ETV Bharat / health

পুৱা মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি ? সাৱধান হওক, হ’ব পাৰে এইসমূহ ৰোগৰ লক্ষণ

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 5:41 PM IST

Bad Breath: নিশা দীঘলীয়া টোপনিৰ পিচত পুৱা মুখৰ পৰা দুৰ্গন্ধ ওলোৱাটো স্বাভাৱিক । কিন্তু দীৰ্ঘ সময়লৈকে যদি এই সমস্যাই দেখা দিছে তেন্তে হ’ব পাৰে এই বেমাৰৰ লক্ষণ ৷

Know morning bad breath causes and treatment
পুৱা মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি ? সাৱধান হওক, হ’ব পাৰে এইসমূহ ৰোগৰ লক্ষণ

পুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পিচত মুখৰ পৰা দুৰ্গন্ধ ওলোৱাটো সাধাৰণ কথা । বেছিভাগ মানুহৰ ক্ষেত্ৰতে এই সমস্যাটো দেখা যায় । আনকি দুৰ্গন্ধ ওলোৱাৰ বাবে বহু সময়ত ইয়াৰ প্ৰভাৱ সম্পৰ্কতো পৰে আৰু কেতিয়াবা ইয়াৰ বাবেই লাজৰ সন্মুখীনো হ’বলগীয়া হয় ।

বহু লোকে মুখৰ দুৰ্গন্ধক আওকাণ কৰি দাঁত ব্ৰাছ কৰি কিছু সময়ৰ বাবে এই সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰে । কিন্তু অতি কম সংখ্যক লোকেহে জানে যে দীৰ্ঘ সময়লৈকে যদি মুখৰ পৰা দুৰ্গন্ধ ওলাই তেন্তে ইয়াক আওকাণ কৰিলে বহু ৰোগে দেখা দিব পাৰে । এনে পৰিস্থিতিত জানো আহক কিয় মুখৰ পৰা দুৰ্গন্ধ ওলায় ? কোনবোৰ ৰোগৰ আশংকা থাকে আৰু আমি ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ?

নেশ্যনেল চেণ্টাৰ ফৰ বায়’টেকন’লজি ইনফৰ্মেশ্যনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি পুৱা মুখৰ দুৰ্গন্ধই মুখৰ ভিতৰৰ সমস্যাৰ ইংগিত দিয়ে । ইয়াক মৰ্নিং ব্ৰেথ, বেড ব্ৰেথ বা মৰ্নিং মাউথ ষ্টিক বুলিও কোৱা হয় যদিও চিকিৎসাৰ ক্ষেত্ৰত ইয়াক হালিট’ছিছ বুলি কোৱা হয় ।

কিয় মুখৰ পৰা গোন্ধ ওলায় ?

নিশা দীঘলীয়া টোপনিৰ পিচত পুৱা মুখৰ পৰা দুৰ্গন্ধ ওলোৱাটো স্বাভাৱিক । দীৰ্ঘসময় মুখ শুকাই থকাৰ বাবে মুখত বেক্টেৰিয়া বিয়পি পৰে, যাৰ ফলত পুৱা মুখৰ পৰা দুৰ্গন্ধ ওলায় । নিশা খাদ্য খোৱাৰ পিচত দাঁত ব্ৰাছ নকৰা লোকে শুই থকাৰ সময়ত থু কমকৈ উৎপন্ন হয়, যাৰ ফলত মুখৰ ভিতৰচোৱা শুকান হৈ পৰে । ইয়াৰ বাবে মুখ শুকাই যায় আৰু বেক্টেৰিয়াৰ প্ৰচাৰ হয় । ধঁপাতৰ দৰে বস্তু সেৱন কৰা লোকসকলে ইয়াক তৎক্ষণাত বন্ধ কৰিব লাগে, কাৰণ ইয়াৰ দ্বাৰাও মুখৰ দুৰ্গন্ধৰ কাৰণ হ’ব পাৰে । ইয়াৰ উপৰিও যদি কোষ্ঠকাঠিন্য, গেছ আৰু এচিডিটিৰ সমস্যা হয়, তেন্তে মুখৰ পৰা বেয়া গোন্ধ ওলায় ।

মুখৰ দুৰ্গন্ধৰ পৰা মুক্তি পাবলৈ কি কৰিব

১) প্ৰচুৰ পৰিমাণে পানী খালে মুখৰ দুৰ্গন্ধ দূৰ হয় । ইয়াৰ ফলত শৰীৰ বিষমুক্ত হ’ব আৰু পেটৰ সমস্যাও নিৰাময় হ’ব।

২) পুৱাৰ দৰেই নিশাও খোৱাৰ পিচত দাঁত ব্ৰাছ কৰাৰ অভ্যাস গঢ়ি তোলক ।

৩) মুখৰ দুৰ্গন্ধৰ পৰা আঁতৰি থাকিবলৈ স্বাস্থ্যসন্মত অভ্যাস গঢ়ি তোলক ।

৪) ধঁপাত, ধূমপান, গুটখা, সুৰা আদি ক্ষতিকাৰক বস্তুৰ পৰা আঁতৰি থাকিব লাগে ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: পটলৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.