আপোনাৰ প্ৰিয়জনক টেডি বিয়েৰ দিব বিচাৰিছে নেকি ? তেন্তে জানি লওক ইয়াৰ বিভিন্ন ৰঙৰ অৰ্থ
Teddy Day 2024: বৰ্তমান সমগ্ৰ বিশ্ববাসীয়ে ভেলেণ্টাইন উইক উদযাপন কৰিছে । এই ক্ৰমত ভেলেণ্টাইন উইকৰ চতুৰ্থ দিনা উদযাপন কৰা হয় টেডি ডে’ । যদি আপুনিও এই দিনটোত আপোনাৰ বিশেষ ব্যক্তিগৰাকীক টেডি বিয়েৰ উপহাৰ হিচাপে দিব বিচাৰে তেন্তে প্ৰথমে ইয়াৰ বিভিন্ন ৰঙৰ অৰ্থ জানি লওক-

Published : February 10, 2024 at 4:29 AM IST
এই সপ্তাহটোত সমগ্ৰ বিশ্ববাসীয়ে ভেলেণ্টাইন উইক উদযাপন কৰিছে ৷ ৰ’জ ডে পৰা আৰম্ভ কৰি এই সপ্তাহৰ চতুৰ্থ দিনটোত টেডি ডে’ হিচাপে উদযাপন কৰা হয় ৷ আজিৰ দিনটোত মানুহে ইজনে সিজনক টেডি বিয়েৰ দি নিজৰ অনুভৱ প্ৰকাশ কৰে ৷ কিন্তু প্ৰায়ে ঘনিষ্ঠ বা বিশেষ কাৰোবাৰ বাবে টেডি কিনাৰ সময়ত ইয়াৰ ৰং বাছি লোৱাটো অতি কঠিন হৈ পৰে ৷ টেডিৰ ৰংবোৰক লৈ বহুতে বিভ্ৰান্ত হৈ পৰে ৷
এনে পৰিস্থিতিত যদি আপুনিও এই টেডি ডে’ত কাৰোবাৰ বাবে টেডি বিয়েৰ কিনাৰ কথা ভাবিছে, তেন্তে আমি আপোনাক টেডিৰ বিভিন্ন ৰঙৰ অৰ্থ ক’বলৈ ওলাইছো যাৰ সঠিক ৰং আপুনি বাছি লৈ প্ৰিয়জনক আপোনাৰ অনুভৱবোৰ সহজে প্ৰকাশ কৰিব পাৰিব-
নীলা টেডি বিয়েৰ
গভীৰতা, বুদ্ধিমত্তা, সত্য, আনুগত্য আৰু আত্মবিশ্বাসৰ প্ৰতীক হিচাপে নীলা ৰঙে স্থিৰতাক দৰ্শাই ৷ এনে পৰিস্থিতিত যদি আপুনি কাৰোবাক নীলা ৰঙৰ টেডি বিয়েৰ দি আছে তেন্তে ইয়াৰ অৰ্থ হ’ল আপুনি আপোনাৰ সম্পৰ্কৰ প্ৰতি দায়ৱদ্ধ আৰু আপোনাৰ সংগীক গোটেই জীৱনটোৰ বাবে নিজৰ কৰিবলৈ সাজু হৈছে ৷
গোলপীয়া টেডি বিয়েৰ
গোলাপী ৰঙক যত্ন আৰু প্ৰেমৰ প্ৰতীক বুলি গণ্য কৰা হয় ৷ এনে পৰিস্থিতিত যদি আপুনি কাৰোবাক গোলাপী ৰঙৰ টেডি উপহাৰ দি আছে তেন্তে ইয়াৰ অৰ্থ হ’ল আপুনি ইজনে আনজনক বহুত ভালপায় আৰু বহুত যত্ন লয় ৷ একে সময়তে গোলাপী ৰঙৰ টেডি এটা গ্ৰহণ কৰাৰ অৰ্থ হ’ল আপোনাৰ প্ৰিয়জনে প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷
ৰঙা টেডি বিয়েৰ
ৰঙা ৰঙে আবেগ আৰু ৰোমাঞ্চৰ প্ৰতীক ৷ এনে পৰিস্থিতিত যদি আপুনি কাৰোবাক ৰঙা ৰঙৰ টেডি দিয়ে তেন্তে তাৰ অৰ্থ হ’ল আপুনি সেই ব্যক্তিজনৰ সৈতে আপোনাৰ সম্পৰ্ক মজবুত কৰিব বিচাৰে ৷ ইয়াৰ উপৰিও এই টেডিয়ে আপোনাৰ মৰম আৰু অনুভৱকো প্ৰতিফলিত কৰে ৷
বগা টেডি বিয়েৰ
আপুনি যাৰ লগত বন্ধুত্ব কৰিব বিচাৰে তেওঁক সৌন্দৰ্য আৰু সৰলতাৰ প্ৰতীক বগা ৰঙৰ টেডি বিয়েৰ এটা দিব পাৰে ৷ ইয়াৰ উপৰিও এই টেডিয়ে দেখুৱাইছে যে সেই ব্যক্তিজনৰ সৰলতা আৰু ইতিবাচক মনোভাৱ আপুনি ভাল পায় ৷
কমলা ৰঙৰ টেডি বিয়েৰ
কমলা ৰঙক আকৰ্ষণ আৰু উৎসাহৰ প্ৰতীক হিচাপে গণ্য কৰা হয় ৷ এনে পৰিস্থিতিত যদি আপুনি কাৰোবাক বহুত ভালপায় আৰু প্ৰপ’জ কৰিব বিচাৰে তেন্তে তেওঁক কমলা ৰঙৰ টেডি বিয়েৰ এটা দিব পাৰে ৷
হালধীয়া টেডি বিয়েৰ
আনহাতে, হালধীয়া ৰঙৰ কথা ক’বলৈ গ’লে এই ৰঙৰ টেডি বিয়েৰৰ অৰ্থ অতি বিশেষ ৷ আপুনি কাৰোবাক হালধীয়া ৰঙৰ টেডি বিয়েৰ এটা দি তেওঁক জনাব পাৰে যে আপুনি তেওঁক কিমান মিছ কৰিছে ৷
লগতে পঢ়ক: ভেলেণ্টাইন ডে’ৰ সৈতে চকলেটৰ সম্পৰ্ক কি ? প্ৰেমিক যুগলে কিয় দিনটো উদযাপন কৰা উচিত

