ETV Bharat / entertainment

পুনম পাণ্ডে আৰু নাই, কেনেকৈ মৃত্যু হৈছে পুনমৰ ?

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 12:31 PM IST

Updated : Feb 2, 2024, 12:42 PM IST

Poonam Pandey death : বলীউডৰ অভিনেত্ৰী পুনম পাণ্ডে আৰু নাই ৷ পুনম পাণ্ডেৰ আকস্মিক মৃত্যুৰ খবৰে স্তম্ভিত কৰি তুলিছে সকলোকে । ছাৰ্ভাইকেল কেন্সাৰৰ বাবে মৃত্যুক আকোৱালি ল’লে অভিনেত্ৰীগৰাকীয়ে ।

Poonam Pandey Dies of Cervical Cancer, a Post on Actor's Official Social Media Handle Declares
পুনম পাণ্ডে মৃত্যু

চিটাৰা ডেস্ক, ২ ফেব্ৰুৱাৰী: বিতৰ্কিত মডেল তথা অভিনেত্ৰী পুনম পাণ্ডেৰ দেহাৱসান । অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ পুনমৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা হৈছে । ইফালে মুহূৰ্ততে ছ’চিয়েল মিডিয়াত জুইৰ দৰে বিয়পি পৰিছে এই খবৰ ৷ পুনমৰ আকস্মিক মৃত্যুৰ খবৰে এতিয়া স্তম্ভিত কৰি তুলিছে সকলোকে ।

উল্লেখ্য যে, পুনম পাণ্ডেৰ মৃত্যুৰ খবৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছে । তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা পোষ্টটোত লিখা আছিল, ‘‘আজি পুৱা আমাৰ বাবে অতি কঠিন । আমি আপোনালোকক জনাবলৈ পাই অতি দুখী হৈছো যে আমি আমাৰ মৰমৰ পুনমক ছাৰ্ভাইকেল কেন্সাৰৰ বাবে হেৰুৱাইছো । তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী মানুহে প্ৰেম আৰু দয়া লাভ কৰিছিল । এই দুখৰ সময়ত আমি গোপনীয়তাৰ বাবে অনুৰোধ জনাইছো । ”

পুনম পাণ্ডেৰ মৃত্যুৰ খবৰে স্তম্ভিত কৰি তুলিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক । অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিচতে অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি শোক প্ৰকাশ কৰিছে । কিন্তু বহু নেটিজেনে জল্পনা-কল্পনা কৰিছে যে তেওঁৰ মৃত্যুৰ ঘোষণা কেৱল প্ৰচাৰমূলক ষ্টাণ্ট নেকি ? এই পোষ্টটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “হেৰাই গৈছে ? আশাকৰো এইটো কোনো ভুৱা বা ধেমেলীয়া পোষ্ট নহয় । আশাকৰো এইটো কোনো মাৰ্কেটিং গিমিক নহয় কিন্তু যদি সঁচা হয় । তেন্তে তেওঁৰ আত্মাই শান্তি পাওক ৷” এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, “আশাকৰো এইটো এটা ভুৱা পোষ্ট ৷” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “হয়তো এইটো এটা প্ৰেংক ।’’

কোন আছিল পুনম পাণ্ডে ?

পুনম পাণ্ডে আছিল এগৰাকী মডেল । ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে ভিডিঅ’ বাৰ্তাযোগে ভাৰতে ফাইনেল মেচত জয়ী হ’লে কাপোৰ খুলিব বুলি প্ৰতিশ্ৰুতি দিছিল বিতৰ্কিত মডেলগৰাকীয়ে ৷ ইয়াৰ লগে লগে লাইমলাইটলৈ আহিছিল পুনম ৷ এই দাবীৰে প্ৰথমবাৰৰ বাবে সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মতে দৃষ্টি আকৰ্ষণ কৰিছিল পুনমে । কংগনা ৰনৌতে সঞ্চালনা কৰা ‘লকআপ’ নামৰ ৰিয়েলিটি শ্ব’তো দেখা গৈছিল পুনমক ।

লগতে পঢ়ক: কেন্সাৰৰ সৈতে যুঁজি অৱশেষত ইহলীলা সম্বৰণ অভিনেতা জুনিয়ৰ মেহমুদৰ

Last Updated :Feb 2, 2024, 12:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.