ETV Bharat / health

ছাৰ্ভাইকেল কেন্সাৰে প্ৰাণ কাঢ়িলে পুনম পাণ্ডেৰ

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 3:19 PM IST

Cervical cancer: ছাৰ্ভাইকেল কেন্সাৰত আক্ৰান্ত হৈ মৃত্যু হৈছে অভিনেত্ৰী পুনম পাণ্ডেৰ । এনে পৰিস্থিতিত জানো আহক ছাৰ্ভাইকেল কেন্সাৰ কি আৰু ইয়াৰ লগত জড়িত সকলো কথা যিবোৰ আপোনাৰ বাবে জনাটো গুৰুত্বপূৰ্ণ ।

Poonam Pandey dies due to cervical cancer; Know about Cervical Cancer
ছাৰ্ভাইকেল কেন্সাৰৰ লক্ষণ

শুকুৰবাৰে মনোৰঞ্জন জগতৰ পৰা আহিছে এটা বেয়া খবৰ ৷ ৩২ বছৰীয়া মডেল তথা অভিনেত্ৰী পুনম পাণ্ডেৰ দেহাৱসান ৷ মৃত্যুৰ কাৰণ ছাৰ্ভাইকেল কেন্সাৰ বুলি কোৱা হৈছে ৷ পুনমে ছাৰ্ভাইকেল কেন্সাৰৰ সৈতে যুঁজি আছিল আৰু অৱশেষত মৃত্যুক আকোৱালি ল’লে অভিনেত্ৰীগৰাকীয়ে । কিন্তু ছাৰ্ভাইকেল কেন্সাৰ মানেনো কি ? কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি ? সবিশেষ জানো আহক এই প্ৰতিবেদনত ৷

ছাৰ্ভাইকেল কেন্সাৰ কি ?

ছাৰ্ভাইকেল কেন্সাৰ মহিলাৰ ক্ষেত্ৰত হোৱা এক গুৰুতৰ প্ৰকাৰৰ কেন্সাৰ, যিটো জৰায়ুৰৰ পৰা আৰম্ভ হৈ যকৃত, মূত্ৰাশয়, যোনি, হাওঁফাওঁ আৰু বৃক্কলৈ বিয়পি পৰে । বিশ্বৰ ভিতৰতে মহিলাৰ ক্ষেত্ৰত হোৱা ই দ্বিতীয় সৰ্বাধিক কৰ্কট ৰোগ । এই কেন্সাৰ হিউমেন পেপিলোমা ভাইৰাছ ( HPV )ৰ সংক্ৰমণৰ ফলত হয় । আশ্চৰ্যজনক কথাটো হ’ল ভাৰত বিশ্বৰ একমাত্ৰ দেশ য’ত ২৫ শতাংশ লোক ছাৰ্ভাইকেলত আক্ৰান্ত আৰু মৃত্যু হয় ।

ছাৰ্ভাইকেল কেন্সাৰৰ লক্ষণ

মেয়’ ক্লিনিকৰ মতে এই কেন্সাৰ আৰম্ভ হ’লে কোনো লক্ষণ দেখা নাযায় । কিন্তু ই লাহে লাহে বিয়পি পৰিলে ছাৰ্ভাইকেল কেন্সাৰৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে ৷ লক্ষণবোৰ এনেধৰণৰ -

  • ঋতুস্ৰাৱ শেষ হোৱাৰ পাচত ৰক্তক্ষৰণ হোৱা
  • বৰ ভাগৰুৱা অনুভৱ কৰা
  • পেটৰ তলৰ অংশত বিষ হোৱা বা ফুলা অনুভৱ কৰা
  • যৌন সম্পৰ্কৰ সময়ত শ্ৰোণি বিষ হোৱা
  • যৌন সম্পৰ্কৰ পিচত ৰক্তক্ষৰণ
  • পিৰিয়ডৰ সময়ত স্বাভাৱিকতকৈ বেছি ৰক্তক্ষৰণ হোৱা
  • পানী আৰু দুৰ্গন্ধযুক্ত বগা স্ৰাৱ

ছাৰ্ভাইকেল কেন্সাৰৰ বাবে বিপদজনক কাৰক

  • ধূমপান কৰা
  • পুষ্টিহীনতা
  • অসুৰক্ষিত যৌন সম্পৰ্ক
  • একাধিক যৌন সংগী
  • ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ

ছাৰ্ভাইকেল কেন্সাৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি

ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসূ উপায় হ’ল টিকা লোৱা । এই কেন্সাৰ প্ৰতিৰোধৰ বাবে সংক্ৰমণ সৃষ্টিকাৰী ভাইৰাছ এইচ পি ভিৰ প্ৰতিষেধক লোৱাটো অতি প্ৰয়োজনীয় । এইচ পি ভি ভেকচিন ছাৰ্ভাইকেল কেন্সাৰকে ধৰি বহুতো গুৰুতৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হয় । ইয়াৰ উপৰিও নিয়মিতভাৱে স্মিয়ৰ টেষ্ট কৰাটোও অতি প্ৰয়োজনীয়, যাতে এই ৰোগ সময়মতে ধৰা পেলাব পৰা যায় ।

এই অভ্যাসবোৰ গ্ৰহণ কৰিলেও আপুনি ছাৰ্ভাইকেল কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে-

  • নিৰাপদ যৌন সম্পৰ্ক
  • ধূমপান পৰিহাৰ কৰক
  • স্বাস্থ্যসন্মত খাদ্য অনুসৰণ কৰক
  • পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক
  • যৌন সংগীৰ সংখ্যা হ্ৰাস
  • এইচ পি ভি ভাইৰাছৰ প্ৰতিষেধক গ্ৰহণ কৰক

লগতে পঢ়ক: পুনম পাণ্ডে আৰু নাই, কেনেকৈ মৃত্যু হৈছে পুনমৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.