ETV Bharat / health

গৰ্ভৱতী মহিলাসকলে কেনেকুৱা ধৰণে স্বাস্থ্যৰ যতন ল'ব লাগে ?

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 10:53 AM IST

Pregnancy Health Care: গৰ্ভৱতী মহিলাসকলে গৰ্ভধাৰণৰ সময়ছোৱাত কিদৰে নিজৰ স্বাস্থ্যৰ যতন ল'ব লাগে ? এই সময়ছোৱাত কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে এই সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই সন্দৰ্ভত বিতংভাৱে জনালে স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ পংকজ ডেকাই ৷

pregnant women's health Care
গৰ্ভৱতী মহিলাসকলে কেনেকুৱা ধৰণে স্বাস্থ্যৰ যতন ল'ব লাগে ?
স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ পংকজ ডেকা

গুৱাহাটী, 5 ফেব্ৰুৱাৰী : গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ নিজৰ সম্পূৰ্ণ যত্ন লোৱাটো উচিত ৷ লগতে এই সময়ছোৱাত মহিলাগৰাকীয়ে নিজৰ খাদ্যৰ আৰু অন্যান্য দিশৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগে ৷ গৰ্ভধাৰণৰ ক্ষেত্ৰত বৰ্তমান এটা মন কৰিবলগীয়া বিষয় হৈছে গৰ্ভধাৰণৰ সময় ৷

চিকিৎসকসকলৰ মতে, গৰ্ভধাৰণ ৩০ বছৰৰ পূৰ্বে সমাপ্ত হ'ব লাগে ৷ এগৰাকী মহিলাই যদি ৩০ বছৰৰ পূৰ্বে গৰ্ভধাৰণ কৰে তেন্তে গৰ্ভধাৰণৰ সময়ছোৱাত হোৱা কিছু আনুসংগিক ৰোগৰ সম্ভৱনা যথেষ্টখিনি কমি যায় ৷

গৰ্ভধাৰণৰ সময়ছোৱাত কেনেদৰে নিজৰ যতন ল'ব ?

১) গৰ্ভৱতী মহিলা সকলে গৰ্ভধাৰণৰ সময়ছোৱাত তিনিটা পৰ্যায়ত, প্ৰতি ১২ সপ্তাহৰ মূৰে মূৰে গৰ্ভৱতী মহিলাসকলে চিকিৎসকৰ ওচৰত যোৱাটো আৱশ্যক ৷ প্ৰথম পৰ্যায়ত ওজন, ৰক্তচাপ আদি পৰীক্ষা কৰাৰ লগতেই থাইৰয়ড, চুগাৰ আদিকে ধৰি কিছু পৰীক্ষা কৰাটো আৱশ্যক ৷ প্ৰথম পৰ্যায়ত সাধাৰণতে ফলিক এচিডৰ ঔষধ দিয়া হয় ৷ যাৰ ফলৰ শিশুটিৰ মগজুৰ বিকাশ হোৱাত সহায় হয় ৷

২) গৰ্ভৱতী মহিলা এগৰাকীয়ে সাধাৰণ দৈনন্দিন কামসমূহ কৰি থাকিব পাৰে ৷ কেৱল বেছি ওজন আদি দাঙিব নালাগে ৷

৩) সেই সময়ছোৱাত জিৰণিৰ প্ৰয়োজন ৷ দৈনন্দিন ১ ঘণ্টা হ’লেও দিনত শুব লাগে ৷ লগতে নিশা ৭/৮ ঘণ্টা টোপনিৰ প্ৰয়োজন ৷

৪) ফল-মূল, শাক-পাচলি, গাখীৰ আদি খাব লাগে ৷ ফল-মূলৰ ভিতৰত অমিতা, আনাৰস, কঁঠাল আদি খাব নালাগে ৷

৫) শেষৰ সময়ছোৱাত মহিলাগৰাকীৰ খোৱা খাদ্যৰ ওপৰত বেছি গুৰুত্ব দিয়াটো প্ৰয়োজন ৷ প্ৰ’টিনযুক্ত খাদ্য খোৱাটো প্ৰয়োজন ৷

লগতে সময়ে সময়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি আৱশ্যক ৷ ঘৰতে কেতিয়াও সন্তান প্ৰসৱ কৰিব নালাগে ৷

লগতে পঢ়ক: গৰ্ভধাৰণৰ পৰা হাত সাৰিবলৈ গৰ্ভনিৰোধক টেবলেটৰ ব্যৱহাৰ নিৰাপদ নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.