ETV Bharat / health

চিকিৎসকৰ মতে মহিলাসকলৰ PCODৰ সমস্যাৰ কাৰণ কি ?

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 7:41 PM IST

PCOD: বৰ্তমান সময়ত বহু মহিলাই সন্মুখীন হোৱা এটা সমস্যা হৈছে PCODৰ সমস্যা । PCOD ৰ লক্ষণ সমূহ কি কি ? কিয় এই সমস্যাৰ সৃষ্টি হয় ? এই সম্পৰ্কে জনালে স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ পংকজ ডেকাই ।

PCOD problem in females
চিকিৎসকৰ মতে মহিলাসকলৰ PCODৰ সমস্যাৰ কাৰণ কি ?

স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ পংকজ ডেকা

গুৱাহাটী, 29 জানুৱাৰী: বৰ্তমান সময়ত বহু মহিলাই সন্মুখীন হোৱা এটা সমস্যা হৈছে PCOD ৰ সমস্যা ৷ কিন্তু কিয় এই সমস্যাৰ সৃষ্টি হয় ? ইয়াৰ পৰা মুক্তিলাভ কৰাৰ কিবা উপায় আছেনে ? এই সম্পৰ্কে ইটিভি ভাৰতৰ সৈতে হোৱা এক সাখ্যাতকাৰত এনেদৰে জনালে স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ পংকজ ডেকাই ৷

PCOD কি?

বৰ্তমান সময়ত মহিলাসকলৰ ক্ষেত্ৰত হোৱা এক সমস্যা হৈ হৈছে PCOD অৰ্থাৎ Polycystic Ovarian Disease ৷ মহিলাসকলৰ গৰ্ভস্থলীৰ ওচৰত থকা ডিম্বাণুত কিছু চিষ্ট অৰ্থাৎ সৰু সৰু টেমুনাৰ দৰে হয় ৷ বৰ্তমান সময়ত বহু মহিলাই এই অসুবিধাৰ সন্মুখীন হোৱা দেখা যায় ৷ চিকিৎসক সকলৰ মতে প্ৰতি ১০ গৰাকীৰ ভিতৰ ৩ গৰাকী মহিলাই এই ৰোগ বা এই সমস্যাত ভুগা দেখা যায় ৷ এই ৰোগৰ কোনো বয়সৰ সময়সীমা নাই ৷ ১০ বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি প্ৰাপ্ত বয়স্ক জনলৈ এই ৰোগত আক্রান্ত হোৱা দেখা যায় ৷ বৰ্তমান সময়ত ২০-৩৩ শতাংশ কম বয়সীয়া মহিলাই এই সমস্যাৰ ভুক্তভোগী ৷ বিয়াৰ পাচত এনে মহিলা সন্তানহীনতাৰ সমস্যাতো ভোগা দেখা যায় ৷

PCOD ৰ কাৰণ কি?

PCODৰ প্ৰধান কাৰণ বুলি কবলৈ গ'লে হৰমনৰ ভাৰসাম্যহীনতাৰ বাবে এই অসুবিধাৰ সন্মুখীন হয় ৷ আত্যধিক ওজন বৃদ্ধিৰ ফলত হৰমনৰ ভাৰসাম্য হয় ৷যাৰ বাবে এনে মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ কম পৰিমাণৰ বা অনিয়মীয়া বা বন্ধ হোৱা দেখা যায় ৷ খাদ্যৰ বাবেও এই সমস্যাৰ সৃষ্টি হ'ব পাৰে ৷

PCODৰ লক্ষণ সমূহ কি কি ?

১) মাহেকীয়াৰ অনিয়ম PCODৰ এটা প্ৰধান লক্ষণ ৷

২) মাহেকীয়া হ’লে তলপেটত বিষ অনুভৱ হ'ব পাৰে ৷

৩) মেদবহুলতা আন এক লক্ষণ ৷ ৯০% শতাংশ PCODত আক্ৰান্ত মহিলা মেদবহুলতাৰ বাবেই এই সমস্যা হোৱা দেখা যায় ৷

৪) মুখত শালমইনা ওলাব পাৰে, পুৰুষৰ দৰে নোম গজিব পাৰে ৷

PCODৰ চিকিৎসা কি ?

PCODৰ চিকিৎসা বুলি ক'বলৈ গ'লে বহুতে ঘৰুৱা বা আয়ুৰ্বেদিক চিকিৎসা কৰাও দেখা যায় ৷ কিন্তু চিকিৎসাৰ মতে PCOD ৰ পৰা পৰিত্ৰাণৰ এটা গুৰুত্বপূৰ্ণ উপায় হৈছে ওজন হ্ৰাস কৰা ৷ মহিলা গৰকীৰ ওজন যদি ৫-১০% কমাব পৰা যায় তেতিয়া এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব ৷

লগতে পঢ়ক: যোনিৰ ৰক্তক্ষৰণ হ’ব পাৰে ডিম্বাশয়ৰ চিষ্টৰ লক্ষণ ! শৰীৰত এই লক্ষণ দেখিলে হৈ যাওক সাৱধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.