ETV Bharat / health

সঁচাকৈয়ে চাহ খালে দেহৰ বৰণ ক’লা হৈ পৰে নেকি ? জানি লওক বিশেষজ্ঞৰ পৰা

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 11:40 AM IST

Tea and Its Effects on Skin: সৰুৰে পৰা হয়তো এটা কথা আপুনি নিশ্চয় শুনিছে যে বেছি চাহ খালে মুখৰ বৰণ ক’লা হৈ পৰে । কিন্তু কিমান দূৰ সঁচা এই কথা ? জানো আহক এই প্ৰতিবেদনত ৷

Does drinking tea makes your skin darker?  Know Myth vs Facts
বেছি চাহ খালে ক’লা হৈ পৰিব !

চাহ কোনেনো ভাল নাপায়, প্ৰায় সকলো লোকৰে হয়তো প্ৰিয় চাহ ৷ কিন্তু আপুনি হয়তো এষাৰ কথা সৰুৰে পৰা নিশ্চয় শুনিছে যে, বেছি চাহ খালে শৰীৰৰ বৰণ ক’লা পৰি যায় ৷ কিন্তু এই কথা কিমান দূৰ সঁচা ? আজি আমি আপোনাক ইয়াৰ সত্যতা ক’ম । এইখিনিতে উল্লেখ কৰিব লাগিব যে বহুতে এই কথা শুনি চাহ খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰে দিয়ে, কাৰণ তেওঁলোকে অনুভৱ কৰে যে ছালৰ ৰং ম্লান হ’ব বা ক’লা পৰিব । কিন্তু এই ক্ষেত্ৰত ছালৰ বিশেষজ্ঞই কয় যে চাহ খালে ছালৰ ৰঙত কোনো প্ৰভাৱ নপৰে । আমাৰ ছালৰ ৰং সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আমাৰ বংশগত কাৰকৰ ওপৰত । গতিকে ইয়াৰ লগত চাহৰ কোনো সম্পৰ্ক নাই । চাহ খালে মুখৰ বৰণ ক’লা হৈ পৰে বুলিও বহুতে কয় ।

চাহৰ ফলত কেনেদৰে ক্ষতি হয় ?

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি চাহ খালে ছালৰ ৰঙত কোনো প্ৰভাৱ নপৰে । যিসকলে ভাবে যে চাহে ছালখন ক’লা কৰি তুলিছে, তেন্তে এয়া মাথোঁ এটা উৰাবাতৰি হে । আনকি চাহ খালে ওঁঠৰ ৰঙো ক’লা নহয় । অৱশ্যে এই কথা নুই কৰিব নোৱাৰি যে গৰম চাহ খালে ওঁঠৰ ৰং ক’লা পৰিব পাৰে । কিন্তু চাহৰ ফলত মানুহৰ শৰীৰত যথেষ্ট ক্ষতি হয় । সেয়েহে অত্যধিক চাহ খোৱাৰ পৰা বিৰত থাকিব লাগে । কাৰণ চাহত বহুতো এন্টি-নিউট্ৰিয়েণ্ট থাকে । যাৰ বাবে শৰীৰত এন্টিঅক্সিডেন্টৰ অভাৱ হয় ।

ছালৰ ৰং সঁচাকৈয়ে ক’লা পৰে নে উজ্বল হয় ?

উল্লেখ্য যে, কোনো কাৰণতেই ছালৰ ৰং ক’লা বা বগা কৰিব নোৱাৰি । বজাৰত এনে বহুতো ট্ৰিটমেণ্ট বা ক্ৰীম পোৱা যায় যিয়ে ছালখন ক’লা বা বগা কৰাৰ বুলি দাবী কৰে যদিও ইয়াৰ প্ৰভাৱ বেছি দিনলৈ নাথাকে । লাহে লাহে ছালখন পুনৰ স্বাভাৱিক ৰঙলৈ ঘূৰি আহে । যদি আপুনি দীঘলীয়া ছালৰ চিকিৎসা লয় তেন্তে ছালৰ মেলা টোনটো দীৰ্ঘদিনলৈ টিকি থাকিব । নহ’লে পুৰণি ৰঙটো ঘূৰি আহিব । শীতকালত ছালখন সুস্থ কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে । যাতে শৰীৰ হাইড্ৰেটেড হৈ থাকে । ইয়াৰ লগতে ছিজনেল ফলমূল আৰু শাক-পাচলিও খাব লাগে । এই সকলোবোৰৰ উপৰিও ভিটামিন চি সমৃদ্ধ ফলমূল আৰু শাক-পাচলি খাব লাগে । ইয়াৰ ফলত মুখৰ ৰং স্বাভাৱিকভাৱে গ্ল’ কৰিব পাৰে ।

চাহৰ উপকাৰিতা

ব্লেক টি, গ্ৰীণ টি, হালধীয়া চাহ আদি বনৌষধি চাহ খালে বহুত উপকাৰ পোৱা যায় । ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই বহু ৰোগৰ পৰা ৰক্ষা কৰে । এনে চাহত এন্টিঅক্সিডেন্ট চাহত পোৱা যায় । এন্টিঅক্সিডেন্ট আমাৰ শৰীৰত ফ্ৰী ৰেডিকেলৰ প্ৰভাৱ কমায় ।

চাহৰ অপকাৰিতা

কিন্তু বনৌষধি চাহৰ সলনি গাখীৰৰ চাহ খালে আপোনাৰ কিছু ক্ষতি হ’ব পাৰে । যেনেকৈ পাচনতন্ত্ৰৰ ক্ষতি হ’ব পাৰে । এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ সমস্যাও দেখা দিব পাৰে । একে সময়তে যদি আপুনি চাহত বেছিকৈ চেনি ব্যৱহাৰ কৰে তেন্তে ডায়েবেটিছ ৰোগৰ আশংকা বৃদ্ধি পাব পাৰে ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: গৰ্ভাৱস্থাত থাইৰয়ডৰ সমস্যা হৈছে নেকি? এইবোৰ কথা মনত ৰাখি কৰক নিয়ন্ত্ৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.