ETV Bharat / health

বয়স বৃদ্ধিৰ লগতে ছালৰ যত্নৰ বাবে মনত ৰাখক এই ৫টা নিয়ম - Skin Care Tips

author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 10:46 AM IST

Skin Care: কলাজেনৰ অভাৱে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ বিশেষকৈ ই ছালৰ লগত জড়িত সমস্যাৰ সৃষ্টি কৰে । ব্ৰণ, ব্ৰেকআউট, অকাল বয়স বৃদ্ধিকে, ছাল শোঁতোৰা পৰাকে ধৰি আন বহুতো ছালৰ সমস্যাই আপোনাক অসুবিধা দিব পাৰে ।

Skin Care: Remember these 5 rules of skin care as you age, your skin will remain young
বয়স বৃদ্ধিৰ লগতে ছালৰ যত্নৰ বাবে মনত ৰাখক এই ৫টা নিয়ম

আমি নিজৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি যিমান যত্ন লওঁ, ছালৰ যত্ন লোৱাটোও গুৰুত্বপূৰ্ণ ৷ ছালখনক সুস্থ কৰি ৰখাত কলাজেনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ আচলতে ই এক প্ৰকাৰৰ প্ৰাকৃতিক প্ৰ’টিন – যি আমাৰ শৰীৰত প্ৰাকৃতিকভাৱে পোৱা যায় ৷ কেৱল ছালৰ বাবেই নহয় চুলি, নখ আৰু হাড়ৰ বাবেও কলাজেন অতি গুৰুত্বপূৰ্ণ ৷

কলাজেনৰ অভাৱত ব্ৰণ, পিম্পল আৰু বয়স বৃদ্ধিৰ দৰে সমস্যা আমাৰ ছালত দেখা দিবলৈ আৰম্ভ কৰে ৷ কলাজেনৰ পৰিমাণ বজাই ৰাখিবলৈ আমাৰ খাদ্যাভ্যাসৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ ৷ ইয়াৰ লগতে আপুনি কিছুমান বিশেষ টিপছ মানি আপোনাৰ শৰীৰত কলাজেনৰ পৰিমাণ বজাই ৰাখিব পাৰে ৷

ৰেটিনলৰ ব্যৱহাৰ

ৰেটিনলে ছালত কলাজেন উৎপাদন বৃদ্ধি কৰে ৷ ইয়াৰ বাবে আমাৰ ছালত মিহি ৰেখা আৰু বলিৰেখা কমিবলৈ আৰম্ভ কৰে ৷ ই ছালৰ কোষ বৃদ্ধি কৰে, যাৰ ফলত ছালত কলাজেনৰ উৎপাদন বৃদ্ধি পায় ৷ গতিকে আপোনাৰ ছালৰ যত্নৰ ক্ষেত্ৰত নিশ্চিতভাৱে ৰেটিনল ব্যৱহাৰ কৰক ৷

ভিটামিন চি সমৃদ্ধ খাদ্য

ছালত কলাজেনৰ মাত্ৰা বৃদ্ধি কৰিবলৈ বেৰী, টেঙা ফল, সেউজীয়া শাক-পাচলি আদি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ৷ এই খাদ্যত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিয়ে আপোনাৰ ছালত কলাজেনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে ৷

ব্যায়াম কৰক

পাব মেড চেণ্ট্ৰেলৰ(PubMed) গৱেষণাৰ মতে, ব্যায়াম কৰিলে ছালৰ টেক্সচাৰ উন্নত হয় ৷ ইয়াৰ ফলত মুখমণ্ডলত ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু ছালত সঠিকভাৱে অক্সিজেন প্ৰবাহিত হয় আৰু কলাজেনৰ পৰিমাণ বৃদ্ধি কৰে ৷

প্ৰ’টিনযুক্ত খাদ্য

নন-ভেজ খাদ্যত প্ৰ’টিনৰ অভাৱ নহয় ৷ কিন্তু বহুতো নিৰামিষ খাদ্যও আছে, য’ত এইবোৰতকৈ বেছি প্ৰ’টিন থাকে ৷ পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন সেৱনে নতুন মাংসপেশী গঠনত সহায় কৰে ৷ ইয়াৰ ফলত কলাজেন উৎপাদনতো সহায় হয় ৷ প্ৰ’টিন সমৃদ্ধ খাদ্যই আপোনাৰ ছালৰ সমস্যাতৰ সৃষ্টি নকৰে ৷ গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰীসমূহ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ৷

সম্পূৰ্ণ টোপনি

টোপনিৰ অভাৱেও ছালৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ সঠিক নুশুৱাৰ ফলত ইয়াৰ চিধা প্ৰভাৱ আমাৰ ছালত পৰে ৷ ইয়াৰ লগতে কলাজেন উৎপাদনো কমি যায় ৷ কিন্তু বয়স বৃদ্ধিয়ে কলাজেন উৎপাদনতো প্ৰভাৱ পেলাব পাৰে ৷ যদি আপুনি ভালদৰে টোপনি নামাৰে তেন্তে ষ্ট্ৰেছ হৰম’ন কৰ্টিছল বৃদ্ধি পায় ৷ যিয়ে কলাজেনৰ উৎপাদন হ্ৰাস কৰিব পাৰে ৷

লগতে পঢ়ক: হোলী খেলাৰ সময়ত চকু-কাণ-মুখত ৰং সোমালে তাৎক্ষণিকভাৱে গ্ৰহণ কৰক এই ব্যৱস্থা - Holi Health Care

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.