ETV Bharat / health

ছালত দেখা দিছে নেকি এনে পৰিৱৰ্তন ? তেন্তে সাৱধান !

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 5:24 PM IST

Kidneys Damage Early Signs: যেতিয়া হঠাতে ছালৰ ৰং সলনি হ’বলৈ ধৰে বা খজুৱতিৰ সমস্যা হয়, তেতিয়া সাৱধান হ’ব লাগে ৷ কাৰণ এই লক্ষণসমূহ বৃক্কৰ ক্ষতিৰ লক্ষণ হ’ব পাৰে । গতিকে এই বিষয়ে বিস্তাৰিত ভাৱে জানো আহক ৷

Skin Signs You May Have Kidney Disease
বৃক্কৰ ক্ষতিৰ লক্ষণ

যদি আপোনাৰ ছালৰ ৰং হঠাৎ সলনি হ’বলৈ ধৰিছে বা হালধীয়া হ’বলৈ ধৰিছে, তেন্তে আপুনি সাৱধান হোৱাটো উচিত । যদি হঠাতে খজুৱতি আৰু আঁচোৰৰ চিন দেখা দিবলৈ আৰম্ভ কৰে, তেন্তে সাৱধান হোৱাৰ প্ৰয়োজন আছে । কাৰণ ই আপোনাৰ বৃক্ক সঠিকভাৱে কাম নকৰাৰ লক্ষণ হ’ব পাৰে । যেতিয়াই বৃক্কত কোনো ধৰণৰ সমস্যা হয়, তেতিয়াই ইয়াৰ প্ৰথম লক্ষণ কেৱল ছালত দেখা যায় । ছালৰ বিশেষজ্ঞৰ মতে বৃক্কৰ ক্ষতি এক গুৰুতৰ সমস্যা হ’ব পাৰে । সঠিক সময়ত ইয়াৰ লক্ষণবোৰ ধৰা পেলাব পাৰিলে, ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷ ইয়াৰ গুৰুত্ব আৰু ইয়াৰ পৰা হাত সাৰিবলৈ উপায় জানি লওক ৷

ছালৰ ৰঙৰ পৰিৱৰ্তন

ছাল বিশেষজ্ঞৰ মতে যদি বৃক্কই সঠিকভাৱে কাম নকৰে তেন্তে তেজ সঠিকভাৱে পৰিষ্কাৰ নহয় । যাৰ বাবে ছালৰ ৰং হালধীয়া হ’বলৈ আৰম্ভ কৰে । ই বৃক্কত সমস্যাৰ সৃষ্টি হোৱাৰ লক্ষণ । ইয়াৰ লগতে যদি অবিৰত খজুৱতি হয় বা নিশাৰ পৰা তীব্ৰ খজুৱতি আৰম্ভ হয়, তেন্তে বুজিব যে বৃক্কত সমস্যা হৈছে । এনে পৰিস্থিতিত কোনো পলম নকৰাকৈ পৰীক্ষা কৰিব লাগে । কাৰণ বহুদিন আওকাণ কৰিলে ছালৰ পৰাও ৰক্তক্ষৰণ হ’ব পাৰে ।

ছালৰ ৰং কিয় সলনি হয় ?

চিকিৎসকৰ মতে, যেতিয়া বৃক্কই তেজ সঠিকভাৱে ফিল্টাৰ কৰিব নোৱাৰে তেতিয়া তেজত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে । যিবোৰে ছালৰ ৰং সলনি কৰে । ইয়াৰ বাবে ছালৰ ৰং বাদামী বা হালধীয়া হ’বলৈ আৰম্ভ কৰে । কিছুমান মানুহৰ ক্ষেত্ৰত ছালখন ক’লা হ’বলৈ ধৰে । যদি এনে লক্ষণ দেখা যায় তেন্তে তৎক্ষণাত বৃক্ক পৰীক্ষা কৰিব লাগে । যাতে আগতীয়াকৈ যিকোনো গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যায় । এই লক্ষণসমূহ সময়মতে বুজি নাপালে পৰিস্থিতি গুৰুতৰ আৰু আনকি মাৰাত্মকো হ’ব পাৰে ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: ICSI ৰ জৰিয়তে ৩০ বছৰ পূৰ্বে মুম্বাইত জন্ম হৈছিল প্ৰথম সন্তান, এতিয়া তেওঁ পিতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.