সম্পৰ্কত থকাৰ পিছতো নিসংগতাৰ সৈতে যুঁজি আছে ? কেনেকৈ কৰিব মোকাবিলা
Relationship Tips: সম্পৰ্কত থকাৰ পিছতো একাংশ লোকে নিসংগতাৰ সৈতে যুঁজি থাকে । এই পৰিস্থিতিয়ে তেওঁলোকক মানসিকভাৱে অসুস্থ কৰি তুলিব পাৰে । যদি আপুনিও এনে পৰিস্থিতিৰ সৈতে যুঁজি আছে আৰু ইয়াৰ পৰা হাত সৰাৰ কোনো উপায় বিচাৰি পোৱা নাই, তেন্তে প্ৰথমে ইয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰক আৰু তাৰ পিছত ইয়াৰ সৈতে মোকাবিলা কৰাৰ উপায়ৰ ওপৰত মনোনিৱেশ কৰক ।

Published : January 30, 2024 at 11:42 AM IST
অবিবাহিত আৰু অকলশৰীয়া হোৱাটো দুটা বেলেগ কথা ৷ কোনো প্ৰেমৰ সম্পৰ্কত নথকাটো আপোনাৰ পছন্দ হ’ব পাৰে, কিন্তু কেতিয়াবা নিসংগতাৰ আঁৰত কিছুমান বাধ্যবাধকতাও লুকাই থাকিব পাৰে ৷ বহু সময়ত মানুহ সম্পৰ্কত থাকিও অকলশৰীয়া হৈ থাকে ৷ নিসংগতাই আপোনাক মানসিকভাৱে অসুস্থ কৰি তুলিব পাৰে ৷ সংগীৰ সৈতে আৱেগিক বন্ধনৰ অভাৱ হ’লে আপুনি এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় ৷ ইয়াৰ উপৰিও যোগাযোগৰ অভাৱ, বিশ্বাস, পচন্দৰ পাৰ্থক্য আৰু কৰ্ম ব্যস্ততাও ইয়াৰ আন কাৰণ হ’ব পাৰে, গতিকে প্ৰথমে আপোনাৰ সম্পৰ্কত এই নিসংগতাৰ কাৰণ জানিবলৈ চেষ্টা কৰক আৰু তাৰ পিছত ইয়াৰ সৈতে মোকাবিলা কৰাৰ উপায়ৰ ওপৰত গুৰুত্ব দিয়ক ৷ সেয়ে আজি আমি এই আমি এই প্ৰতিবেদনৰ জৰিয়তে নিসংগতাৰ সৈতে কেনেকৈ মোকাবিলা কৰিব পাৰি তাৰ উপায় জনাবলৈ ওলাইছো-
বিৰতি লওক
যদি আপুনি আপোনাৰ সম্পৰ্কত দীৰ্ঘদিন ধৰি অকলশৰীয়া অনুভৱ কৰি আহিছে, তেন্তে কিছু সময়ৰ বাবে বিৰতি লওক ৷ বিশ্বাস কৰক, এয়া আপোনাৰ বাবে অতি লাভদায়ক হ’ব ৷ ঘৰত বহি দুখী হোৱাৰ পৰিৱৰ্তে বিৰতি লওক, ভ্ৰমণৰ পৰিকল্পনা কৰক, পুৰণি বন্ধু-বান্ধৱীক লগ কৰক বা কোনো কামত নিজকে নিয়োজিত কৰক যাতে আপোনাৰ মনটো ভাল লাগে ৷ এই চুটি বিৰতিটোৱে আপোনাৰ মেজাজ সলনি কৰে হয়তো ইয়াৰ ফলত আপোনাৰ সংগীয়ে আপোনাক গুৰুত্বও বুজি পাব ৷
নিজৰ যতন লওক
বহু সময়ত আমি নিজকে প্ৰেম আৰু সম্পৰ্কৰ প্ৰতি এনেদৰে উৎসৰ্গা কৰোঁ যে আমি নিজৰ প্ৰতি মনোযোগ দিবলৈ অক্ষম হৈ পৰো ৷ মানসিকভাৱে দুৰ্বল হোৱাৰ লগতে শাৰীৰিক আৰু আৱেগিকভাৱেও দুৰ্বল হৈ পৰো ৷ মনত ৰাখিব যে, স্বাস্থ্যতকৈ বেছি গুৰুত্বপূৰ্ণ একোৱেই হ’ব নোৱাৰে ৷ গতিকে নিজকে ভালপোৱাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ নিসংগতাৰ সৈতে মোকাবিলা কৰাত আত্ম-যত্নও অতি সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে ৷ সঠিক সময়ত টোপনি, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ, শাৰীৰিক ক্ৰিয়া-কলাপ, ধ্যান-ধাৰণাই আপোনাৰ নিসংগতাৰ পৰা ওলাই আহিবলৈ যথেষ্ট সহায় কৰে আৰু ইয়াৰ লগতে আপোনাৰ প্ৰিয় বস্তুবোৰক সময় দিয়ক ৷
যোগাযোগ অভাৱ
যোগাযোগৰ অভাৱেও সম্পৰ্কক টেঙা কৰা আৰু নিসংগতাৰ কাৰণ হ’ব পাৰে ৷ যদি সম্পৰ্কত কিবা এটা সহ্য কৰিবলৈ অক্ষম হয়, তেন্তে মনে মনে সহ্য কৰাৰ পৰিৱৰ্তে একেলগে বহি এই বিষয়ত কথা পাতক ৷ কথা পাতিহে যে সম্পৰ্কত চলি থকা যিকোনো সমস্যাৰ সমাধান উলিয়াব পাৰি সেই কথা বুজাটো খুবেই জৰুৰী ৷ যদি সম্পৰ্কটোত কোনো ধৰণৰ অভিযোগ নাই, তেন্তে ধৰি লওক কোনোবাই আপোচৰ কাম কৰি আছে ৷
লগতে পঢ়ক: সৰস্বতী পূজা তথা ভেলেন্টাইনছ ডে’ৰ পূৰ্বে যুৱক-যুৱতীসকলে কিদৰে ল'ব ছাল-চুলিৰ যতন ?

