ETV Bharat / health

বাৰ অনুযায়ী কি ৰং ব্যৱহাৰ কৰিলে লাভ কৰিব শুভফল ?

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 6:58 PM IST

Astro Tips: সপ্তাহৰ প্ৰতিটো বাৰত কি ধৰণৰ ৰং বা কি ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে সুফল লাভ কৰিব ৷ এই সন্দৰ্ভত জনালে বাস্তুশাস্ত্ৰ বিশেষজ্ঞ ড৹ কৰবী বেজবৰুৱাই ৷

Astro tips
বাৰ অনুযায়ী কি ৰং ব্যৱহাৰ কৰিলে লাভ কৰিব শুভফল ?
বাস্তুশাস্ত্ৰ বিশেষজ্ঞা ড৹ কৰবী বেজবৰুৱা

গুৱাহাটী, 25 জানুৱাৰী: যি কোনো শুভকাম কৰিবলৈ যোৱাৰ পূৰ্বে দিন-বাৰ হিচাপে আমি কেনেধৰণৰ ৰং ব্যৱহাৰৰ কৰিব পাৰো সেইবিষয়ে আমি ভালদৰে নাজানো ৷ সেয়ে ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সপ্তাহৰ প্ৰতিটো বাৰত কি ধৰণৰ ৰং বা কি ৰংৰ বস্ত্ৰ পৰিধান কৰিলে সুফল লাভ কৰিব সেই বিষয়ে বিৱৰি ক’লে বাস্তুশাস্ত্ৰ বিশেষজ্ঞ ড৹ কৰবী বেজবৰুৱাই ৷

  • দেওবাৰৰ বাবে শুভ ৰং হৈছে ৰং, কমলা আৰু সোণালী ৷ এইকেইটা ৰং ব্যৱহাৰ কৰিলে বা এই ৰংৰ বস্ত্ৰ পৰিধান কৰিব পাৰিলে দেওবাৰে শুভফল লাভ কৰিব পৰিব ৷
  • সোমবাৰৰ বাবে শুভ ৰং হৈছে বগা বা মাখন ৰং ৷ এইকেইটা ৰং ব্যৱহাৰ কৰিলে বা এই ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰিলে সোমবাৰে শুভফল লাভ কৰিব পৰিব ৷
  • মংগলবাৰৰ বাবে শুভ ৰং হৈছে ৰঙা বা কমলা ৰং ৷ এইকেইটা ৰং ব্যৱহাৰ কৰিলে বা এই ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰিলে মংগলবাৰৰ দিনটোত শুভফল লাভ কৰিব পৰিব ৷
  • বুধবাৰৰ বাবে শুভ ৰং হৈছে সেউজীয়া বা পাতল নীলা ৰং ৷ এইকেইটা ৰং ব্যৱহাৰ কৰিলে বা এই ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰিলে এইবাৰে শুভফল লাভ কৰিব পৰিব৷
  • বৃহস্পতিবাৰে হালধীয়া ৰং খুব বেছি পৱিত্ৰ বুলি বিবেচনা কৰা হয় ৷
  • শুকুৰবাৰে যিকোনো ধৰণৰ ৰং বা মিশ্ৰিত ৰং ব্যৱহাৰ কৰিব পাৰে ৷ যদিহে কোনো ধৰণৰ ইণ্টাৰভিউ বা কিবা থাকে তেন্তে বগা বা ছিলভাৰ ৰংৰ বস্ত্ৰ পৰিধান কৰিব পাৰে ৷
  • শনিবাৰৰ বাবে শুভ ৰং ডাঠ নীলা বা ডাঠ বেঙুনীয়া বিবেচিত হয় ৷

বাৰ হিচাপে এই ৰং কেইটা আমি কাপোৰৰ মাধ্যমেৰেও ব্যৱহাৰ কৰিব পাৰো, নাইবা কেতিয়াবা ৰুমাল, ফোঁট আদি ব্যৱহাৰ কৰিও কৰিব পাৰো ৷ ইণ্টাৰভিউ দিবলৈ গ’লে ফাইল ক'ভাৰ, ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত পেঞ্চিল বক্স আদিৰ ক্ষেত্ৰতো এইসমূহ ৰং ব্যৱহাৰ কৰিব পাৰে ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ বিশেষত্ব তথা তাৎপৰ্য কি জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.