (hips) ওপৰলৈ আৰু কঁকাল তললৈ টানি লওক
  6. এই অৱস্থাত ৩ ৰ পৰা ৫ ছেকেণ্ডলৈকে থাকক
  7. এতিয়া মূৰটো বেঁকা কৰি পিঠিখন স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনি উশাহ এৰি দিয়ক

বালাসন :-

  1. বালাসনৰ বাবে মেট বা কাৰ্পেটত বজ্ৰসন ভংগীমাত বহিব লাগে
  2. এতিয়া দীঘলকৈ উশাহ এটা লৈ দুয়োখন হাত ওপৰলৈ তুলি লওক
  3. এতিয়া লাহে লাহে উশাহ এৰি দিওঁতে কঁকালৰ পৰা আগলৈ কুঁজৰাই মূৰটো মাটিত স্পৰ্শ কৰাকৈ থৈ দিব
  4. কিছু সময় এই ভংগীমাত থাকি পুনৰ ব্ৰাজসনলৈ উভতি যাওক

মকৰাসন :-

  1. যোগাসনৰ মেটত পেটটো পেলাই পোন হৈ শুই থাকক
  2. এতিয়া কঁকালটো মাটিৰ স্পৰ্শ কৰাকৈ ৰাখি হাত দুখন চিধা কৰি লৈ মূৰ আৰু কান্ধ ওপৰলৈ উঠাবলৈ চেষ্টা কৰক
  3. মন কৰিব যে ডিঙিত বেছি চাপ পৰে
  4. এতিয়া গোটেই শৰীৰটো শিথিল কৰি ৰাখি চকু মুদি দীঘলকৈ উশাহ-নিশাহ লওক

সাৱধানতা আৱশ্যক :-

মীনাক্ষী ভাৰ্মাই কয় যে এই যোগ আসনসমূহৰ নিয়মীয়া অনুশীলনে আনুষংগিক সমস্যাত বহুখিনি সকাহ দিব পাৰে ৷ কিন্তু সঠিকভাৱে আৰু প্ৰয়োজনীয় সকলো সাৱধানতাৰে এইবোৰ কৰাটো অতি প্ৰয়োজনীয় । ইয়াৰ বাহিৰেও কিছুমান শাৰীৰিক অৱস্থা আছে য’ত এই যোগ আসনসমূহৰ অভ্যাস কৰাটো একেবাৰে ভাল নহয় । যেনে যদি কোনোবাই শেহতীয়াকৈ অস্ত্ৰোপচাৰ কৰিছে, হাৰ্নিয়া ৰোগত আক্ৰান্ত ব্যক্তি, ছাৰ্ভাইকেল, স্পণ্ডাইলাইটিছ বা ছাইটিকাৰ তাৎক্ষণিক প্ৰভাৱত থকা লোক বা গৰ্ভাৱস্থাত ইত্যাদি ।

প্ৰশিক্ষিত যোগ শিক্ষকৰ তত্বাৱধানত আৰু তেওঁৰ পৰা তথ্য আৰু পৰামৰ্শ লোৱাৰ পাচতহে এই যোগাসনৰ অনুশীলন আৰম্ভ কৰাটো অতি প্ৰয়োজনীয় । ইয়াৰ বাহিৰেও এই যোগ আসন অনুশীলনৰ পূৰ্বে যাতে কোনো শাৰীৰিক সমস্যাৰ সন্মুখীন হয়, সেয়ে তেওঁ এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন ।

লগতে পঢ়ক :

মাত্ৰ 20 ছেকেণ্ড কৰক এই যোগাসন আৰু পাওক কঁকালৰ বিষৰ পৰা সকাহ

যদি আপোনাৰ ভৰিত এইসমূহ লক্ষণে দেখা দিছে, তেন্তে ভুগিব পাৰে এই ৰোগত... - Prediabetes Symptoms

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.