ETV Bharat / state

অসমৰ পৰা নিৰ্মূল হ’বনে TB ? ইয়াৰ মুখ্য বাধা জানিলে আচৰিত হ’ব আপুনিও...

২০২৫ চনলৈ টিবি নিৰ্মূলৰ লক্ষ্যত অসমৰ প্ৰগতি মন্থৰ ৷ চাহ বাগিচাবোৰ এতিয়া মুখ্য বাধা ৰূপে থিয় দিছে ৷

2025 TB elimination target
অসমৰ পৰা নিৰ্মূল হ’বনে TB ? (IANS)
author img

By ETV Bharat Assamese Team

Published : February 11, 2025 at 8:01 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : ছয় বছৰ আগতে, যক্ষ্মাই মিনু পুৰাণৰ (নাম সলনি কৰা হৈছে) পৰিয়ালত অমানিশা নমাই আনিছিল । এই ৰোগত তেওঁ নিজৰ স্বামী, ১৫ বছৰীয়া পুত্ৰ আৰু ২২ বছৰীয়া কন্যাক হেৰুৱালে । আজি তেওঁ কেৱল ২১ বছৰীয়া পুত্ৰৰ সৈতে আৰ্থিক দীনতাৰ মাজেৰে জীৱন সংগ্ৰাম কৰি আছে ।

মিনুয়ে তেওঁৰ কঠিন সময়ৰ কথা সোঁৱৰি কয়, "মোৰ স্বামী যেতিয়া যক্ষ্মাত আক্ৰান্ত হৈছিল, তেতিয়া বহু দেৰি হৈ গৈছিল । আমি তেওঁক বচাব নোৱাৰিলো ।’’

তেওঁ দুখেৰে আৰু কয়, ‘‘তাৰ পিছতে মোৰ পুত্ৰ আৰু কন্যাও যক্ষ্মাত আক্ৰান্ত হ’ল । পলমকৈ চিকিৎসা লাভ কৰাৰ বাবে সিহঁতেও প্ৰাণ হেৰুৱালে ।"

2025 TB elimination target
যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্য (ETV Bharat)

তাৰে কিছুদিনৰ পিছতেই মিনুয়ে নিজেও যক্ষ্মাত আক্ৰান্ত হৈছিল । কিন্তু সঠিক সময়ত উপযুক্ত চিকিৎসা লাভ কৰাৰ ফলত তেওঁ বৰ্তমান সুস্থ । যদিও তেওঁ ৰোগৰ পৰা মুক্তি পালে, এই ৰোগে ইতিমধ্যে তেওঁৰ জীৱন-জীৱিকাত প্ৰভাৱ পেলাইছে । যোৰাহাটৰ এখন চাহ বাগিচাত চাহ শ্ৰমিক হিচাপে কাম কৰি আছে মিনুয়ে ৷

তেওঁ কয়, "যক্ষ্মাই আমাৰ পৰিয়াল ধ্বংস কৰিলে ৷ স্বামীৰ মৃত্যুৰ পিছত আমাৰ অৰ্থনৈতিক অৱস্থা অতি বেয়া হৈ পৰিল । মই যেতিয়া নিজেও যক্ষ্মাত আক্ৰান্ত হ’লো, কাম কৰিবলৈও সক্ষম নাছিলো । ভালকৈ চিকিৎসা পোৱাৰ বাবে মই পুনৰ কাম কৰিবলৈ সক্ষম হৈছো ।"

2025 TB elimination target
যক্ষ্মা ৰোগ নিৰ্মূলৰ সজাগতা সভা (ETV Bharat)

এই ধৰণৰ কাহিনী অসমৰ চাহ বাগিচা এলেকাত প্ৰায়ে বিচাৰি পোৱা যায় । মিনুৰ পৰিয়ালৰ কাহিনীয়ে যক্ষ্মাৰ ভয়ানক প্ৰভাৱ বুজাই দিয়ে ৷ যিয়ে কেৱল স্বাস্থ্য নহয়, জীৱিকাকো ধ্বংস কৰি তোলে ।

লগতে পঢ়ক : কৰ্কট ৰোগক পৰাস্ত কৰাৰ উপায় কি ? জানি লওক বিশেষজ্ঞৰ পৰা

যোৰহাটৰ হোলোংগুৰি বাগিচাত ছবছৰ ধৰি কাম কৰি থকা আশা কৰ্মী সুজাতা পুৰাণে কয়, ‘‘যক্ষ্মাই মিনুৰ পৰিয়ালৰ দৰে কিছুবছৰ পূৰ্বে চাহ শ্ৰমিকৰ আৰু এটা পৰিয়াললৈ অমানিশা নমাই আনিছে । যক্ষ্মা এতিয়াও চাহ বাগিচাত অঞ্চলত ডাঙৰ সমস্যা হৈ আছে ।’’

উল্লেখ্য যে, ভাৰত চৰকাৰে ২০২৫ চনৰ ভিতৰত দেশৰ পৰা যক্ষ্মা নিৰ্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ সময়ত অসমত এতিয়া যক্ষ্মা ৰোগ জটিল পৰ্যায়তে আছে । বছৰি অসমত যক্ষ্মা ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইহে আছে ।

2025 TB elimination target
যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে ৰেলী (ETV Bharat)

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসম(যক্ষ্মা শাখা)ৰ তথ্য মতে, অসমত চিহ্নিত হোৱা যক্ষ্মা ৰোগীৰ সংখ্যা তলত উল্লেখ কৰা হ’ল -

চনৰোগীৰ সংখ্যা
২০২০৩৫৩৫৫ গৰাকী
২০২১ ৩৭৭২৫ গৰাকী
২০২২ ৪৭৫৮৩ গৰাকী
২০২৩ ৫১৪৯৯ গৰাকী
২০২৪ ৪৯২৯৬ গৰাকী

লক্ষণীয় যে, চৰকাৰে যক্ষ্মা ৰোগ নিৰ্মূল কৰণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আছে, যদিও এই যক্ষ্মা ৰোগ নিৰ্মূল কৰণৰ লক্ষ্য পূৰণত অসমৰ চাহ বাগিচাই অন্তৰায় হিচাপে দেখা দিছে ।

এই সন্দৰ্ভত ৰাজ্যিক যক্ষ্মা বিষয়া তথা স্বাস্থ্য বিভাগ(যক্ষ্মা)ৰ যুটীয়া সঞ্চালক অভিজিৎ বসুয়ে কয়, ‘‘অসমৰ চাহ বাগিচাত যক্ষ্মা চিকিৎসাৰ ক্ষেত্ৰত এতিয়াও প্ৰত্যাহ্বান হৈ আছে । অসমত ৮০০ খনৰো অধিক চাহ বাগিচা আছে । অসমত বছৰি যিমান যক্ষ্মা ৰোগী চিহ্নিত হয়, তাৰ ৬০ ৰ পৰা ৮০ শতাংশ চাহ বাগিচাৰ । এতিয়াও এই চাহ বাগিচাৰ মানুহে যক্ষ্মা বুলিয়ে নহয় অন্য ৰোগৰ ক্ষেত্ৰতো সজাগ আৰু সতৰ্ক নহয় । অধিকাংশ মানুহে চিকিৎসকৰ পৰামৰ্শৰ পৰিৱৰ্তে ওচৰৰ ফাৰ্মাচীৰ পৰাই দৰৱ লৈ খায় ।’’

2025 TB elimination target
প্ৰশিক্ষণ শিবিৰ (ETV Bharat)

তেওঁ কয়, ‘‘বাগিচাত এই সন্দৰ্ভত সজাগতা কৰাৰো প্ৰত্যাহ্বান আছে । চাহ বাগিচাৰ চিকিৎসালয়ত চিকিৎসক বেছিদিন থাকিব নিবিচাৰে । ৯০ শতাংশ চিকিৎসকে তাৰ পৰা গুচি আহে । এনেবোৰ সমস্যাৰ মাজেৰে যথেষ্ট প্ৰত্যাহ্বান নেওচি চৰকাৰে চাহ বাগিচাত যক্ষ্মাৰ চিকিৎসা আগবঢ়াই আছে । অৱশ্যে এতিয়া পূবতকৈ বহুত ভাল হৈছে বুলি ক'ব পাৰি ।’’

লগতে পঢ়ক : বৃক্কৰ পাথৰৰ সমস্যাৰ ক্ষেত্ৰত বাৰুকৈয়ে দুপৰটেঙা লাভদায়ক নেকি ? কি কয় কয় গৱেষণাই

উল্লেখ্য যে, অসমৰ চাহ বাগিচা প্ৰধান জিলাকেইখনতে সৰ্বাধিক যক্ষ্মা ৰোগী চিহ্নিত ‌হয় । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসম(যক্ষ্মা শাখা)ৰ তথ্য মতে, ২০২৪ চনত যক্ষ্মা ৰোগী চিহ্নিত জিলাকেইখনৰ লগতে ৰোগীৰ সংখ্যা তলত উল্লেখ কৰা হ’ল -

জিলাৰ নামৰোগীৰ সংখ্যা
ডিব্ৰুগড়ত ৪৩২১ গৰাকী
যোৰহাটত২০৩৬ গৰাকী
শোণিতপুৰত ৩৩৮৫ গৰাকী
তিনিচুকীয়াত৩৩৮৪ গৰাকী
গোলাঘাটত ১৮৮৩ গৰাকী
নগাঁৱত২৭৯৭ গৰাকী
বিশ্বনাথত ১০৬৯ গৰাকী
শিৱসাগৰ আৰু চৰাইদেউত মিলি১৮০৬ গৰাকী

যোৰহাটৰ চাহ বাগিচা এলেকাত যক্ষ্মাৰ সজাগতাৰ বাবে ২০১৯ চনৰ কাম কৰি থকা যোৰহাটৰ নকছাৰীৰ টি বি চেম্পিয়ন মিনতি নায়ক পুৰানে কয়, ‘‘যক্ষ্মা চিকিৎসা বহুত প্ৰত্যাহ্বানমূলক । সময়ত এই চিকিৎসা সঠিকভাৱে নকৰিলে মানুহ মৃত্যুমুখত পৰে । এনেধৰণৰ কেবাটাও ঘটনা চাহ বাগিচা এলেকাত হৈছে ।’’

2025 TB elimination target
২০২৫ চনলৈ টিবি নিৰ্মূলৰ লক্ষ্যত অসমৰ প্ৰগতি মন্থৰ ৷ (ETV Bharat)

জানিব পৰা মতে, মিনতি নায়ক পুৰাণে নকছাৰী টি বি ইউনিটত ২০১৯ চনৰ পৰা যক্ষ্মা সজাগতাৰ বাবে কাম কৰি আছে । নকছাৰী টি বি ইউনিটত ১৮ খন চাহ বাগিচা আছে ।

তেওঁ কয়, ‘‘চাহ বাগিচাৰ মানুহ স্বাস্থ্য সচেতন নহয় । তেওঁলোকে থকা ঘৰবোৰ স্বাস্থ্যসন্মত নহয় । বাগিচাৰ ৮০ শতাংশ লোক দেশীয় সুৰা আৰু মাদক দ্ৰব্য অত্যধিক সেৱন‌ কৰে । একাংশ লোক এতিয়াও অন্ধবিশ্বাসী ৷ চিকিৎসকৰ পৰিৱৰ্তে এতিয়াও একাংশই স্থানীয় কবিৰাজৰ ওচৰলৈ যায় ।’’

টি বি চেম্পিয়নগৰাকীয়ে কয়, ‘‘চাহ বাগিচাত পূৰ্বতকৈ চিকিৎসা সেৱা উন্নত হৈছে যদিও চাহ শ্ৰমিকসকল চিকিৎসাৰ ক্ষেত্ৰত এলাগী হৈ আছে । যক্ষ্মাৰ ক্ষেত্ৰত চাহ শ্ৰমিকসকলক সঠিকভাৱে সজাগ আৰু সতৰ্ক কৰাৰ যথেষ্ট প্ৰয়োজন আছে । লগতে সঠিকভাৱে চিকিৎসা সেৱা প্ৰদানৰো প্ৰয়োজন আছে ।’’

তেওঁ কয়, ‘‘একাংশ চাহ শ্ৰমিকে যক্ষ্মা চিকিৎসা সম্পূৰ্ণ নকৰাৰ বাবে Multidrug-resistant TB (MDR-TB) চাহ বাগিচাত দেখা যায় ।’’

2025 TB elimination target
চাহ বাগিচাৰ লোক (ETV Bharat)
লগতে পঢ়ক : কুকুৰে কামুৰিলে প্ৰথমে কি কৰা উচিত ? বিশেষজ্ঞৰ পৰাই জানি লওক

তথ্য মতে, অসমত ২০২০ ৰ পৰা ২০২৪ চনলৈ Multidrug-resistant TB (MDR-TB) ৰোগ চিনাক্ত হোৱা ৰোগীৰ সংখ্যা তলত উল্লেখ কৰা হ’ল -

চনৰোগীৰ সংখ্যা
২০২০৯৮৭ গৰাকী
২০২১৪৪৮ গৰাকী
২০২২৭৮৮ গৰাকী
২০২৩ ৬৭৮ গৰাকী
২০২৪ ৭৭৯ গৰাকী

আশাকৰ্মী সুজাতা পুৰাণে কয়, ‘‘মই কাম কৰা বাগিচা এলেকাত কাৰোবাৰ যক্ষ্মা ৰোগৰ লক্ষণ দেখা দিলেও কলংকৰ (Stigma) ভয়ত লুকাই ৰাখে । পৰীক্ষা কৰাৰ বাবে তেওঁলোকক ঘৰত গৈ বহুত অনুৰোধ কৰিবলগীয়া হয় ।’’

টি বি চেম্পিয়ন মিনতি নায়ক পুৰানে কয়, ‘‘চাহ বাগিচাৰ লোকসকলৰ মাজত যক্ষ্মাৰ সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে । যক্ষ্মা চিকিৎসা সেৱা আৰু চাহ বাগিচাৰ যক্ষ্মা ৰোগীৰ মাজত থকা ব্যৱধান হ্ৰাস কৰিব লাগিব ।’’

লগতে পঢ়ক : ইটাভাতাৰ প্ৰদূষণে কিমান ক্ষতি কৰিব পাৰে আপোনাৰ জানেনে ?

লগতে পঢ়ক : আৰ্ছেনিকযুক্ত পানীয়ে গল-ব্লাডাৰত সৃষ্টি কৰিব পাৰে কৰ্কট ৰোগৰ : গৱেষণাৰ তথ্য