ETV Bharat / health

শিশুৰ বিকাশৰ ক্ষেত্ৰত অভিভাৱকে কি কৰা উচিত ?

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 6:15 PM IST

Parenting Tips: শিশুসকলক শৈশৱৰ পৰাই ভাল অভ্যাস শিকোৱা উচিত যাতে তেওঁলোকে ভৱিষ্যতে তেওঁলোকৰ অভ্যাসৰ বিষয়ে সতৰ্ক হৈ থাকে ৷ এই অভ্যাসবোৰৰ ভিতৰত অন্যতম হৈছে-

Parents should pay attention to these aspects for the healthy development of their children
শিশুৰ বিকাশৰ ক্ষেত্ৰত অভিভাৱকে কি কৰা উচিত ?

শিশুৰ উচিত বিকাশৰ বাবে অভিভাৱকসকলে তেওঁলোকৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো খুবেই জৰুৰী ৷ যেতিয়া শিশুটোৰ বয়স ৪-৫ বছৰ হয়, পিতৃ-মাতৃয়ে তেওঁলোকৰ অভ্যাসৰ বিষয়ে সতৰ্ক হোৱা উচিত ৷ শিশুসকলক শৈশৱৰ পৰাই ভাল অভ্যাস শিকোৱা উচিত যাতে তেওঁলোকে ভৱিষ্যতে তেওঁলোকৰ অভ্যাসৰ বিষয়ে সতৰ্ক হৈ থাকে ৷ এই অভ্যাসবোৰৰ ভিতৰত অন্যতম হৈছে-

পৰিচ্ছন্নতাৰ অভ্যাস

এই বয়সত শিশুসকলক পৰিস্কাৰ-পৰিচ্ছন্নতাৰ সৈতে সম্পৰ্কিত অভ্যাসবোৰৰ বিষয়ে শিকাব লাগে ৷ যেতিয়া তেওঁলোক বাহিৰৰ পৰা ঘৰলৈ আহে, প্ৰথমে হাত আৰু মুখ ধুবলৈ দিব ৷ হাত নোধোৱাকে তেওঁলোকক একো স্পৰ্শ কৰিবলৈ নিদিব ৷ তদুপৰি তেওঁলোকক ডাষ্টবিনৰ ব্যৱহাৰ শিকাওঁক ৷ এনে কৰাৰ দ্বাৰা শিশুসকলৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস বিকশিত হয় ৷

স্বাস্থ্যকৰ আহাৰ খুওৱাব

শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে খাদ্যৰ ভূমিকা অপৰিসীম ৷ আজিকালি অধিকাংশ শিশুয়েই ছিপচ, বিস্কুট, মিঠাই, জাংক ফুড খাবলৈ ভাল পায় ৷ কিন্তু উচিত বিকাশৰ বাবে তেওঁলোকক সদায় ঘৰত বনোৱা খাদ্য খুৱাব লাগে ৷ সুস্থ শৰীৰৰ বাবে ফল-পাচলি, গাখীৰ, দৈ আদি কিমান উপকাৰী, সেই বিষয়ে তেওঁলোকক অৱগত কৰাব ৷ খাদ্য সামগ্ৰীৰ স্বাস্থ্য উপকাৰিতাসমূহ জানিলে তেওঁলোক খাবলৈ আগ্ৰহী হ’ব ৷

আনক সহায় কৰিবলৈ শিকাওঁক

শিশুসকলক আনক সহায় কৰিবলৈ শিকাওঁক ৷ তেওঁলোকক বুজাব যে যদি কোনো বন্ধুক সহায়ৰ প্ৰয়োজন হয়, তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি যাব লাগে ৷ কেৱল বন্ধুয়েই নহয়, যদি তেওঁলোকৰ শক্তি-সামৰ্থই আন কোনো ব্যক্তিক সহায় কৰিব পাৰে, তেন্তে কৰাটো খুবেই প্ৰয়োজন ৷

প্ৰকৃতি প্ৰেম

শিশুসকলক প্ৰকৃতিক ভাল পাবলৈ শিকাওঁক ৷ জীয়াই থকাৰ ক্ষেত্ৰত প্ৰকৃতিৰ গুৰুত্ব কি, সেয়া তেওঁলোকক জনাব ৷ বহুতো শিশুৰ পানীৰ সৈতে খেলাৰ অভ্যাস থাকে, যাৰ বাবে তেওঁলোকে ইয়াক অপচয় কৰে, সেয়েহে তেওঁলোকক পানীৰ উচিত ব্যৱহাৰ তথা জীৱ-জন্তু-চৰাইক ভাল পাবলৈ শিকাব ৷

জ্যেষ্ঠক সন্মান

শিশুবোৰ স্বভাৱত চঞ্চল ৷ তেওঁলোকে প্ৰায়ে আনৰ সৈতে কেনেদৰে কথা পাতিব লাগে, সেয়া বুজি নাপায় ৷ সেয়েহে এজন অভিভাৱক হিচাপে আপুনি তেওঁলোকক সদায়ে জ্যেষ্ঠসকলক সন্মানৰে তথা সমনীয়াৰ লগত মৰম তথা নম্ৰতাৰে ব্যৱহাৰ কৰিবলৈ শিকাব ৷

লগতে পঢ়ক: দৈনন্দিন জীৱনত কেৱল ছালৰ যত্নই নহয় Oral Hygieneকো কৰক অন্তৰ্ভুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.