ETV Bharat / health

মূৰত বগা চুলি দেখিলেই উঘালি বা চিঙি পেলাই নেকি ? তেন্তে সাৱধান !

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 1:29 PM IST

Gray Hair: মূৰত দেখা পোৱা বগা চুলিবোৰৰ বাবে প্ৰায়ে বহুলোকে অতি মানসিক চাপত ভোগে আৰু ইয়াৰ বাবে ডাই ৰং কৰাৰ দৰে বিকল্প বাছি লোৱাৰ পৰিৱৰ্তে তেওঁলোকে সেই চুলিবোৰ টানি উঘালি পেলোৱাটো সৰ্বোত্তম বিকল্প হিচাপে বিবেচনা কৰে । যদি আপুনিও এনেলোকৰ মাজৰ এজন, তেন্তে জানি লওক যে এনে কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে-

Do you also pull out gray hair and break it? So be careful and know its disadvantages
মূৰত বগা চুলি দেখিলেই উঘালি বা চিঙি পেলাই নেকি ? তেন্তে সাৱধান!

বয়স বৃদ্ধিৰ লগে লগে চুলি বগা হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া ৷ হেয়াৰ ডাই আৰু চুলিত লগোৱা ৰঙৰ সহায়ত বগা চুলি নিশ্চয় লুকুৱাব পাৰি, কিন্তু বন্ধ কৰিব নোৱাৰি ৷ গতিকে এই বিষয়ে বেছি মানসিক চাপ নলৈ আৰু নিৰ্দয়ভাৱে বগাচুলিখিনি ছিঙি পেলোৱাৰ ভুল নকৰিব ৷ বহুতে এডা বগাচুলি ছিঙিবলৈ টকা খৰচ কৰাৰ পৰিৱৰ্তে সহজ বিকল্প বুলি গণ্য কৰে ৷ কিন্তু ইয়াৰ ফলত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে তেওঁলোক অজ্ঞাত ৷ গতিকে আজিৰ এই প্ৰতিবেদনত আমি এই বিষয়ে জানিবলৈ ওলাইছো ৷

চুলি বগা হোৱাৰ কাৰণ

বয়স বৃদ্ধিৰ লগে লগে মেলানিন আৰু চুলিৰ ৰং বজাই ৰখা ৰঞ্জক পদাৰ্থও কমি যায় ৷ প্ৰতিটো চুলিৰ গুৰিতে ৰং উৎপাদনকাৰী কোষ থাকে ৷ যিবোৰক মেলানোচাইট বুলি জনা যায় ৷ বয়স বৃদ্ধিৰ লগে লগে এই কোষবোৰে কাম কৰাটো বন্ধ হৈ যায় ৷ অৰ্থাৎ মেলানিন উৎপাদনৰ কাম বন্ধ হৈ যায় ৷ যাৰ বাবে চুলিৰ ৰং বগা হ’বলৈ আৰম্ভ কৰে ৷

বগাচুলি ছিঙি পেলোৱাৰ অসুবিধা

  • মূৰত খজুৱতি আৰু জ্বলা-পোৰা হোৱা

চুলি টানি চিঙি পেলালেও তীব্ৰ খজুৱতি, জ্বলা-পোৰা আৰু মূৰৰ ছালত ফোহা আদি ওলাব পাৰে ৷ সংবেদনশীল ছাল থকাসকলৰ বাবে এই সমস্যা আৰু বৃদ্ধি পাব পাৰে ৷

  • সংক্ৰমণ হ’ব পাৰে

যেতিয়া আপুনি চুলি টানি চিঙি পেলায় তেতিয়া ইয়াৰ ফলত হোৱা তীব্ৰ খজুৱতিৰ পৰা মুক্তি পাবলৈ বাৰে বাৰে খজুৱালে সংক্ৰমণ হ’ব পাৰে আৰু যদি সময়মতে ইয়াৰ চিকিৎসা আপুনি গ্ৰহণ নকৰে, তেন্তে এই সংক্ৰমণে গোটেই মূৰৰ ছালত প্ৰভাৱ পেলাব পাৰে ৷

  • চুলিৰ বৃদ্ধি

বগা চুলি টানি ছিঙি পেলোৱা অভ্যাসৰ বাবে চুলিৰ গুৰিবোৰ দুৰ্বল হৈ পৰে ৷ যাৰ প্ৰভাৱ চুলিৰ বৃদ্ধি আৰু টেক্সচাৰত দেখা যায় ৷

  • হাইপাৰপিগমেণ্টেচনৰ আশংকা

যদি আপুনি বগা চুলিৰ পৰা মুক্তি পাবলৈ ইয়াক ছিঙি থাকে, তেন্তে জনাই দিও যে ইয়াৰ বাবে সেই চুলিৰ ঠাইত নতুন চুলি গজি নাযায় ৷ বৰঞ্চ ইয়াৰ ঠাইত ক’লা দাগ গঠন হ’বলৈ আৰম্ভ কৰে ।

লগতে পঢ়ক: ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছে ফিট হৈ থাকিবলৈ কি কৰে ? তেওঁৰ ডায়েট প্লেনৰ বিষয়ে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.