ETV Bharat / health

টেটু কৰি চেপ্চিছ ৰোগত এজন লোকৰ মৃত্যু; জানি লওক কি হয় এই চেপ্চিছ ৰোগ

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 1:45 PM IST

Sepsis: বৰ্তমান সময়ত এনে বহুলোক আছে যাৰ শৰীৰৰ অংগত টেটু কৰা দেখা যায় ৷ যদিও ইয়াত কোনো সন্দেহ নাই যে ই দেখাতো ভাল দেখাব ৷ কিন্তু আপুনি জানেনে যে এই সময়ত আপোনাৰ অলপ অসাৱধানতাই আপোনাৰ প্ৰাণো কাঢ়িব পাৰে ৷ হয়, শেহতীয়াকৈ এজন ব্যক্তিয়ে টেটু কৰি চেপ্চিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ৷ গতিকে ইয়াৰ বিষয়ে অধিক জানো আহক-

Man Dies Of Sepsis After Getting A Tattoo; Precautions To Take Before Getting Inked
টেটু কৰি চেপ্চিছ ৰোগত এজন লোকৰ মৃত্যু; জানি লওক কি হয় এই চেপ্চিছ ৰোগ

আজিৰ সময়ত যুৱক-যুৱতী আৰু বয়োজ্যেষ্ঠ উভয়ে নিজকে ট্ৰেণ্ডি আৰু ফেশ্বনেবল দেখুৱাবলৈ বহুতো নতুন নতুন বস্তু গ্ৰহণ কৰিছে ৷ ইয়াৰে আটাইতকৈ এটি সাধাৰণ ট্ৰেণ্ড হ’ল শৰীৰত টেটু কৰা ৷ বৰ্তমান সময়ত এনে বহুলোক আছে যাৰ শৰীৰৰ অংগত টেটু কৰা দেখা যায়৷ যদিও ইয়াত কোনো সন্দেহ নাই যে ই দেখাতো ভাল দেখাব ৷ কিন্তু আপুনি জানেনে যে এই সময়ত আপোনাৰ অলপ অসাৱধানতাই আপোনাৰ প্ৰাণো কাঢ়িব পাৰে ৷ হয়, শেহতীয়াকৈ এজন ব্যক্তিয়ে টেটু কৰি চেপ্চিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ৷ টিছছাইডৰ মিডলছব্ৰাৰ বেন লেৰী (৩২) নামৰ এজন লোকে অনুজ্ঞাপত্ৰবিহীন এগৰাকী টেটু আৰ্টিষ্টৰ পৰা টেটু কৰাৰ পিছত এই সংক্ৰমণত আক্ৰান্ত হয় ৷ চেপ্চিছ হৈছে এনে এক গুৰুতৰ সংক্ৰমণ, য’ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই কোনো সংক্ৰমণৰ প্ৰতি অতিমাত্ৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ এই বিক্ৰিয়াৰ ফলত শৰীৰৰ অংগ আৰু কলাসমূহৰ গুৰুতৰ ক্ষতি হয় ৷ ইয়াৰ বিষয়ে অধিক জানো আহক-

চেপ্চিছ কি ?

আপুনি হয়তো চেপ্চিছৰ কথা শুনিছে ৷ এয়া এক প্ৰকাৰৰ তেজৰ সংক্ৰমণ ৷ যেতিয়া সংক্ৰমণ হয় তেতিয়া ৰোগ প্ৰতিৰোধ ক্ষমতাই সংক্ৰমণৰ বিৰুদ্ধে বেয়া প্ৰতিক্ৰিয়া কৰে ৷ ইয়াৰ কাৰণে শৰীৰত বিষ আৰু ফুলাৰ সমস্যা বাঢ়ি যায় ৷ চেপ্চিছ সংক্ৰমণৰ ফলত কলাৰ ক্ষতি, অংগ বিকলতা আনকি মৃত্যুও হ’ব পাৰে ৷ লগতে যদি ইতিমধ্যে শৰীৰত সংক্ৰমণ হৈছে তেন্তে চেপ্চিছৰ সমস্যা বাঢ়িব পাৰে ৷

চেপ্চিছৰ লক্ষণসমূহ কি কি ?

চেপ্চিছে যিকোনো ব্যক্তিৰ ওপৰত ক্ষতি কৰিব পাৰে ৷ চিকিৎসকৰ মতে, গৰ্ভৱতী মহিলা, বৃদ্ধ বা যুৱক বা আন গুৰুতৰ ৰোগত আক্ৰান্ত লোকৰ ক্ষেত্ৰতো এনে হ’ব পাৰে৷ চেপ্চিছৰ লক্ষণসমূহ হ’ল-

  • নিম্ন ৰক্তচাপ
  • উষ্ণ ছাল
  • ভ্ৰম
  • ঠাণ্ডা অনুভৱ কৰা
  • শৰীৰৰ তাপমাত্ৰা কম হোৱা
  • জ্বৰ
  • জোৰকৈ হৃদস্পন্দন হোৱা
  • স্পটি ছাল
  • ফোঁহা ওলোৱা
  • উশাহ চুটি হোৱা
  • প্ৰস্ৰাৱৰ সমস্যা

টেটু কৰাৰ সময়ত ল’বলগীয়া সাৱধানতা-

টেটু কৰাটো এটা বেদনাদায়ক প্ৰক্ৰিয়া বুলি গণ্য কৰা হয় যদিও চিকিৎসকে কয় যে, টেটু কৰাৰ আগতে কিছু সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ ফলত গুৰুতৰ তেজৰ সংক্ৰমণ, চেপ্চিছ বা আনকি এইচ আই ভি/এইডছৰ আশংকাও বৃদ্ধি পাব পাৰে ৷ টেটু হ’ল ছালৰ ওপৰৰ তৰপত বিন্ধি থকা ৰঞ্জক পদাৰ্থ সুমুৱাই ছালত সৃষ্টি কৰা ডিজাইন ৷ এই কাম কৰিবলৈ এজন টেটু শিল্পীয়ে চিলাই মেচিনৰ দৰে হাতেৰে চলোৱা এটি মেচিন ব্যৱহাৰ কৰে, য’ত এটা বা ততোধিক চিয়াঁহীৰে ভৰা বেজীৰে বাৰে বাৰে ছালত খুচি টেটু ডিজাইন কৰা হয় ৷ এই প্ৰক্ৰিয়াৰ ফলত ৰক্তক্ষৰণ আৰু কিছু বিষ হয় ৷ চিকিৎসকৰ মতে টেটু বনোৱাৰ ফলত তলত দিয়া জটিলতাসমূহে দেখা দিব পাৰে-

  • ছালৰ সংক্ৰমণ
  • এলাৰ্জী
  • ছালৰ প্ৰদাহ
  • এম আৰ আইৰ সময়ত ফুলা বা বিষ হোৱা
  • তেজৰ সংক্ৰমণ, হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি

টেটু কৰাৰ আগতে তলত দিয়া সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ:

  • টেটু কৰাৰ বাবে নতুন বেজীহে ব্যৱহাৰ কৰিব লাগে
  • শিল্পীয়ে উপযুক্ত সঁজুলি ব্যৱহাৰ কৰিছে নে নাই পৰীক্ষা কৰা
  • সঁজুলিবোৰ ভালদৰে বীজাণুমুক্ত কৰাটো নিশ্চিত কৰা
  • শিল্পীয়ে সঠিকভাৱে গ্ল’ভছ পিন্ধিছে নে নাই সেয়া নিশ্চিত কৰক

লগতে পঢ়ক: চিকিৎসকৰ মতে মহিলাসকলৰ PCODৰ সমস্যাৰ কাৰণ কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.