ETV Bharat / health

পঞ্চকৰ্ম থেৰাপীৰ কেনেধৰণৰ লাভ হ'ব পাৰে ? কেনেদৰে কৰা হয় এই থেৰাপী

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 1:59 PM IST

Panchakarma Therapy: আয়ুৰ্বেদত পঞ্চকৰ্ম থেৰাপী কি ? পঞ্চকৰ্মত মূলত কি কি পদ্ধতিত চিকিৎসা কৰা হয় ? পঞ্চকৰ্ম থেৰাপী পৰা কি কি লাভালাভ হ'ব পাৰে? ঋতু অনুযায়ী কি কি চিকিৎসা কৰা হয় এই সম্পৰ্কে জনালে আয়ুৰ্বেদ তথা পঞ্চকৰ্ম বিশেষজ্ঞ ডাঃ জয়ন্ত শৰ্মাই ৷

Panchakarma therapy
পঞ্চকৰ্ম থেৰাপীৰ কেনেধৰণৰ লাভ হ'ব পাৰে ? কেনেদৰে কৰা হয় এই থেৰাপী
আয়ুৰ্বেদ তথা পঞ্চকৰ্ম বিশেষজ্ঞ ডাঃ জয়ন্ত শৰ্মা

গুৱাহাটী, 8 ফেব্ৰুৱাৰী: পঞ্চকৰ্ম থেৰাপী হৈছে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ অন্যতম চিকিৎসা ৷ সাধাৰণতে পঞ্চকৰ্ম পদ্ধতিয়ে ৰোগ প্ৰতিৰোধ আৰু ৰোগৰ পৰা উপশম দিয়াত যথেষ্ট সহায় কৰে ৷

পঞ্চকৰ্ম বা শোধন চিকিৎসা পদ্ধতিৰ দ্বাৰা আমি সম্পূৰ্ণৰূপে শৰীৰত ব্যাধি সৃষ্টি কৰিব পৰা যেনে- বাত, পিত্ত আৰু কফৰ যিবোৰ বিকৃতিৰ বৃদ্ধি বা অস্বাভাৱিক হ'ব পাৰে লগতেই ৰোগ সৃষ্টিৰ কাৰকখিনিক সম্পূৰ্ণৰূপে শৰীৰৰ পৰা উলিয়াই পঠিয়াব পৰা যায় ৷ মূলত পঞ্চকৰ্ম পদ্ধতিৰে শৰীৰত থকা অপ্ৰয়োজনীয় পদাৰ্থ বাহিৰ কৰি দিয়া হয় ৷

পঞ্চকৰ্মত হৈছে বমন, বিৰেচন, অভ্যাংগম, শিৰোধাৰা, ছেদন, ৱস্তি, ৰক্তমোক্ষ আদি পদ্ধতিৰে ৰোগী এগৰাকী চিকিৎসা কৰা হয় ৷ লগতেই এই পদ্ধতি কেইটাৰ বহু উপক্ৰমো আছে ৷ ৰোগী গৰাকীক ভালদৰে পৰীক্ষা কৰাৰ পিছত কোনবিধ চিকিৎসা পদ্ধতি কিমান দিন ব্যৱহাৰ কৰিব লাগিব সেয়া নিৰ্ধাৰণ কৰা হয় ৷ অৰ্থাৎ আয়ুৰ্বেদত ৰোগী ভেদে এই চিকিৎসাও ভিন্ন হয় ৷

বৰ্তমান সময়ত খুব সঘনাই শুনা যায়- কঁকালৰ বিষ, তথা আঁঠুৰ বিষ আদি ৷ এই বিষৰ পৰা উপশম পাবলৈ পঞ্চকৰ্মত চিকিৎসা পদ্ধতিৰ উপযোগী চিকিৎসা হ’ল ‘বস্তি’ ৷ এইক্ষেত্ৰত বিষ হোৱা নিৰ্দিষ্ট ঠাইডোখৰত ঔষধি দ্ৰব্যৰ প্ৰয়োগেৰে উষ্ণ বা হিট থেৰাপী দিয়া হয় ৷ যিয়ে নিৰ্দিষ্ট অংশৰ ৰক্তবাহিনী, মাংসপেশী তথা হাড়ক পুষ্টি প্ৰদান কৰে ৷

পঞ্চকৰ্ম চিকিৎসা পদ্ধতিৰ দ্বাৰা এগৰাকী ৰোগীৰ যিহেতু বাত, পিত্ত আৰু কফৰ চিকিৎসা কৰা হয় ৷ ঋতু অনুসৰিও এই চিকিৎসা কৰা হয় ৷ যেনে বাতৰ বাবে ৰোগী গৰাকীৰ বস্তিৰ চিকিৎসা কৰা হয় ৷ আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি এই চিকিৎসা বৰ্ষা কালত কৰিব লাগে ৷ 'কফ' ৰ বাবে চিকিৎসা পদ্ধতি হৈছে 'বমন' ৷ এই চিকিৎসা বসন্ত কালত কৰা হয় ৷ পিত্তৰ বাবে শৰৎ কালত কৰা হয় ৷

লগতে পঢ়ক: বৃদ্ধি হ’ব তেজত হিম’গ্লবিনৰ মাত্ৰা; কেৱল গ্ৰহণ কৰক এই ৭ বিধ খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.