ETV Bharat / health

শিশুৰ স্বাস্থ্যৰ বিকাশৰ ক্ষেত্ৰত নাৰিকল তেল কিমান উপযোগী ?

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 8:26 PM IST

Coconut oil benefits for kids: স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শিশুৰ বাবে নাৰিকল তেল খুব উপকাৰী ৷ শিশুক নাৰিকল তেলৰে মালিচ কৰাৰ লাভালাভ সমূহৰ বিষয়ে আজি জানো আহক-

What is the benefit of coconut oil for kids?
শিশুৰ স্বাস্থ্যৰ বিকাশৰ ক্ষেত্ৰত নাৰিকল তেল কিমান উপযোগী ?

নৱজাতকৰ ছাল অতি সংবেদনশীল ৷ যাৰ বাবে তেওঁলোকক অধিক যত্নৰ প্ৰয়োজন ৷ যত্নত অলপ অৱহেলা হ'লেই শিশুৰ ছালত বিভিন্ন সংক্ৰমণে দেখা দিয়ে ৷এই ক্ষেত্ৰত নতুনকৈ মাতৃত্ব আহৰণ কৰাসকলে তেওঁলোকৰ ছালত কি তেল ব্যৱহাৰ কৰিব লাগে, তাকে লৈ বিভ্ৰান্তিত পৰে ৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শিশুৰ বাবে নাৰিকল তেল খুব উপকাৰী ৷ শিশুক নাৰিকল তেলৰে মালিচ কৰাৰ লাভালাভ সমূহৰ বিষয়ে আজি জানো আহক-

ছাল নিমজ হয়

নৱজাতকৰ ছাল অতি খুবেই কোমল ৷আন তেলৰ তুলনাত নাৰিকল তেলে তেওঁলোকৰ ছালখন আৰ্দ্ৰ কৰাত সহায় কৰে ৷ এই তেলেৰে শিশুকক মালিচ কৰিলে তেওঁলোকৰ ছাল কোমল আৰু হাইড্ৰেটেড হৈ থাকে ৷

মগজুৰ বিকাশ

নাৰিকল তেলৰে শিশুৰ মূৰ মালিচ কৰিলে তেওঁলোকৰ মন-মগজু তীক্ষ্ণ হয় ৷ নাৰিকল তেলক মজলীয়া শৃংখল ট্ৰাইগ্লিচাৰাইডৰ সৰ্বশ্ৰেষ্ঠ উৎস বুলি গণ্য কৰা হয় ৷সেয়েহে, এই তেলৰে মালিচ কৰিলে শিশুৰ মগজুয়ে ভালদৰে কাম কৰে ৷

ওজন বৃদ্ধিত সহায়ক

শিশুক নিয়মীয়াকৈ এই তেলৰে মালিচ কৰিলে, ই সিহঁতৰ ওজন বৃদ্ধিতো যথেষ্ট সহায় কৰে ৷

ডায়েপাৰ ৰেছৰ পৰা পাব পৰিত্ৰাণ

একেৰাহে ডায়েপাৰ পিন্ধাৰ ফলত শিশুৰ ছাল ৰঙা পৰে ৷ ইয়াৰ পৰা বাচি থাকিবলৈ আপুনি নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াত এণ্টিমাইক্ৰোবাইল আৰু এণ্টিফাংগাল গুণ আছে, যিয়ে 'ডায়েপাৰ ৰেচ' হ্ৰাস কৰাত সহায় কৰে ৷

চুলিও হয় শক্তিশালী

নৱজাতকৰ চুলিৰ উন্নত বিকাশৰ বাবেও আপুনি নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াত পোৱা গুণাগুণবোৰে চুলি শক্তিশালী কৰাত সহায় কৰে ৷

এলাৰ্জিৰ পৰা পাব সকাহ

শিশুৰ ছাল অতি সংবেদনশীল ৷ যাৰ বাবে তেওঁলোকৰ ছালত সংক্ৰমণ হোৱাৰ এশ শতাংশই আশংকা থাকে ৷ যদি শিশুৰ ছালত কোনো ধৰণৰ এলাৰ্জি বা একজিমা থাকে, তেতিয়া আপুনি নাৰিকল তেলৰে তেওঁলোকৰ ছাল মালিচ কৰিব পাৰে ৷ ই শিশুৰ ছালৰ খজুৱতি আৰু ৰঙা পৰা সমস্যাও নাইকিয়া কৰে ৷

লগতে পঢ়ক: ঠাণ্ডাৰ দিনতো হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ ৬টা সহজ পদ্ধতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.