ETV Bharat / health

শিশুসকলৰ ক্ষেত্ৰত কেনেকৈ ধৰা পেলাব এজমা ৰোগ ?

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 7:11 PM IST

Asthma in Children: প্ৰায় সংখ্যক শিশুৰ ক্ষেত্ৰত দেখা দিয়া এজমা বা হাঁপানী ৰোগৰ লক্ষণ তথা এজমাত ইনহেলাৰ বা পাম্প ব্যৱহাৰ কৰাটো কিমান আৱশ্যক এই সম্পৰ্কে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ য়াচিন আলীয়ে ৷

asthma in children
শিশুসকলৰ ক্ষেত্ৰত কেনেকৈ ধৰা পেলাব এজমা ৰোগ ?
শিশুৰোগ বিশেষজ্ঞ ডাঃ য়াচিন আলী

গুৱাহাটী, 30 জানুৱাৰী: চিকিৎসকৰ মতে এজমা এক প্ৰকাৰৰ এলাৰ্জী ৷ হাঁপানী ৰোগ বৃদ্ধি কৰা কাৰকসমূহৰ ভিতৰত ভাইৰাছৰ সংক্ৰমণ, ধোঁৱা, সুগন্ধি, ছাই আৰু ধূলিৰ কণা আদি অন্যতম । মানৱ দেহৰ শ্বাসনলী আৰু হাওঁফাওঁৰ এক প্ৰকাৰৰ ৰোগ, যাক শ্বাস কষ্ট বা হাঁপানী বুলিও কোৱা হয় ৷ বয়োজ্যেষ্ঠ সকলত কৈ শিশুসকলৰ এই ৰোগৰ প্ৰৱণতা বেছি ৷ যিসকল শিশুৰ এজমাৰ প্ৰৱণতা থাকে তেওঁলোক ধূলি-বালি, ধোঁৱা, ঠাণ্ডা বতাহ আদি ভিতৰত যোৱা ফলত স্বাসনলী সংকুচিত হৈ যায় ৷ এজমা এবিধ বংশগত ৰোগ ৷ কিন্তু এই ৰোগ এজন ব্যক্তিৰ দেহৰ পৰা আন এজন ব্যক্তিৰ দেহত সংক্ৰমণ নহয় ৷ শিশু সকলৰ এজমা হোৱাৰ প্ৰৱণতা ৬ মাহৰ পিছৰে পৰা আৰম্ভ হৈ যায় ৷ জানো আহক এই সন্দৰ্ভত চিকিৎসক ডাঃ য়াচিন আলী কি কয়-

লক্ষণসমূহ কি কি ?

১) শিশুটি শুকান কাঁহ হোৱা এটা এজমাৰ লক্ষণ ৷ বিশেষকৈ ৰাতি কাঁহ বেছি হয় ৷ যাৰ ফলত স্বাসনলী কোচ খায় ৷

২) বুকুত শব্দ হোৱা

৩) উশাহ লোৱাত কষ্ট হোৱা

৪) কেতিয়াবা উশাহ ঘূৰাই অনাত অসুবিধা হয়

এইসমূহ লক্ষণ দেখা দিলেই অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি আৱশ্যক

এজমাত ইনহেলাৰ বা পাম্প ব্যৱহাৰ কৰাটো কিমান আৱশ্যক

এজমা হ’লে ৰোগী গৰাকীক চিকিৎসকে পাম্প বা ইনহেলাৰ ব্যৱহাৰ কৰিব দিয়া দেখা যায় ৷ এই পাম্প ব্যৱহাৰৰ ফলত ৰোগী গৰাকীয়ে তাৎক্ষণিকভাৱে সকাহ লাভ কৰে ৷ বহুলোকে ভাবে যে এবাৰ পাম্প ব্যৱহাৰ কৰিলে বাৰে বাৰে কৰি থাকিব লাগিব বা পাম্প ব্যৱহাৰ কৰাটো ভাল নহয়, কিন্তু এই ধাৰণা সম্পূৰ্ণ ভ্ৰান্ত ৷ যেতিয়া শিশু এটিৰ দেহত এজমা ধৰা পৰে তেতিয়া প্ৰাথমিক চিকিৎসা হিচাপে প্ৰথমে তিনি মাহৰ বাবে ঔষধ দিব লাগে ৷ ঔষধ সমূহ মিলিগ্ৰাম হিচাপত থাকে, কিন্তু পাম্পত মাইক'গ্ৰাম হিচাপত থাকে সেয়ে পাম্প বা ইনহেলাৰ ব্যৱহাৰ কৰাটো বেছি ভাল ৷ ইনহেলাৰ ব্যৱহাৰৰো কিছু নিয়ম থাকে ৷ সেয়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ইনহেলাৰ ব্যৱহাৰ কৰিব লাগে ৷

লগতে পঢ়ক: টেটু কৰি চেপ্চিছ ৰোগত এজন লোকৰ মৃত্যু; জানি লওক কি হয় এই চেপ্চিছ ৰোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.