ETV Bharat / health

ঠাণ্ডাৰ দিনতো হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ ৬টা সহজ পদ্ধতি

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 12:21 PM IST

How can you keep your heart healthy and prevent a heart attack? 6 easy steps for keeping your heart healthy
ঠাণ্ডাৰ দিনতো হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ ৬টা সহজ পদ্ধতি

Heart attack: সমগ্ৰ বিশ্বতে হাৰ্ট এটেকৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে । চিকিৎসা বিশেষজ্ঞসকলে দাবী কৰিছে যে শীতকালত মানুহৰ হৃদৰোগৰ আশংকা বেছি ।

সমগ্ৰ বিশ্বতে হাৰ্ট এটেকৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ চিকিৎসা বিশেষজ্ঞসকলেও দাবী কৰিছে যে, শীতকালত মানুহৰ হৃদৰোগৰ আশংকা বেছি হয়৷ শীতকালত হাৰ্ট এটেকৰ ৰোগী বৃদ্ধি হোৱাৰ বহু কাৰণ থাকিব পাৰে, কিন্তু জীৱনশৈলীৰ কিছুমান টিপছ মানি চলাটোৱে আপোনাৰ বিপদ হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷

পৰিসংখ্যা অনুসৰি শীতকালত হাৰ্ট এটেকৰ ৰোগী ৩০% বৃদ্ধি পায় ৷ কিয় এনেকুৱা হয় আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক-

ঠাণ্ডাত অধিক হাৰ্ট এটেক হোৱাৰ কাৰণ

ঠাণ্ডাত শিৰাবোৰ সৰু হৈ যায়

ঠাণ্ডা বতৰত শৰীৰৰ উষ্ণতা বজাই ৰাখিবলৈ শিৰাবোৰ সংকুচিত হয় ৷ ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু হৃদযন্ত্ৰই অধিক কষ্ট কৰিবলগীয়া হয়, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায় ৷

তেজ জমা হোৱাৰ আশংকা

ঠাণ্ডাত শৰীৰত জমা হোৱাৰ প্ৰক্ৰিয়া দ্ৰুত হয় ৷ তেজ জমা হ’লে শিৰাবোৰ বন্ধ হৈ যাব পাৰে, যাৰ ফলত হৃদযন্ত্ৰৰ তেজ নোপোৱা হয় আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায় ৷

শাৰীৰিক কাৰ্যকলাপ কম হয়

ঠাণ্ডাৰ বাবে মানুহে প্ৰায়ে ঘৰৰ ভিতৰতে থাকিবলৈ পছন্দ কৰে, যাৰ ফলত শাৰীৰিক ক্ৰিয়া-কলাপ কমি যায় ৷ শাৰীৰিক ক্ৰিয়া-কলাপ নকৰাটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে ৷

বায়ু প্ৰদূষণৰ প্ৰভাৱ

শীতকালত বায়ুত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত হাওঁফাওঁৰ ক্ষতি হয় আৰু লগতে হৃদযন্ত্ৰৰ ওপৰতো বেয়া প্ৰভাৱ পৰে ৷ প্ৰদূষণৰ বাবে প্ৰদাহ বাঢ়ি যায় আৰু ৰক্তচাপ বৃদ্ধি পায়, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায় ৷

ফ্লু আৰু ভাইৰাছৰ সংক্ৰমণ

শীতকালত ফ্লু আৰু ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা অধিক ৷ এই সংক্ৰমণে শৰীৰত প্ৰদাহ বৃদ্ধি কৰে আৰু হৃদযন্ত্ৰত হেঁচা প্ৰয়োগ কৰে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায় ৷

অস্বাস্থ্যকৰ খাদ্যাভ্যাস

শীতকালত মানুহে প্ৰায়ে ভজা খাদ্য আৰু মিঠা খাদ্য বেছিকৈ খায়, যাৰ ফলত কলেষ্টেৰল বৃদ্ধি পায় আৰু এয়া হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতিকৈ ক্ষতিকাৰক ৷

প্ৰতিৰোধমূলক ব্যৱস্থা

  • ঠাণ্ডা বতৰতো লঘু ব্যায়াম কৰক ৷ দ্ৰুত খোজ কঢ়া, চিৰি উঠা-নমা, ঘৰতে যোগাসন কৰা আদি ব্যায়ামে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে ৷
  • চৰ্বিযুক্ত আৰু মিঠা বস্তুৰ সেৱন কমাই খাদ্যত ফল-মূল, শাক-পাচলি আৰু গোটা শস্য অন্তৰ্ভুক্ত কৰক ৷
  • ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ গৰম কাপোৰ পিন্ধক আৰু শৰীৰৰ উষ্ণতা বজাই ৰাখিব লাগে ৷
  • নিয়মিতভাৱে চিকিৎসকৰ ওচৰত নিজকে পৰীক্ষা কৰি সময়মতে ঔষধ গ্ৰহণ কৰক ৷
  • ধূমপান হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক সেয়ে তৎক্ষণাত ইয়াক ত্যাগ কৰক ৷
  • মানসিক চাপেও হৃদযন্ত্ৰৰ ওপৰত বেয়া প্ৰভাৱ পেলায়৷ মানসিক চাপ কম কৰিবলৈ যোগাসন, ধ্যান বা দীঘল উশাহ-নিশাহৰ ব্যায়াম কৰক ৷

লগতে পঢ়ক: কিৱি খোৱাৰ এই অনন্য স্বাস্থ্য উপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.