ETV Bharat / health

হোলীৰ সময়ত কেমিকেলযুক্ত ৰঙৰ পৰা আপোনাৰ ছালক কেনেকৈ ৰক্ষা কৰিব ?

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 4:27 PM IST

Holi 2024: আবিৰৰ ৰঙেৰে ৰাঙলী কৰিবলৈ আৰু কিছুদিনৰ পিছতে আহি আছে পৱিত্ৰ উৎসৱ হোলী বা ফাকুৱা ৷ এই উৎসৱত সকলোৱে হোলীৰ ৰং লগাই ইজনে আনজনক শুভেচ্ছা জ্ঞাপন কৰে ৷ কিন্তু বহুবাৰ এনে হয় যে বজাৰৰ কেমিকেলযুক্ত ৰঙৰ বাবে আমাৰ ছালৰ সংক্ৰমণ হোৱা দেখা যায় তেন্তে ইয়াৰ পৰা পৰিত্ৰাণ লাভ কৰাৰ উপায় কি জানো আহক-

Playing Holi with colors may lead to skin infections, Here are some precautions you can take to avoid them
হোলীৰ সময়ত কেমিকেলযুক্ত ৰঙৰ পৰা আপোনাৰ ছালক কেনেকৈ ৰক্ষা কৰিব ?

পৱিত্ৰ উৎসৱ হোলী বা ফাকুৱালৈ আৰু বেছি দিন নাই ৷ ভাৰতবৰ্ষত এই উৎসৱ অতি বিশেষ কাৰণ এই দিনটোত সকলোৱে ৰঙৰ সৈতে খেলা কৰে আৰু মুকলিকৈ এই উৎসৱ পালন কৰে ৷ এই উৎসৱত ইজনে আনজনৰ মুখত ৰং লগাই শুভকামনা জনায় ৷ কিন্তু কেতিয়াবা এই ৰঙবোৰে ছালৰ সংক্ৰমণৰ সৃষ্টি কৰি ব্ৰণকে ধৰি বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

দৰাচলতে গুলালত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে যাৰ ফলত ছালৰ ফোহাকে ধৰি খজুৱতি আৰু শুকান হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ কেৱল এয়াই নহয়, কিছুমান ৰঙে আপোনাৰ ছালখন নষ্টও কৰিব পাৰে ৷ এনে পৰিস্থিতিত ছালখন সুস্থ কৰি ৰাখিবলৈ হোলীৰ সময়ত এই টিপচ্সমূহ মানি চলাটো জৰুৰী ৷

হোলী খেলাৰ আগতে এই কথাবোৰ মনত ৰাখিব

১) মুখত নাৰিকল তেল লগাব

যদি আপুনি হোলীৰ ৰঙৰ ফলত হোৱা সংক্ৰমণৰ পৰা ছালখনক ৰক্ষা কৰিব বিচাৰে তেন্তে প্ৰথমে হাতত নাৰিকল তেল লগাওক আৰু গোটেই মুখমণ্ডল আৰু শৰীৰৰ প্ৰতিখন ছালত লগাওক ৷ লাহে লাহে মালিচ কৰি নিশ্চিত হওক যে নাৰিকল তেল শৰীৰৰ প্ৰতিটো অংগত প্ৰয়োগ কৰিছে৷ ইয়াৰ ফলত ছালত ৰংবোৰৰ কোনো প্ৰভাৱ নপৰে আৰু সংক্ৰমণৰ পৰা আপুনি নিজকে ৰক্ষা কৰিব পাৰে ৷

২) সম্পূৰ্ণ শৰীৰ ঢাকি ৰখা কাপোৰ কাপোৰ পিন্ধিব

যদি আপুনি যিকোনো ধৰণৰ ছালৰ সংক্ৰমণৰ পৰা হাত সাৰিব বিচাৰে তেন্তে সম্পূৰ্ণ শৰীৰ ঢাকি ৰখা কাপোৰ পৰিধান কৰক৷ হোলী খেলাৰ আগতে সম্পূৰ্ণ শৰীৰ ঢাকি ৰখা কাপোৰ বাছি লওক যাতে আপোনাৰ ছালখন সুৰক্ষিত হয় আৰু সংক্ৰমণৰ সম্ভাৱনা কম হয় ৷ গতিকে, হোলী খেলিবলৈ যাওঁতে সম্পূৰ্ণ পোছাক পিন্ধি যাওক ৷

৩) ৱেট ৱাইপছ আপোনাৰ লগত ৰাখক

যদি আপুনি হোলী খেলিবলৈ গৈ আছে তেন্তে ৱেট ৱাইপছ আপোনাৰ লগত ৰাখক ৷ শৰীৰৰ যিকোনো অংশত ৰং লগাৰ লগে লগে আপুনি ইয়াক পৰিষ্কাৰ কৰিব পাৰে ৷ ইয়াৰ ফলত ছালখন নিমিষতে সম্পূৰ্ণৰূপে পৰিষ্কাৰ হ’ব আৰু ৰঙৰ প্ৰভাৱ ছালৰ গভীৰতালৈ সোমাব নোৱাৰিব ৷ যাৰ বাবে আপুনি সংক্ৰমণৰ পৰা সুৰক্ষিত হ’ব ৷

৪) এলোভেৰা জেল প্ৰয়োগ কৰিব লাগে

এলোভেৰা জেলে ছালৰ সংক্ৰমণ হ্ৰাস কৰাত সহায় কৰে ৷ ই ছালখনক আৰ্দ্ৰতা প্ৰদান কৰাৰ লগতে সংক্ৰমণৰ পৰাও ৰক্ষা কৰে ৷ গতিকে, এই সকলোবোৰ টিপছ মানি চলক আৰু হোলী খেলাৰ আগতে এইবোৰ কথা মনত ৰাখক ৷ লগতে হোলীৰ লগে লগে ছালখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰক যাতে ফোঁহা আৰু খজুৱতি নহয় ৷ পৰাপক্ষত কেৱল প্ৰাকৃতিক ৰঙেৰে হোলী খেলিবলৈ চেষ্টা কৰক ৷

লগতে পঢ়ক: Happy And Safe Holi: আবিৰৰ ৰঙৰ মাজত ল'বলৈ নাপাহৰিব নিজৰ স্বাস্থ্যৰ যত্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.