ETV Bharat / health

শীতকাল শেষ হোৱালৈকে দৈনিক খাওক বিট আৰু পাওক অনেক উপকাৰিতা

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 12:12 PM IST

Beetroot Benefits: শীতকালত আমি বহু ধৰণৰ ৰোগ আৰু সমস্যাৰ আশংকাত ভুগিবলগীয়া হয়, এনে পৰিস্থিতিত আমি বিট গ্ৰহণ কৰি বহু সমস্যাৰ পৰা হাত সাৰিব পাৰো ।

What happens when you eat beetroots daily?
শীতকাল শেষ হোৱালৈকে দৈনিক খাওক বিট আৰু পাওক অনেক উপকাৰিতা

শীতকালত শাক-পাচলিৰ বজাৰলৈ গ’লে দেখিব যে তাত বিট যথেষ্ট পৰিমাণে পোৱা যায় ৷ এইবিধ পাচলি চাবলৈ আৰু খাবলৈ যিমান ধুনীয়া সিমানেই স্বাস্থ্যৰ বাবেও সমানেই উপকাৰী বুলি গণ্য কৰা হয় ৷ মাটিৰ তলত হোৱা এই পাচলিবিধত পুষ্টিকৰ উপাদানৰ অভাৱ নাই, ইয়াত কাৰ্বহাইড্ৰেট, প্ৰ’টিন, চৰ্বি আৰু খাদ্য আঁহ, ভিটামিন C, ভিটামিন B6, ৰাইবোফ্লেভিন আৰু থাইয়ামিন থাকে ৷ জানো আহক বিট খোৱাৰ অন্য উপকাৰিতাসমূহ-

বিট খোৱাৰ উপকাৰিতা

১/ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে

শীতকালত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যত্ন ল’বলৈ বিট খাব লাগিব, ইয়াত ভিটামিন চি, আঁহ আৰু ফ’লেট থাকে, যিবোৰ হৃদৰোগ স্বাস্থ্যৰ বাবে উপকাৰী ৷ লগতে ইয়াত থকা নাইট্ৰেটে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কম হয় ৷

২/ ওজন কমোৱাত সহায়ক

বিটত কম কেলৰি আৰু ভাল পৰিমাণৰ আঁহ থাকে, যিয়ে ওজন কমোৱাত সহায় কৰে ৷ ইয়াক নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰৰ সঠিক ওজন বজাই ৰখা আৰু চৰ্বি কমোৱাটো সহজ হৈ পৰে ৷ গতিকে মেদবহুলতাক দূৰ কৰিবলৈ আমি বিট খোৱা উচিত ৷

৩/ শৰীৰৰ বিষমুক্ত হ’ব

বিটত থকা আঁহ আৰু এন্টিঅক্সিডেন্টে শৰীৰক ভিতৰৰ পৰা পৰিষ্কাৰ কৰাত সহায় কৰে ৷ ই বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায়ক আৰু পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে ৷ গতিকে শৰীৰৰ বিষমুক্ত কৰিবলৈ এই খাদ্য গ্ৰহণ কৰিব লাগে ৷

৪/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব

বিটত ভাল পৰিমাণৰ ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে ৷ ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ বিশেষকৈ ঠাণ্ডা আৰু পৰিৱৰ্তিত বতৰত উন্নত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰয়োজন হয়, যাতে ৰোগৰ পৰা হাত সাৰিব পাৰি ৷

লগতে পঢ়ক: শিশুসকলৰ ক্ষেত্ৰত কেনেকৈ ধৰা পেলাব এজমা ৰোগ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.