ETV Bharat / health

যদি আপুনি এই ৪টা ঘৰুৱা কাম দৈনিক কৰে তেন্তে পৃথক ব্যায়ামৰ প্ৰয়োজন নাই !

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 1:10 PM IST

Home Workouts : আপুনি জানেনে দৈনন্দিন কৰা এই ঘৰুৱা কাম-কাজবোৰে আপোনাক ফিট আৰু সুস্থ কৰি ৰাখিব পাৰে ? জানি লওক ইয়াৰ সবিশেষ...

If you do these 4 Best Home Workouts daily there is no need for separate workout
যদি আপুনি এই ৪টা ঘৰুৱা কাম দৈনিক কৰে তেন্তে পৃথক ব্যায়ামৰ প্ৰয়োজন নাই !

ফিট আৰু সক্ৰিয় হৈ থাকিবলৈ আমাক ব্যায়াম আৰু ৱৰ্কআউটৰ প্ৰয়োজন । কিন্তু ব্যস্ত ৰুটিনৰ বাবে মানুহে ব্যায়ামৰ বাবে সময় উলিয়াব নোৱাৰে । কিন্তু আপুনি জানেনে ঘৰত কৰা মাত্ৰ কেইটামান কামেই সম্পূৰ্ণ ৱৰ্কআউটৰ কাম কৰিব পাৰে ? ইয়াৰ বাবে আপুনি কোনো পৃথক প্ৰচেষ্টা চলাব নালাগে । আনকি জিমলৈও যোৱাৰ প্ৰয়োজন নাই । এই কামবোৰে আপোনাৰ শৰীৰক ফিট কৰি ৰাখিব । এই ঘৰুৱা কামবোৰৰ বিষয়ে জানো আহক যিবোৰে আপোনাক সম্পূৰ্ণ ফিট কৰি ৰাখিব ।

ঘৰ চাফা কৰা

গোটেই ঘৰত ঝাড়ু লগোৱা, মপ কৰা, বাচন ধোৱা আদি ঘৰ চাফা কৰাটোও এটা ভাল ব্যায়াম । এই চাফাই কামবোৰ কৰি থাকোঁতে আপোনাৰ হাত-ভৰি অবিৰতভাৱে গতি কৰি থাকে । ঘৰ পৰিষ্কাৰ কৰিবলৈ শৰীৰৰ বিভিন্ন অংগই কাম কৰে, বেঁকা হোৱা, খোজ কঢ়া, আগলৈ পিচলৈ গতি কৰা । এই সকলোবোৰে শৰীৰক গতিশীল কৰি ৰাখে । লগতে এই কামবোৰ কৰিবলৈ শক্তিৰ প্ৰয়োজন হয়, যিটোৱে আপোনাৰ শৰীৰত জমা হোৱা চৰ্বিৰ পৰা পোৱা যায় । অৰ্থাৎ এই কাৰ্যই কেলৰি বাৰ্ণ কৰাত সহায় কৰে আৰু ওজন নিয়ন্ত্ৰণত ৰখাতো সহায় কৰে ।

গাৰ্ডিনিং কৰা

বাগিচাৰ কাম কৰাও এটা ভাল ব্যায়াম । গছ-গছনিৰ যত্ন ল’বলৈ পানী দিয়া, ঘাঁহ-বন চাফা কৰা, ঘাঁহ কটা, সাৰ প্ৰয়োগ আদি কাম কৰিব লাগে । এই সকলোবোৰ কাম কৰি থাকোঁতে আপোনাৰ সমগ্ৰ শৰীৰটো গতিশীল হৈ থাকে । যাৰ বাবে হাত-ভৰিৰ পেশীবোৰ শক্তিশালী হৈ পৰে । এই কামবোৰত যথেষ্ট শক্তি খৰচ হয়, অৰ্থাৎ কেলৰিও শেষ হয় ।

চিৰি বগোৱা

চিৰি বগালে শৰীৰটো ফিট হৈ থাকে । প্ৰতিদিনে কমেও ১০-১৫ মিনিটমান চিৰি বগালে ভৰিৰ পেশী আৰু সমগ্ৰ শৰীৰ শক্তিশালী হৈ উঠিব পাৰে । চিৰি বগালে আপোনাৰ ভৰি, পিঠি, উৰুৰ পেশীবোৰ টানি থাকে, যাৰ ফলত শক্তিশালী হয় । ইয়াৰ উপৰিও ই আপোনাৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে ।

নিজৰ হাতেৰে কাপোৰ ধুব

নিজৰ হাতেৰে নিজৰ কাপোৰ ধোৱাটো এটা সম্পূৰ্ণ শাৰীৰিক ব্যায়াম । ইয়াত আপুনি বাল্টিটো বাৰে বাৰে তুলি ল’ব লাগে আৰু ৰাখিব লাগে, যিয়ে আপোনাৰ বাহু আৰু শৰীৰক গতিশীলতা প্ৰদান কৰে । কাপোৰ ধোৱাৰ পিচত সেইবোৰক চেপি ধৰি শুকুৱাবলৈ ওলোমাই থ’ব লাগে, যাৰ ফলত আপোনাৰ সমগ্ৰ শৰীৰৰ পেশীবোৰে কাম কৰে । এই সকলোবোৰ কামৰ বাবে শৰীৰত শক্তিৰ প্ৰয়োজন হয় যিটো আপোনাৰ চৰ্বিৰ পৰা পোৱা যায়, অৰ্থাৎ কেলৰি বাৰ্ণ হয় ।

লগতে পঢ়ক: সঁচাকৈয়ে চাহ খালে দেহৰ বৰণ ক’লা হৈ পৰে নেকি ? জানি লওক বিশেষজ্ঞৰ পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.