ETV Bharat / health

৪৩ বছৰ বয়সত অষ্ট্ৰেলিয়ান অ’পেনত জয়ী হোৱা ৰোহন বোপান্নাৰ ফিটনেছৰ আঁৰৰ ৰহস্য কি ?

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 3:55 PM IST

Rohan Bopanna: ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা ৰোহন বোপান্নাই ৪৩ বছৰ বয়সত অষ্ট্ৰেলিয়ান অ’পেন মেনচ ডাবল খিতাপ দখল কৰে । এই বয়সতো তেওঁৰ ফিটনেছৰ মূল ৰহস্য কি জানো আহক-

what is the secret of tennis player Rohan Bopanna Fitness, who won the Australian Open at the age of 43
৪৩ বছৰ বয়সত অষ্ট্ৰেলিয়ান অ’পেনত জয়ী হোৱা ৰোহন বোপান্না ফিটনেছৰ আঁৰৰ ৰহস্য কি ?

৪৩ বছৰ বয়সতো নিজকে ফিট কৰি ৰখাটো এটা ডাঙৰ কথা আৰু এই ফিটনেছৰ সৈতে দেশৰ বাবে জয়ী হোৱাটো আৰু ডাঙৰ কাম হৈ পৰে ৷ এই কাম সম্পূৰ্ণ কৰি দেশখনলৈ গৌৰৱ কঢ়িয়াই অনা টেনিছ খেলুৱৈ ৰোহন বোপান্নাই সহযোগী মেথিউ এবডেনৰ সৈতে প্ৰথমটো অষ্ট্ৰেলিয়ান অ’পেন পুৰুষৰ ডাবলছ খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰিছে ৷ ৪৩ বছৰ বয়সত ইমান ডাঙৰ জয় আৰু ফিটনেছৰ ৰহস্য বৰ্ণনা কৰি ৰোহনে বহু কথা শ্বেয়াৰ কৰিলে ৷ তেওঁৰ ফিটনেছৰ ৰহস্য কি জানো আহক-

যোগাসন অন্তৰ্ভুক্ত কৰা হৈছিল

এক সাক্ষাৎকাৰত ৰোহনে কয় যে, ২০১৯ চনৰ মাজভাগৰ পৰা তেওঁৰ আঁঠুৰ বিষ হ’বলৈ আৰম্ভ কৰিছিল ৷ সেইবাবেই ক’ৰোনা মহামাৰীৰ সময়ত তেওঁ যোগাসন কৰিবলৈ আৰম্ভ কৰে ৷ প্ৰথমাৱস্থাত তেওঁ অনুভৱ কৰিছিল যে ইয়াৰ প্ৰভাৱ লেহেমীয়া, কিন্তু পিছত তেওঁ ইয়াৰ প্ৰভাৱ লক্ষ্য কৰি শক্তিশালী হৈ উঠিছিল ৷

বেলেন্স ডায়েট

তেওঁৰ খাদ্যাভ্যাসৰ বিষয়ে বৰ্ণনা কৰি কয় যে, তেওঁৰ খাদ্যাভ্যাসত তেনেকুৱা একো নাই ৷ তেওঁ মাত্ৰ নিজৰ খাদ্যাভ্যাস সুষম কৰি ৰাখে ৷ সঠিক পৰিমাণত আৰু সঠিক সময়ত ডায়েট লোৱাটোৱেই তেওঁৰ ফিটনেছ মন্ত্ৰ ৷ যদি আপুনিও ৰোহনৰ দৰে বয়স বৃদ্ধি হোৱাৰ পিছতো নিজকে ফিট তথা এক্টিভ কৰি ৰাখিব বিচাৰে তেন্তে তেওঁৰ ফিটনেছ মন্ত্ৰ অনুসৰণ কৰিব পাৰে ৷

আপোনাৰ শৰীৰৰ প্ৰয়োজনীয়তা বুজি লওক

ইণ্ডিয়ান এক্সপ্ৰেছক দিয়া এই সাক্ষাৎকাৰত ৰোহনে কয় যে, তেওঁ সদায় নিজৰ শৰীৰৰ কথা শুনি থাকে আৰু সেই অনুসৰি সকলো কাম কৰে ৷ তেওঁ জানে যে তেওঁৰ শৰীৰক কিমান জিৰণিৰ প্ৰয়োজন বা কিমান অতিৰিক্ত অনুশীলনৰ প্ৰয়োজন ৷ শেষত তেওঁ কয়, ‘শেহতীয়াকৈ মই মোৰ গতিশীলতা আৰু আৰোগ্যৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছো ৷ নিজৰ ওপৰত বিনিয়োগ কৰাটো এজন খেলুৱৈ হোৱাৰ এক গুৰুত্বপূৰ্ণ অংশ ৷

লগতে পঢ়ক: ব্ৰাজিলৰ বিখ্যাত পপ গায়ক ডেনি লী আৰু নাই, লিপ’ছাকশ্যন অস্ত্ৰোপচাৰেই হৈ পৰিল মৃত্যুৰ কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.