ETV Bharat / health

ব্ৰাজিলৰ বিখ্যাত পপ গায়ক ডেনি লী আৰু নাই, লিপ’ছাকশ্যন অস্ত্ৰোপচাৰেই হৈ পৰিল মৃত্যুৰ কাৰণ - ব্ৰাজিলৰ বিখ্যাত পপ গায়ক ডেনি লী

শেহতীয়াকৈ ব্ৰাজিলৰ বিখ্যাত প’প গায়িকা ডেনি লীৰ মৃত্যুৰ পিছতে শোঁকত ভাগি পৰিছে তেওঁৰ পৰিয়াল বৰ্গৰ লগতে মনোৰঞ্জন জগত । জানিব পৰা তেওঁৰ মৃত্যুৰ কাৰণ লিপ’ছাকশ্যন অস্ত্ৰোপচাৰ বুলি জানিব পৰা গৈছে । জানো আহক লিপ’ছাকশ্যন অস্ত্ৰোপচাৰ দৰাচলতে হয় কি ?

Famous Brazilian pop singer Dani Li is no more, liposuction surgery became the reason for her death
ব্ৰাজিলৰ বিখ্যাত পপ গায়ক ডেনি লী আৰু নাই, লিপ’ছাকশ্যন অস্ত্ৰোপচাৰেই হৈ পৰিল মৃত্যুৰ কাৰণ
author img

By ETV Bharat Assamese Team

Published : January 29, 2024 at 2:05 PM IST

Updated : January 29, 2024 at 2:18 PM IST

2 Min Read

শেহতীয়াকৈ অতি দুখৰ খবৰ আহিল যে ব্ৰাজিলৰ পপ গায়ক ডেনি লী আৰু নাই ৷ শেহতীয়াকৈ ডেনিৰ লিপ’ছাকশ্যন অস্ত্ৰোপচাৰ কৰা হৈছিল, তাৰ পিছত তেওঁ কিছু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু শেষত তেওঁৰ মৃত্যুক সাৱটিবলগীয়া হৈছিল ৷ ডেনি লীৰ মৃত্যু হোৱা লিপ’ছাকশ্যন অস্ত্ৰোপচাৰ কি? ইয়াৰ বিষয়ে জানো আহক-

ডেনি লী কোন ?

ডেনি লী আছিল ব্ৰাজিলৰ এগৰাকী বিখ্যাত পপ গায়ক, যিয়ে ৫ বছৰ বয়সৰ পৰাই গীত গাবলৈ আৰম্ভ কৰিছিল ৷ ৪২ বছৰ বয়সত অস্ত্ৰোপচাৰৰ ফলত প্ৰাণ হেৰুওৱা ডেনি লীয়ে তেওঁৰ গীত 'Eu Sou Da Amazonia' অৰ্থাৎ 'I am from Amazon' গীতেৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল ৷ অৱশেষত লিপ’ছাকশ্যন অস্ত্ৰোপচাৰৰ অন্তত গায়িকাগৰাকীৰ মৃত্যু হয় ৷

স্বামীৰ লগতে ডেনিৰ পৰিয়ালত এগৰাকী ৭ বছৰীয়া কন্যাও আছে৷ তেওঁৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে গভীৰ শোকত ভাগি পৰিছে তেওঁৰ সমগ্ৰ পৰিয়াল ৷ ডেনিৰ পৰিয়ালে ইনষ্টাগ্ৰামৰ জৰিয়তে শোক প্ৰকাশ কৰি জনাইছে যে, তেওঁলোকে ডেনি চিৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰিবলৈ ওলাইছে, য’ত গায়িকাগৰাকীৰ অনুৰাগীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷

লিপ’ছাকশ্যন অস্ত্ৰোপচাৰ কি ?

লিপ’ছাকশ্যন অস্ত্ৰোপচাৰ হ’ল শৰীৰৰ পৰা অতিৰিক্ত চৰ্বি আঁতৰোৱা অস্ত্ৰোপচাৰ ৷ এক প্ৰকাৰে এইটো মেদবহুলতা হ্ৰাস কৰাৰ উপায় ৷ ইয়াত কঁকাল, স্তন, ডিঙি আৰু চিবুক আদিৰ পৰা অতিৰিক্ত চৰ্বি বাহিৰ কৰা হয়৷ সেয়ে গায়িকাগৰাকীয়েও শৰীৰৰ কিছুমান অংশৰ পৰা অতিৰিক্ত চৰ্বি আঁতৰাবলৈ এই লিপ’ছাকচন অস্ত্ৰোপচাৰটো কৰিছিল যদিও ইয়াৰ পিছত তেওঁ বহু জটিলতাৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু তাৰ পিছত হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছিল আৰু ইয়াৰ বাবেই ডেনিৰ মৃত্যু হয় ।

লিপ’ছাকশ্যন অস্ত্ৰোপচাৰৰ ফলত বহু লোকৰ মৃত্যু

বিগত কেইবছৰমানৰ পৰা এনে বহু ডাঙৰ ব্যক্তিৰ অস্ত্ৰোপচাৰৰ ফলত মৃত্যু হৈছে ৷ ডেনি লীৰ দৰে কানাড়া অভিনেত্ৰী চেতনা ৰাজৰো ২১ বছৰ বয়সত মৃত্যু হয় ৷ তেওঁৰ মৃত্যুৰ কাৰণো আছিল লিপ’ছাকশ্যন অস্ত্ৰোপচাৰ ৷ একেদৰে ২০২৩ চনৰ নৱেম্বৰ মাহত ব্ৰাজিলৰ এগৰাকী অভিনেত্ৰী লুয়ানা আন্দ্ৰেডৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছিল ৷ য’ত প্ৰকাশ পাইছিল যে অস্ত্ৰোপচাৰৰ সময়ত তেওঁৰ হাৰ্ট এটেক হৈছিল ৷

লগতে পঢ়ক: যোনিৰ ৰক্তক্ষৰণ হ’ব পাৰে ডিম্বাশয়ৰ চিষ্টৰ লক্ষণ ! শৰীৰত এই লক্ষণ দেখিলে হৈ যাওক সাৱধান

Last Updated : January 29, 2024 at 2:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.