ETV Bharat / health

খাদ্য ৰান্ধিবলৈ কোনবিধ তেল শৰীৰৰ বাবে উত্তম জানি লওক

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 3:14 PM IST

খাদ্যৰ প্ৰকৃত সোৱাদ ইয়াৰ মছলা আৰু তেলৰ পৰাই আহে । ৰন্ধা-বঢ়া কৰাৰ সময়ত সঠিক তেল ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ । কেৱল সেই ৰন্ধন তেল ব্যৱহাৰ কৰক যাতে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি নহয় । ৰন্ধা-বঢ়াৰ বাবে সদায় কেৱল সেই তেল ব্যৱহাৰ কৰক যিটো আপোনাৰ বাবে সোৱাদ আৰু স্বাস্থ্য দুয়োটা দিশতে উপকাৰী ।

What is the best oil to cook food in?
খাদ্য ৰান্ধিবলৈ কোনবিধ তেল শৰীৰৰ বাবে উত্তম জানি লওক

খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে উপযুক্ত তেল ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ বিশেষকৈ ভাৰতীয় খাদ্যত তেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ভাৰতীয়সকলে তেল নোহোৱাকৈ ৰন্ধা খাদ্য খাবলৈ ভাল নাপায়, কিন্তু বেছিকৈ তেল যোগ কৰিলে খাদ্যৰ সোৱাদ নষ্ট হয় ৷ ইয়াৰ উপৰিও ই স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে ৷ সুস্থ হৈ থাকিবলৈ ভাল আৰু শুদ্ধ ৰন্ধন তেল ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি এনেধৰণৰ তেল ব্যৱহাৰ কৰিব লাগে যাতে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি নহয় ৷ শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ’লে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায় ৷ এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ ৰন্ধন তেলৰ পৰিমাণ কমাই খোৱাৰ লগতে সঠিক ৰন্ধন তেল বাছি লোৱাটো খুবেই জৰুৰী ৷ তেন্তে জানো আহক আমাৰ স্বাস্থ্যৰ বাবে আমি কোনবিধ ৰন্ধন তেল ব্যৱহাৰ কৰাটো উচিত ৷

এই ৰন্ধন তেলবোৰ স্বাস্থ্যৰ বাবে উত্তম বুলি বিবেচিত হয়

১.সৰিয়হৰ তেল

ভাৰতবৰ্ষৰ প্ৰায়বোৰ ঘৰতে বিশেষকৈ অসমত সৰিয়হৰ তেল ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা হয় ৷ সৰিয়হৰ তেলত মনোঅনচেচুৰেটেড আৰু পলিঅনচেচুৰেটেড ফেট পোৱা যায় ৷ ইয়াক হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় ৷ এই দুয়োবিধ চৰ্বি শৰীৰৰ বাবে উপকাৰী কাৰণ ইয়াৰ পৰা তৈয়াৰী খাদ্য খালে শৰীৰত থকা বেয়া কলেষ্টেৰল হ্ৰাস পাব পাৰে ৷ ইয়াৰ লগতে আমাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাতো কাম কৰে ৷

২.অলিভ অইল

অলিভ অইলক জলফাইৰ তেল বুলিও কোৱা হয় ৷ এই তেল সৰ্বোত্তম বুলি গণ্য কৰা হয় ৷ ইয়াত স্বাস্থ্যকৰ চৰ্বি পোৱা যায় যিটো আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে সৰ্বোত্তম ৷ ইয়াৰ ফলত বেয়া কলেষ্টেৰল হ্ৰাস পায় আৰু এই তেল ছাল আৰু চুলিৰ বাবেও উপকাৰী বুলি বিবেচিত হয় ৷ এই তেল বহু ধৰণৰ চালাডতো ব্যৱহাৰ কৰা হয় ৷

৩. নাৰিকল তেল

দক্ষিণ ভাৰতৰ মানুহে এই তেল প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰে ৷ তাত থকা বেছিভাগ ঘৰতে খাদ্য কেৱল নাৰিকল তেলত ৰান্ধি থাকে ৷ ইয়াত প্ৰস্তুত কৰা খাদ্য খালে আপোনাৰ হজম শক্তি উন্নত হয় ৷ লগতে পেট ফুলা আৰু পেটৰ বিষৰ সমস্যা হ’লে ইও সকাহ দিয়ে ৷ একে সময়তে উত্তৰ ভাৰতত বসবাস কৰা লোকসকলে নাৰিকল তেলত ৰন্ধা খাদ্য বৰ বেছি ভাল নাপায় ৷

৪.বাদামৰ তেল

শীতকালত ৰন্ধা-বঢ়াৰ বাবে বাদামৰ তেল সৰ্বোত্তম বুলি গণ্য কৰা হয় ৷ ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ এই বতৰত মাটিমাহৰ তেল কঠিন নহয় ৷ ইয়াৰ লগতে ইয়াৰ এন্টিচেপ্টিক, এষ্ট্ৰিংজেণ্ট, এন্টিস্পাচমোডিক আদি গুণ আছে, যিয়ে শৰীৰক সকলো দিশতে উপকাৰিতা সাধন কৰে ৷ শীতকালত ৰন্ধা-বঢ়াৰ বাবে বাদামৰ তেল ব্যৱহাৰ কৰাটো উচিত কাৰণ ই আপোনাৰ শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰাখে আৰু হৃদযন্ত্ৰৰ বাবেও স্বাস্থ্যকৰ ৷

৫. তিলৰ তেল

শীতকালতো তিলৰ তেল বহুলভাৱে ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ বাবে আপুনি যিকোনো বগা বা ক’লা তিলৰ তেল ব্যৱহাৰ কৰিব পাৰে ৷ তিলত অসংপৃক্ত চৰ্বি, মনোঅসংপৃক্ত আৰু বহুসংপৃক্ত চৰ্বি থাকে, যিয়ে আমাৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে ৷

লগতে পঢ়ক: মাতৃদুগ্ধই দূৰ কৰিব নোৱাৰে এই ভিটামিনৰ অভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.