ETV Bharat / health

মহানগৰীৰ ৰেডিশ্যন ব্লুত কাশ্মীৰী ফুড ফেষ্ট-2024

Kashmiri Food Fest 2024: খাদ্যৰসিক সকলৰ বাবে এটা ভাল খবৰ ৷ মহানগৰীৰ ৰেডিচন ব্লু গুৱাহাটীত অনুষ্ঠিত হ'ব কাশ্মীৰী ফুড ফিষ্ট ৷ ২ৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব এই অনুষ্ঠান ৷

Kasmiri Food fest
কাশ্মীৰী ফুড ফেষ্ট 2024
author img

By ETV Bharat Assamese Team

Published : February 1, 2024 at 11:28 AM IST

2 Min Read
Choose ETV Bharat
গুৱাহাটীৰ ৰেডিশ্যন ব্লুত কাশ্মীৰী ফুড ফেষ্টৰ আয়োজন

গুৱাহাটী, 1 ফেব্ৰুৱাৰী: ভাৰত হৈছে নানা বিবিধতা, বৈচিত্ৰতাৰে পৰিপূৰ্ণ এখন দেশ ৷ ঠাইভেদে দেশৰ বিভিন্ন প্ৰান্তত সংস্কৃতি, পৰম্পৰা, আচাৰ-ব্যৱহাৰ সকলোৱে নিজস্ব বৈশিষ্টৰে সুকীয়া ৷ গতিকে আপুনিও ভাৰতৰ যিকোনো ঠাইলৈ ফুৰিবলৈ গ’লে বাৰেৰহণীয়া সংস্কৃতিৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হয় ৷ ঠিক একেদৰেই দেশৰ প্ৰত্যেকটো অংশতে খাদ্য সম্ভাৰেও নিজস্ব এক পৰিচয় আৰু স্বকীয়তা বহন কৰে ৷ তেনে এক অঞ্চল হৈছে জম্মু-কাশ্মীৰ ৷

Kasmiri Food fest
গুৱাহাটীৰ ৰেডিশ্যন ব্লুত কাশ্মীৰী ফুড ফেষ্টৰ আয়োজন

যদিহে আপুনি কেতিয়াও কাশ্মীৰ ভ্ৰমণ কৰা নাই বা তাৰ থলুৱা খাদ্যৰ জুতি লোৱা নাই তেনেহ’লে আপোনাৰ হাতত আছে নিজৰ ঠাইতে থাকি সেই সোৱাদ লোৱাৰ এক সুৱৰ্ণ সুযোগ ৷ হয়, যদিহে আপুনি এগৰাকী খাদ্যৰসিক বা আপুনি সুস্বাদু খাদ্য খাই ভালপায় তেন্তে এই সুস্বাদু কাশ্মীৰী খাদ্যৰ অনন্য অভিজ্ঞতা প্ৰদান কৰিবলৈ অহা ২ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলৈ গৈ আছে কাশ্মীৰী ফুড ফেষ্ট ৷ মহানগৰীৰ ৰেডিশ্যন ব্লু হোটেলত গুৱাহাটীত আয়োজন কৰা হৈছে কাশ্মীৰী ফুড ফেষ্ট "ৱাজৱান এ কাশ্মীৰ" শীৰ্ষক এক ৰন্ধন অনুষ্ঠানৰ ৷

Kasmiri Food fest
গুৱাহাটীৰ ৰেডিশ্যন ব্লুত কাশ্মীৰী ফুড ফেষ্টৰ আয়োজন

এই অনুষ্ঠানৰ জৰিয়তে খাদ্যপ্ৰেমীসকলে কাশ্মীৰ উপত্যকাৰ সুস্বাদ্য খাদ্য-সম্ভাৰৰ লগতে বিবিধ ব্যঞ্জনৰ জুতি ল'ব পাৰিব ৷ এই অনুষ্ঠানৰ বাবে কাশ্মীৰৰ নান্দনিক চহৰ পেহেলগামৰ প্ৰখ্যাত শ্বেফ শ্বাব্বিৰে উপত্যকাখনৰ আটাইতকৈ জনপ্ৰিয় খাদ্যসম্ভাৰ প্ৰদৰ্শন কৰি প্ৰস্তুত কৰিছে এক বিশেষ মেন্যু ৷ সুস্বাদু মাটন ৰিষ্টা, গুস্তাবা, টাবাক মাজ, ৱাজা কোকুৰ, লাহাবি কাবাব, নাদৰু যখনি আৰু এৰ’মেটিক কাভাৰ দৰে অনন্য খাদ্যসম্ভাৰৰ বাছনি কৰি খাদ্যপ্ৰেমীসকলে এই অনুষ্ঠানত কাশ্মীৰী খাদ্যৰ প্ৰকৃত সোৱাদ উপভোগ কৰিবলৈ সক্ষম হ’ব ৷

Kasmiri Food fest
গুৱাহাটীৰ ৰেডিশ্যন ব্লুত কাশ্মীৰী ফুড ফেষ্টৰ আয়োজন

এই ফুড ফেষ্টৰ সন্দৰ্ভত মন্তব্য কৰি ৰেডিশ্যন ব্লু গুৱাহাটীৰ কাৰ্যবাহী শ্বেফ কে কাৰ্তিকেয়ানে কয় 'কাশ্মীৰী ফুড ফেষ্ট’ অনুষ্ঠানৰ জৰিয়তে আমাৰ খাদ্যৰসিক অতিথিসকলক কাশ্মীৰৰ জুতিলগা সোৱাদৰ সৈতে পৰিচয় কৰাই দিবলৈ যি সুবিধা পাইছো তাক লৈ আমি অতিশয় আনন্দিত হৈছো ৷ এই ফুড ফেষ্টৰ জৰিয়তে খাদ্যৰসিকসকলে কাশ্মীৰী খাদ্যৰ সোৱাদ উপভোগ কৰিব পাৰিব ৷

লগতে পঢ়ক: খাদ্য ৰান্ধিবলৈ কোনবিধ তেল শৰীৰৰ বাবে উত্তম জানি লওক