ETV Bharat / health

Bad Cholesterol ক সিৰাৰ পৰা বাহিৰ কৰিব এই ৫বিধ পাতে

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 1:06 PM IST

Bad Cholesterol: যদি শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে, তেন্তে কেৱল ঔষধেই নহয় ঘৰুৱা উপায়েও ইয়াক হ্ৰাস কৰাত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হয় । বিশেষকৈ কিছুমান সেউজীয়া পাতৰ এনে ঔষধি গুণ থাকে, যিয়ে কলেষ্টেৰলৰ মাত্ৰা বজাই ৰখাত অতি সহায়ক ।

These 5 Green Leaves can cure your bad cholesterol
Bad Cholesterolক শিৰাৰ পৰা বাহিৰ কৰিব এই 5বিধ পাতে

কলেষ্টেৰল হৈছে এক প্ৰকাৰৰ চৰ্বি, যিয়ে শৰীৰৰ বাবে কোষ আৰু হৰম’ন তৈয়াৰ কৰাৰ কাম কৰে ৷ কিন্তু যেতিয়া ইয়াৰ মাত্ৰা শৰীৰত বাঢ়িবলৈ আৰম্ভ কৰে তেতিয়া বহুতো স্বাস্থ্যজনিত সমস্যাও হ’বলৈ আৰম্ভ কৰে ৷ বয়স অনুপাতে শৰীৰত কলেষ্টেৰলৰ নিৰাপদ মাত্ৰা ভিন্ন হয় ৷

উল্লেখ্য যে, কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱাটো আপোনাৰ অনিয়মিত জীৱনশৈলীৰ ফল ৷ অৱশ্যে ঔষধ সেৱন কৰিও ইয়াক মেইনটেইন কৰিব পাৰে ৷ কিন্তু এই ঔষধ আপুনি দৈনিক এদিনো বাদ নপৰাকৈ খাব লাগিব ৷ এনে পৰিস্থিতিত প্ৰথম অৱস্থাত প্ৰাকৃতিক পদ্ধতিৰ সহায়ত ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাটো ভাল ৷

  • নৰসিংহৰ পাত

শৰীৰৰ বেয়া কলেষ্টেৰল কমোৱাত নৰসিংহৰ পাত অতি ফলপ্ৰসূ ৷ ইয়াৰ কাৰণ হ’ল ইয়াত থকা এন্টিঅক্সিডেন্ট, যি আমাৰ ভাল কলেষ্টেৰল বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় ৷

খোৱাৰ পদ্ধতি

নৰসিংহ পাতৰ সুফল পাবলৈ আপুনি দৈনিক ৰন্ধনত ৮-১০ টা পাত ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ ৰস প্ৰস্তুত কৰি পান কৰিব পাৰে ৷ কিন্তু ইয়াৰ আগতে নিশ্চিতভাৱে আপোনাৰ স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

  • ধনীয়াৰ পাত

প্ৰত্যেক ঘৰতে ধনীয়া পাত ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা হয় ৷ কিন্তু বেছিভাগ মানুহেই নাজানে যে খাদ্যৰ সোৱাদ উন্নত কৰাৰ লগতে ই স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰতো অতি উপকাৰী ৷ নিয়মিতভাৱে সেৱন কৰিলে আপুনি উচ্চ কলেষ্টেৰলৰ সমস্যা নিৰাময় কৰিব পাৰে ৷

খোৱাৰ পদ্ধতি

ধনীয়া পাত চালাডত দি বা চাটনি বনাইও খাব পাৰে ৷

  • জামুৰ পাত

যদি আপুনি কলেষ্টেৰল হ্ৰাস কৰাৰ ঘৰুৱা উপায় বিচাৰিছে তেন্তে জামুৰ পাত আপোনাৰ বাবে সৰ্বোত্তম বিকল্প ৷ দৰাচলতে ইয়াৰ এন্টিঅক্সিডেন্ট আৰু এন্থ’চাইনিনৰ দৰে গুণ আছে, যিয়ে সিৰাত জমা হোৱা চৰ্বি হ্ৰাস কৰাৰ কাম কৰে ৷

খোৱাৰ পদ্ধতি

জামুৰ পাত গুড়িৰ ৰূপত খাব পাৰে ৷ অথবা ইয়াৰ চাহ তৈয়াৰ কৰিও দিনটোত ১-২ বাৰ খাব পাৰে ৷

  • মেথিৰ পাত

এই অধ্যয়নত মেথিৰ পাতত থকা ঔষধি গুণৰ লগত শৰীৰত জমা হোৱা বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ স্বাস্থ্যসন্মত মাত্ৰাৰ সম্পৰ্ক থকা দেখা গৈছে ৷ এনে পৰিস্থিতিত উচ্চ কলেষ্টেৰল স্বাভাৱিক কৰিবলৈ মেথি পাত সেৱন কৰিব পাৰে ৷

খোৱাৰ পদ্ধতি

সাধাৰণ পাচলি হিচাপে মেথি পাত খাব পাৰে ৷

  • তুলসীৰ পাত

কলেষ্টেৰলৰ মাত্ৰা স্বাভাৱিক কৰাত তুলসীৰ পাত অতি উপকাৰী বুলি প্ৰমাণিত হৈছে ৷ আচলতে ইয়াত থকা প্ৰাকৃতিক গুণবোৰে বিপাকীয় চাপ কম কৰাৰ কাম কৰে ৷ যিয়ে শৰীৰৰ ওজন আৰু সঠিক কলেষ্টেৰল বজাই ৰখাত সহায় কৰে ৷

খোৱাৰ পদ্ধতি

প্ৰতিদিনে পুৱা খালী পেটত তুলসীৰ পাত খাব পাৰে ৷ আপুনি ৫-৬ টা পাত ভালদৰে চাফাকৈ ধুই গ্ৰহণ কৰিব পাৰে ৷

লগতে পঢ়ক: গৰ্ভৱতী মহিলাসকলে কেনেকুৱা ধৰণে স্বাস্থ্যৰ যতন ল'ব লাগে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.