ETV Bharat / health

দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে টিবি ৰোগীৰ সংখ্যা...জানক ইয়াৰ কাৰণ তথা লক্ষণ

ভাৰতবৰ্ষৰ ৪০ৰ পৰা ৫০ শতাংশ লোকৰ গাত যক্ষ্মা বা টিবি বীজাণু পোৱা গৈছে । কিন্তু এই ৰোগ কেনেকৈ বিয়পিব পাৰে চিকিৎসকৰ পৰাই জানো আহক-

TUBERCULOSIS
দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে টিবি ৰোগীৰ সংখ্যা...জানক ইয়াৰ কাৰণ তথা লক্ষণ (ETV Bharat)
author img

By ETV Bharat Health Team

Published : February 28, 2025 at 1:17 PM IST

4 Min Read
Choose ETV Bharat

টি.বি বা যক্ষ্মা ৰোগটো অতি প্ৰাচীন কালৰ ৰোগ, ইজিপ্তৰ মামীসকলৰ দেহটো টিবি তথা যক্ষ্মা বেমাৰ পোৱা গৈছিল, মাইকোবেক্টেৰিয়া tuberculosis নামৰ বেক্টেৰিয়াৰ পৰা যক্ষ্মা তথা টিবি বেমাৰ হয়, এই মন্তব্য যোৰহাট জিলা টিবি ৰোগৰ চিকিৎসা বিষয়া ভক্তিময় ভট্টাচাৰ্যৰ ৷

তেওঁ কয় যে, এজন আক্ৰান্ত ব্যক্তিয়ে কাহ, হাঁচি মাৰোতে আৰু কথা পাতোতে তেওঁ মুখমণ্ডলৰ পৰা যি ভাপ ওলায় সেই ভাপৰ জৰিয়তে অন্য এজন ব্যক্তি যক্ষ্মা তথা টি বি বেমাৰত আক্ৰান্ত হ’ব পাৰে । ভাৰতবৰ্ষৰ ৪০ৰ পৰা ৫০ শতাংশ মানুহৰ গাত টিবি বীজাণু পোৱা গৈছে আৰু মানুহৰ গাত যক্ষ্মা তথা টিবি বেক্টেৰিয়াৰ উপস্থিতিৰ কাৰণে আমি তেওঁলোকক টিবি আক্ৰান্ত ৰোগী বুলি কও।

টিবি বা যক্ষ্মা ৰোগ হ'বলৈ হ’লে কিবা কাৰণত এজন লোকৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা শক্তিটো নাইকিয়া হ'ব লাগিব আৰু দেহৰ ভিতৰত যক্ষ্মা ৰোগৰ বেক্টেৰিয়া বংশবৃদ্ধি হৈ যক্ষ্মা ৰোগৰ লক্ষণসমূহ শৰীৰত দেখা দিব পাৰে আৰু এই ৰোগৰ বীজাণু এজন ব্যক্তিৰ শৰীৰৰ পৰা নাইকিয়া কৰিবলৈ হ’লে আক্ৰান্ত ব্যক্তিগৰাকী শক্তিশালী হ'ব লাগিব আৰু তেওঁ ভয় ত্যাগ কৰিব লাগিব,যক্ষ্মা আক্ৰান্ত ৰোগী এজনে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ১৫ৰ পৰা ২০ দিন ঔষধ খালে কাহোতে, কথা পাতোতে, হাঁচি মাৰোতে যক্ষ্মা বীজাণু ওলাই নাহে কিন্তু ৬ মাহলৈকে ঔষধ গ্ৰহণ কৰাটো অতিকৈ জৰুৰী ।

জ্যেষ্ঠ চিকিৎসক ভক্তিময় ভট্টাচাৰ্য (ETV Bharat)

যক্ষ্মা বা টিবি ৰোগ হ’লে কি কি লক্ষণে দেখা দিব পাৰে ?

এজন ব্যক্তিৰ কাহ,জ্বৰ (দুই সপ্তাহলকৈ হৈ থাকিলে),সন্ধিয়া আৰু নিশা ভাগত কপনি উঠিলে, শৰীৰৰ ওজন হ্ৰাস ,কাহোতে তেজ ওলোৱা আদি বিভিন্ন লক্ষণসমূহ শৰীৰত দেখা দিলে, আমি বুজিব লাগিব এয়া যক্ষ্মা বা টিবি ৰোগৰ লক্ষণ ৷ চুলি, নখ, দাঁত আদিৰ বাহিৰে শৰীৰৰ বিভিন্ন স্থানত যক্ষ্মা বা টিবি ৰোগ হ'ব পাৰে ।

আনহাতে, চাহ বাগিচা, পুৰণি ঘৰ, বন্ধ কোঠা আদিত যক্ষ্মা ৰোগ বা টিবি ৰোগ সহজতে হ'ব পাৰে বুলি চিকিৎসক ভট্টাচাৰ্যই উল্লেখ কৰে ।

আনহাতে, ভক্তিময় ভট্টাচাৰ্যই পুনৰ কয় যে, ডায়বেটিছ, এইচ আই ভি আক্ৰান্ত, এলকলহিক(মদ) ব্যক্তি, ৬০ বয়স পাৰ হোৱা আদি লোক সহজতে যক্ষ্মা ৰোগত আক্ৰান্ত হ'ব পাৰে, কাৰণ তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় আৰু তেওঁলোকে নিয়মিতভাৱে ছমাহ ঔষধ খালে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে ।

টিবি কেনেকৈ বিয়পে ?

হাওঁফাওঁ বা ডিঙিত সক্ৰিয় টিবি থকা ব্যক্তিয়ে বতাহত টিবি বেক্টেৰিয়া এৰি দিয়ে । আশে-পাশে থকা লোকসকল এই বেক্টেৰিয়াৰ উশাহ ল’লে সংক্ৰমিত হ’ব পাৰে ।

এই বেক্টেৰিয়া হাওঁফাওঁত থিতাপি লয় আৰু শৰীৰৰ আন অংশ যেনে মগজু, মেৰুদণ্ড বা বৃক্কলৈ বিয়পিব পাৰে ।

কোনে টিবি বিয়পাব পাৰে ?

  • সক্ৰিয় টিবি থকা লোকেহে আনলৈ টিবি ৰোগ বিয়পাব পাৰে ।
  • সুপ্ত টিবি সংক্ৰমণ বুলিও জনাজাত নিষ্ক্ৰিয় টিবি (latent TB infection) থকা ৰোগীয়ে আনলৈ টিবি বিয়পাব নোৱাৰে ।

টিবি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?

  • সঘনাই আৰু ভালদৰে হাত ধুই পৰিষ্কাৰ ৰখাটো প্ৰয়োজনীয়
  • কাহ মৰাৰ সময়ত মুখ ঢাকি ৰখাটো জৰুৰী
  • টিবিত আক্ৰান্ত লোকৰ সৈতে সংস্পৰ্শৰ পৰা বিৰত থাকক ।
  • আপোনাৰ সকলো ঔষধ নিৰ্ধাৰিত ধৰণে গ্ৰহণ কৰক ।
  • আপোনাক স্বাস্থ্যসেৱা প্ৰদানকাৰীয়ে আপোনাক ক্লিয়াৰ নকৰালৈকে কৰ্মস্থলী বা যিকোনো স্থানলৈ যোৱাটো এৰাই চলক ।

উৎস:-https://www.who.int//news-room/fact-sheets/detail/tuberculosis/?gad_source=1&gclid=CjwKCAiAt4C-BhBcEiwA8Kp0Cb3vI9sBwtrnGaXhZFAgJd8kqdKdUDPOY16fI_mj8fckJDnhBRr8IxoChz0QAvD_BwE

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. অসমৰ পৰা নিৰ্মূল হ’বনে TB ? ইয়াৰ মুখ্য বাধা জানিলে আচৰিত হ’ব আপুনিও...
  2. আৰোগ্য হ’বলৈ টিবি ৰোগীক প্ৰয়োজন সঠিক সময়ৰ চিকিৎসা - World Tuberculosis Day 2024
  3. WHO TB Report: অহোপুৰুষাৰ্থৰ পিছতো দেশত কিয় বৃদ্ধি পাইছে টিবি ৰোগীৰ সংখ্যা ? পোহৰলৈ আহিল এই ডাঙৰ তথ্য