ETV Bharat / health

কৰ্কট ৰোগৰ আশংকা দূৰ কৰিব এই 5 বিধ খাদ্যই

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 5:26 PM IST

These 5 foods will reduce the risk of cancer: পৰিৱৰ্তনশীল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে এতিয়া কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ আশংকা ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৷ এই বিপদজনক ৰোগৰ পৰা বাচি থাকিবলৈ আপুনি আপোনাৰ জীৱনশৈলী সলনি কৰিটো খুবেই দৰকাৰী আন দিশসমূহৰ লগতে আপুনি বিশেষকৈ খাদ্য গ্ৰহণত সৰ্তক হ'ব লাগিব ৷ সেয়ে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ আপুনি আপোনাৰ খাদ্য তালিকাত এই ৫বিধ ছুপাৰফুড অন্তৰ্ভুক্ত কৰিব পাৰে-

These 5 foods will reduce the risk of cancer
কৰ্কট ৰোগৰ আশংকা দূৰ কৰিব এই 5 বিধ খাদ্যই

ভাৰতত প্ৰতি বছৰে ১০ লাখৰো অধিক লোক কৰ্কট ৰোগত ভোগে । এন পি পি চিৰ এটি প্ৰতিবেদনত এই দাবী কৰা হৈছে । প্ৰতিবেদন অনুসৰি বছৰৰ পিছত বছৰ ধৰি কৰ্কট ৰোগৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চিকিৎসকে কয় যে অনাগত কেইবছৰমানৰ ভিতৰত প্ৰতি দহজন লোকৰ ভিতৰত এজনেই কেন্সাৰত আক্ৰান্ত হ’ব ।

পৰিৱৰ্তনশীল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে এতিয়া কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ আশংকা ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৷ এই বিপদজনক ৰোগৰ পৰা বাচি থাকিবলৈ আপুনি আপোনাৰ জীৱনশৈলী সলনি কৰিটো খুবেই দৰকাৰী আন দিশসমূহৰ লগতে আপুনি বিশেষকৈ খাদ্য গ্ৰহণত সৰ্তক হ'ব লাগিব ৷ হয়, কেতবোৰ বিশেষ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰি আপুনি কৰ্কট ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰে ৷ কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰা ৫বিধ ছুপাৰফুডৰ বিষয়ে আজি জানো আহক-

ব্লুবেৰী

কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত ব্লুবেৰী যথেষ্ট সহায়ক ৷ ভিটামিন-চি, মেঙ্গানিজ, ভিটামিন-কে আৰু ইয়াত থকা আঁহে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে ৷

ডালিম

ডালিম হৈছে এক কৰ্কট ৰোধী ফল ৷ ইয়াত থকা এণ্টি-অক্সিডেণ্টবোৰ এই মাৰাত্মক ৰোগ পৰিহাৰ কৰাত সহায়ক হয় ৷ সেয়েহে আপুনি দৈনিক আহাৰত ডালিম বা ইয়াৰ ৰস খোৱা উচিত ৷

ব্ৰকলি

ইয়াত থকা এনজাইমবোৰ কৰ্কট ৰোগৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস কৰে ৷ ব্ৰকলিত থকা চেলফোৰাফেনে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ৷ যাৰ বাবে, এই মাৰাত্মক ৰোগ পৰিহাৰ কৰিবলৈ আপুনি দৈনিক আহাৰত ব্ৰকলি অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী ৷

বিলাহী

বিলাহীত যথেষ্ট পৰিমাণে লাইকোপেন আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে, যিয়ে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ ই কোষবোৰ সুৰক্ষিত কৰে ৷ এই ৰোগ পৰিহাৰ কৰিবলৈ নিয়মীয়াকৈ বিলাহী আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব ৷

পালেং শাক

পালেং শাকত বিটা-কেৰোটিন, ফাইবাৰ, ফোলেট আৰু অন্যান্য ভিটামিন থাকে, যি কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰে ৷ পালেং শাক আপুনি চালাড, চুপ বা পাচলি হিচাপে দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ৷

লগতে পঢ়ক: আয়ুৰ্বেদিক তথা অন্যান্য চিকিৎসা পদ্ধতিসমূহৰ মাজত পাৰ্থক্য কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.