ETV Bharat / health

যদি আপোনাৰ ভৰিত এইসমূহ লক্ষণে দেখা দিছে, তেন্তে ভুগিব পাৰে এই ৰোগত... - Prediabetes Symptoms

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 1:43 PM IST

Prediabetes Symptoms : যদি আপুনি নিয়মীয়াকৈ আপোনাৰ ভৰিত জিনজিননি, জ্বলা-পোৰা, জঠৰতা আৰু বিষ অনুভৱ কৰি আছে তেনেহ’লে সাৱধান হওক ৷ আপুনি ভুগিব পাৰে এই ৰোগত...

Prediabetes Symptoms
যদি আপোনাৰ ভৰিত এইসমূহ লক্ষণে দেখা দিছে, তেন্তে ভুগিব পাৰে এই ৰোগত...

মানুহৰ শৰীৰটো প্ৰতিটো অংগই অটোৰ লগত সিটো সংযোগ আছে ৷ সাধাৰণতে আমাৰ শৰীৰৰ যিকোনো এটা অংগত বিষ অথবা অন্য সমস্যাই দেখা দিলে ই মাৰাত্মক ৰোগৰ কাৰক হোৱা দেখা যায় ৷ আপোনাৰ ভৰিত যদি কেতিয়াবা জিনজিননি, জ্বলা-পোৰা, জঠৰতা আৰু বিষ অনুভৱ কৰিছে, তেনেহ’লে তাতলিকে চিকিৎসালয়লৈ যাওক ৷ এই লক্ষণ হৈছে প্ৰীডায়েবেটিকছ ৰোগৰ লক্ষণ ৷

হায়দৰাবাদৰ স্নায়ুবিশেষজ্ঞ ডাঃ সুধীৰ কুমাৰে কয় যে ই আপোনাৰ শৰীৰত ইনচুলিনৰ স্তৰ বৃদ্ধি হোৱাৰ লক্ষণ হিচাপে দেখা দিব পাৰে ৷ প্ৰীডায়েবেটিছক স্বাভাৱিক ৰক্ত শৰ্কৰাৰ স্তৰতকৈ অধিক আৰু ডায়বেটিছ হোৱাৰ উচ্চ বিপদাশংকা হিচাপে সংজ্ঞায়িত কৰিব পাৰি । ডায়েবেটিছ ৰোগে হৃদ আক্ৰমণ, ষ্ট্ৰোক আৰু অন্যান্য গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি কৰে বুলি জনা যায় ৷

সমীক্ষাৰ তথ্য অনুসৰি, ভাৰতত প্ৰায় 136 নিযুত জনসংখ্যাৰ প্ৰায় 15.3 শতাংশ লোকেই প্ৰীডায়েবেটিক ৰোগত আক্ৰান্ত ৷ এই তথ্য দেশবাসীৰ বাবে এক পৰ্যায়ৰ সতৰ্কবাণী ৷ এই তথ্যই লোকসকলক সজাগ কৰাৰ লগতে ডায়েবেটিছ প্ৰতিৰোধ কৰাত সহায়ক হ’ব পাৰে ৷ "প্ৰীডায়েবেটিচৰোগত আক্ৰান্ত লোকৰ ষ্ট্ৰোক, হৃদৰোগ, পেৰিফেৰেল নিউৰোপেথী (স্নায়ুৰ ক্ষতি) আৰু ৰেটিনোপেথি (যাৰ ফলত দৃষ্টিশক্তি হ্ৰাস হ'ব পাৰে) হোৱাৰ আশংকা অধিক," ডাঃ সুধীৰে কয় ।

HbA1C নামৰ এটা তেজ পৰীক্ষাৰ জৰিয়তে ডায়েবেটিছৰ পৰিমান উলিয়াব পৰা যায় । হিম’গ্লোবিন A1C (গ্লাইকেটেড হিম’গ্লোবিন, গ্লাইকোচিলেটেড হিম’গ্লোবিন, HbA1C বা A1c) পৰীক্ষা কৰিলে এজন ব্যক্তিৰ শৰীৰত গ্লুকোজ নিয়ন্ত্ৰণৰ স্তৰ মূল্যাংকন কৰিব পাৰি ৷ এই পৰীক্ষাত বিগত 90 দিনৰ ৰক্ত শৰ্কৰাৰ গড় স্তৰৰ পৰিমাণ জানিব পাৰি ৷

ডাঃ সুধীৰে লগতে কয় যে যদি কোনো লোকৰ ডায়েবেটিছ নিৰীক্ষণ পৰীক্ষা HbA1C 6 শতাংশ দেখুৱাই, তেনেহ’লে ইয়াক স্বাভাৱিক বুলি গণ্য কৰা হয় । ৬ শতাংশ গ্লাইকোচিলেটেড হিম’গ্লোবিন (HbA1C) স্বাভাৱিক নহয় ৷ 5.7 শতাংশতকৈ অধিক HbA1C ক প্ৰীডায়েবেটিছ ৰোগী বুলি জনা যায় ।

প্ৰীডায়েবেটিছত আক্ৰান্ত 10 শতাংশৰ অধিক ৰোগীৰ ভৰিত জিনজিননি, জ্বলা- পোৰা, জঠৰতা আৰু বিষ হ'ব পাৰে ৷ যাক প্ৰীডায়েবেটিক নিউৰোপেথি বুলি কোৱা হয় ।

ডায়েবেটিছ-প্ৰতিৰোধী ঔষধ গ্ৰহণ কৰা সকলে হাইপোগ্লাইচেমিয়া (নিম্ন ৰক্ত শৰ্কৰা) ৰোগত ভুগিব পাৰে ৷ যাৰ ফলত গুৰুতৰ জটিলতা হ'ব পাৰে ৷ কোনো লোকৰ শৰীৰত HbA1C-ৰ স্তৰ হ্ৰাস কৰিলৈ আহাৰত "কাৰ্বোহাইড্ৰেট" সীমিত পৰিমানে গ্ৰহণ কৰিব লাগিব ।

চেনী, গুড়, মৌ আদি বৰ্জন কৰক অথবা সামন্য পৰিমাণৰ গ্ৰহণ কৰক ৷ চাউল, ৰুটি, ইডলি, দোচা, আলু আৰু ফল সেৱন হ্ৰাস কৰক ৷ তেনে ৰোগীয়ে এৰোবিক ব্যায়াম কৰাটো অত্যন্ত প্ৰয়োজনীয় ৷

লগতে পঢ়ক: গ্ৰীষ্মকালত নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ কি খাব ? - Body hydrating tips for summer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.