ETV Bharat / health

শীতকালত ছালৰ খজুৱতি কেনেকৈ বন্ধ কৰিব পাৰি ?

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 4:59 PM IST

Remedies for itchy skin in winter: গৰমৰ তুলনাত শীতকালত পানী কমাই পান কৰা হয় ৷ ফলত ছালৰ আর্দ্রতা হ্রায় পায় আৰু ছাল ৰুক্ষ হৈ পৰে ৷ তাৰ লগতে খোৱাৰ নিয়ম, গা ধোৱাৰ নিয়ম, প্ৰসাধন সামগ্ৰী আৰু ঔষধ-পাতিৰ ব্যৱহাৰ, ভালদৰে নামানিলেই আপোনাৰ সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে ৷ কিন্তু এই সমস্যাৰ পৰা কিদৰে মুক্তি পাব আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

Remedies for itchy skin in winter
শীতকালত ছালৰ খজুৱতি কেনেকৈ বন্ধ কৰিব পাৰি ?

গৰমৰ তুলনাত শীতকালত পানী কমাই পান কৰা হয় ৷ ফলত ছালৰ আর্দ্রতা হ্রায় পায় আৰু ছাল ৰুক্ষ হৈ পৰে ৷ ইয়াৰ উপৰি অত্যধিক পৰিমাণে চাহ-কফি-সুৰা আদি পান কৰিলে শৰীৰৰ পৰা বেছি পানী বাহিৰ ওলাই যোৱাৰ বাবে ছাল ৰুক্ষ হ’বলৈ আৰম্ভ কৰে ৷

ছালৰ আদ্ৰতাও কমি যায় ৷ কোনো ক্ৰিম নাসানিলে ছালৰ খজুৱটিও আৰম্ভ হয় ৷ তাৰ লগতে খোৱাৰ নিয়ম, গা ধোৱাৰ নিয়ম, প্ৰসাধন সামগ্ৰী আৰু ঔষধ-পাতিৰ ব্যৱহাৰ, ভালদৰে নামানিলেই আপোনাৰ সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে ৷ কিন্তু এই সমস্যাৰ পৰা কিদৰে মুক্তি পাব আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

  • শীতকালত চিপ্‌ছ-পকোৰা আদি জনপ্ৰিয় খাদ্য ৷ যাৰ ফলত সুষম খাদ্যৰ প্ৰতি কাৰো আগ্ৰহ নাথাকে ৷ সেই বাবেই ছালৰ আর্দ্ৰতাও কমিবলৈ ধৰে ৷ ভালদৰে যত্ন নল’লে খজুৱটি বাঢ়ি যাব পাৰে ৷ এই সমস্যা কমাবলৈ ভজা খাদ্য কমাই খাব লাগে ৷ বেছিকৈ খাব এন্টিঅক্সিডেন্ট আৰু প্ৰাকৃতিক চর্বিসমৃদ্ধ খাদ্য ৷ যেনে- মৌচুমী, আপেল, আখৰোট, এমণ্ড, এভ’কেডো ৷ অলিভ অইলত ৰন্ধা পাচলি বা চালাদ খাব ৷ তৈলাক্ত মাছ, হালধীয়া-কমলা-গাঢ় সেউজীয়া ৰঙৰ শাক-পাচলি অত্যধিক পৰিমাণে খাব ৷ তৰল খাদ্যও বেছিকৈ খাব ৷ যেনে- ৮ৰ পৰা ১০ গিলাচ পানী, চুপ, ফলৰ বস, গাখীৰ আদি ৷
  • ঊণ বা গৰম কাপোৰৰ বাবে খজুৱটি বাঢ়িলে সূতাৰ পোছাকৰ ওপৰত গৰম পোছাক পিন্ধিব ৷ ছালৰ বাবে মৃদু-চাবোন নিৰাপদ ৷ সুগন্ধিৰ বাবে এলার্জি থাকিলে মৃদু গোন্ধৰ বা গন্ধহীন চাবোন সানিব ৷
  • গা ধোৱাৰ পাছত তিতা গাত গোন্ধহীন নাৰিকলৰ তেল সানিব ৷ তাৰ পাছত এমগ পানী ঢালি নৰম টাবেলেৰে লাহে লাহে মচি দিব ৷ ইয়াৰ দ্বাৰা ছালৰ আর্দ্রতা দীর্ঘ সময়লৈ থাকিব ৷ ফলত খজুৱটিও কম হ’ব ৷
  • গা ধোৱাৰ পাছত অলপ তিতা গাত লোছন সানিলে ছালৰ গভীৰলৈ যোৱা পানীৰ ওপৰত প্রতিবোধক আবৰণ সৃষ্টি কৰি আর্দ্রতা বহু সময়লৈ অটুট বাখে ৷ তৈলাক্ত ছালত মৃদু গোন্ধৰ জেল জাতীয় লোছন ব্যৱহাৰ কৰিব ৷ ছাল শুকান প্ৰকৃতিৰ হ’লে ক্রিম জাতীয় লোছন সানিব ৷
  • শীতকালত সততে বহুতেই ঠাণ্ডা পানীৰে গা নুধুৱে ৷ গৰম পানীৰে গা ধোৱাৰ ফলত আপোনাৰ ছাল অধিক ৰুক্ষ হৈ পৰে ৷ সেয়ে পাৰে কুহুমীয়া পানীৰে গা ধুবলৈ চেষ্টা কৰিব ৷
  • দীর্ঘ সময়ৰ স্নানৰ আৰাম ল’ব বিচাৰিলে গৰম পানী ব্যৱহাৰ কৰিব ৷ ইয়াৰ দ্বাৰা বক্ত সঞ্চালন ছালৰ স্বাস্থ্যও বহু ভালে ৰাখে ৷ তাৰ পাছত তিতা গাতে তেল বা ক্ৰিম সানিলে খজুৱটি কম হয় ৷

তৎসত্ত্বেও খজুৱটি নকমিলে চিকিৎসকৰ পৰামর্শ গ্ৰহণ কৰি মলম সানিব বা এন্টিএলার্জিক ঔষধ সেৱন কৰিব ৷ এনে সমস্যা বোধ কৰিবলৈ কেতিয়াবা শীতৰ আৰম্ভণিৰে পৰা অ’মেগা থ্ৰী ফেটি এচিড আৰু বিটা কেৰ ‘টিন ছাপ্লিমেন্ট সেৱন কৰিলেও সকাহ পোৱা যায় ৷

লগতে পঢ়ক: মূৰত বগা চুলি দেখিলেই উঘালি বা চিঙি পেলাই নেকি ? তেন্তে সাৱধান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.