শৰীৰত এইসমূহ লক্ষণ দেখা দিলে হৈ যাওক সাৱধান হ’ব পাৰে এয়া যক্ষ্মা ৰোগৰ আগজাননী!
টিবি এক গুৰুতৰ ৰোগ, সেয়ে সময়মতে ইয়াৰ চিকিৎসা নকৰিলে পিচলৈ গুৰুতৰ ৰূপ ল'ব পাৰে গতিকে প্ৰাৰম্ভিক পৰ্যায়তে ইয়াৰ লক্ষণসমূহৰ বিষয়ে জনাটো দৰকাৰ-

Published : August 9, 2025 at 5:13 PM IST
টিবি বা যক্ষ্মা এক গুৰুতৰ ৰোগ ৷ ই Mycobacterium tuberculosis নামৰ এটা বেক্টেৰিয়াৰ দ্বাৰা হয় ৷ TB প্ৰধানকৈ হাওঁফাওঁত আক্ৰান্ত হয় যদিও শৰীৰৰ আন আন অংশলৈও বিয়পি যায় ৷ টিবিত আক্ৰান্ত ব্যক্তিৰ কাহ বা হাঁচি আদিৰ সংস্পৰ্শলৈ আহিলে সহজে এই ৰোগ বিয়পিব পাৰে ৷ ই ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে ৷ যদি সময়মতে চিকিৎসা গ্ৰহণ কৰা নহয় তেন্তে ই মাৰাত্মক হ’ব পাৰে ৷
এজন আক্ৰান্ত ব্যক্তিয়ে কাহ, হাঁচি মাৰোতে আৰু কথা পাতোতে তেওঁ মুখমণ্ডলৰ পৰা যি ভাপ ওলায় সেই ভাপৰ জৰিয়তে অন্য এজন ব্যক্তি যক্ষ্মা তথা টি বি বেমাৰত আক্ৰান্ত হ’ব পাৰে । ভাৰতবৰ্ষৰ ৪০ৰ পৰা ৫০ শতাংশ মানুহৰ গাত টিবি বীজাণু পোৱা গৈছে আৰু মানুহৰ গাত যক্ষ্মা তথা টিবি বেক্টেৰিয়াৰ উপস্থিতিৰ কাৰণে আমি তেওঁলোকক টিবি আক্ৰান্ত ৰোগী বুলি কও ।
টিবি বা যক্ষ্মা ৰোগ হ'বলৈ হ’লে কিবা কাৰণত এজন লোকৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা শক্তিটো নাইকিয়া হ'ব লাগিব আৰু দেহৰ ভিতৰত যক্ষ্মা ৰোগৰ বেক্টেৰিয়া বংশবৃদ্ধি হৈ যক্ষ্মা ৰোগৰ লক্ষণসমূহ শৰীৰত দেখা দিব পাৰে আৰু এই ৰোগৰ বীজাণু এজন ব্যক্তিৰ শৰীৰৰ পৰা নাইকিয়া কৰিবলৈ হ’লে আক্ৰান্ত ব্যক্তিগৰাকী শক্তিশালী হ'ব লাগিব আৰু তেওঁ ভয় ত্যাগ কৰিব লাগিব,যক্ষ্মা আক্ৰান্ত ৰোগী এজনে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ১৫ৰ পৰা ২০ দিন ঔষধ খালে কাহোতে, কথা পাতোতে, হাঁচি মাৰোতে যক্ষ্মা বীজাণু ওলাই নাহে কিন্তু ৬ মাহলৈকে ঔষধ গ্ৰহণ কৰাটো অতিকৈ জৰুৰী ।
যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, পুষ্টিহীনতা,এইচ আই ভি সংক্ৰমণ বা ভিৰ থকা স্থানত বাস কৰে তেনে লোকৰ এই ৰোগ বেছিকৈ হোৱাৰ আশংকা থাকে ৷ এই ৰোগৰ চিকিৎসা কৰিব পৰা যায় যদিও সময়মতে চিনাক্তকৰণৰ প্ৰয়োজন ৷
সাধাৰণতে টিবি হাওঁফাওঁৰ ৰোগ বুলি ধৰা হয় ৷ কিন্তু ই শৰীৰৰ আন অংশলৈ বিয়পিব পাৰে ৷ ইয়াক এক্সট্ৰা পালমোনাৰী টিবি বোলা হয় ৷ টিবিয়ে হাড়, গাঁঠি, মগজুৰ আৱৰণ, বৃক্ক, অন্ত্ৰ, লিম্ফ ন’ড, মেৰুদণ্ড আনকি ছালকো প্ৰভাৱিত কৰিব পাৰে ৷ যদি শৰীৰৰ অন্য অংশত টিবি বিয়পে তেন্তে হাড় দুৰ্বল, খোজ কঢ়াত সমস্যা, মগজুত ফুলা, বৃক্ক বিকল, পাচনতন্ত্ৰৰ সমস্যা আদি হ’ব পাৰে ৷ অংগৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ লক্ষণ বেলেগ বেলেগ হয় ৷
লক্ষণ
পালমোন’লজিষ্ট ডাঃ ভি ৰাজা মনোহৰে কয় যে, শৰীৰৰ কোন অংশ টিবিৰ দ্বাৰা আক্ৰান্ত হৈছে তাৰ ওপৰত ইয়াৰ লক্ষণ নিৰ্ভৰ কৰে ৷
হাওঁফাওঁৰ টিবিৰ লক্ষণসমূহ হ’ল-
- দুসপ্তাহতকৈ অধিক সময় ধৰি থকা কাহ,
- কাহত শ্লেষ্মা আৰু তেজ অহা,
- জ্বৰ,
- ৰাতি ঘাম ওলোৱা,
- ওজন কমি যোৱা
- ভোক কমি যোৱা আদি ৷
- অৱশ্যে অংগ অনুসৰি টিবিৰ লক্ষণ বেলেগ হ’ব পাৰে ৷
- হাড়ৰ টিবিত গাঁঠিৰ বিষ আৰু ফুলিব পাৰে.
- মেৰুদণ্ডৰ টিবিত কঁকালৰ বিষ হ’ব পাৰে,
- মগজুৰ টিবিত মূৰৰ বিষ, বমি, ডিঙি জঠৰ হোৱা আৰু বিভ্ৰান্তিৰ দৰে সমস্যা হ’ব পাৰে ৷
- লিম্ফ ন’ডৰ টিবিত ডিঙিত গাঁঠি গঠন হ’ব পাৰে ৷
- প্ৰথম অৱস্থাত এই লক্ষণসমূহ সাধাৰণ বুলি ভাবি আওকাণ কৰা হয় ৷ কিন্তু দীৰ্ঘদিন ধৰি যদি এই লক্ষণ দেখা দিয়ে তেন্তে স্বাস্থ্য পৰীক্ষা কৰা দৰকাৰ ৷
পৰিত্ৰাণৰ উপায়
- টিবিত সংক্ৰমিত ব্যক্তিৰ পৰা আঁতৰি থাকক ৷
- কাহ বা হাঁচি মৰাৰ সময়ত মুখ ঢাকি লওক ৷
- নৱজাতকক BCG টীকা দিয়ক ৷
- ভাল খাদ্য গ্ৰহণ কৰক ৷
- ভিৰৰ মাজত বেছি সময়ত নাথাকিব ৷
- টিবিত আক্ৰান্ত ৰোগীৰ বাচন-বৰ্তন আদি বেলেগকৈ ৰাখিব ৷
- লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক ৷
- সঘনাই আৰু ভালদৰে হাত ধুই পৰিষ্কাৰ ৰখাটো প্ৰয়োজনীয়
- টিবিত আক্ৰান্ত লোকৰ সৈতে সংস্পৰ্শৰ পৰা বিৰত থাকক ।
- আপোনাৰ সকলো ঔষধ নিৰ্ধাৰিত ধৰণে গ্ৰহণ কৰক ।
- আপোনাক স্বাস্থ্যসেৱা প্ৰদানকাৰীয়ে আপোনাক ক্লিয়াৰ নকৰালৈকে কৰ্মস্থলী বা যিকোনো স্থানলৈ যোৱাটো এৰাই চলক ।
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক

