ETV Bharat / health

গৰ্ভাৱস্থাত থাইৰয়ডৰ সমস্যা হৈছে নেকি? এইবোৰ কথা মনত ৰাখি কৰক নিয়ন্ত্ৰণ

Thyroid Problem: থাইৰয়ড গ্ৰন্থিয়ে কেলৰি বাৰ্নিং অৰ্থাৎ আমাৰ বিপাকীয় হাৰ নিয়ন্ত্ৰণ কৰে ৷ কিন্তু গৰ্ভাৱস্থাত থাইৰয়ডৰ সমস্যা বাঢ়িব পাৰে । এনে পৰিস্থিতিত কিছুমান টিপছ মানি চলিব পাৰে ।

Have you got thyroid problems during pregnancy? Control by keeping these things in mind
গৰ্ভাৱস্থাত থাইৰয়ডৰ সমস্যা হৈছে নেকি? এইবোৰ কথা মনত ৰাখি কৰক নিয়ন্ত্ৰণ
author img

By ETV Bharat Assamese Team

Published : January 27, 2024 at 4:18 PM IST

2 Min Read
Choose ETV Bharat

অনিয়মিত খাদ্যাভ্যাস তথা ভুল জীৱনশৈলীৰ লগত জড়িত সমস্যাৰ বাবে বহুলোকে থাইৰয়ডৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ আনকি কিছুমান লোকে গম নোপোৱাকৈ থাইৰয়ডৰ সমস্যাৰ সৈতে যুঁজিবলগীয়া হয় ৷ এনে পৰিস্থিতিত থাইৰয়ড সম্পৰ্কে সজাগ হোৱাটো অতিকৈ প্ৰয়োজনীয় ৷ এই ৰোগত ওজন কমি যোৱাৰ লগতে হৰম’নৰো কিছুমান পৰিবৰ্তন হয় ৷

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, থাইৰয়ড গ্ৰন্থিৰ খেলি-মেলিৰ বাবে হাইপাৰথাইৰয়ডিজম বা হাইপোথাইৰয়ডিজমৰ সমস্যা হ’ব পাৰে ৷ বিশেষজ্ঞসকলেও কয় যে, গৰ্ভাৱস্থাত থাইৰয়ডৰ সমস্যাই মহিলা আৰু গৰ্ভত থকা শিশুৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে ৷ এনে পৰিস্থিতিত মহিলাসকলে কিছুমান বিশেষ ক্ষেত্ৰত যত্ন লোৱাটো উচিত ৷

খাদ্যৰ যত্ন লওক

ভুল খাদ্যাভ্যাসৰ বাবেও থাইৰয়ডৰ সমস্যা হ’ব পাৰে ৷ গৰ্ভাৱস্থাৰ পৰ্যায়ত থকা মহিলাসকলে খাদ্যাভ্যাসৰ বিশেষ যত্ন ল’ব লাগে ৷ স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, যদি এগৰাকী মহিলাৰ ইতিমধ্যে হাইপাৰথাইৰয়ডিজমৰ সমস্যা আছে তেন্তে তেওঁ নূন্যতম নিমখ খাব লাগে ৷ সেয়ে অধিক পৰিমাণে শাক-পাচলি খাবলৈ চেষ্টা কৰক, যিয়ে থাইৰয়ড নিয়ন্ত্ৰণত ৰাখিব পাৰে ৷ হাইপোথাইৰয়ডিজমৰ সমস্যাৰ সন্মুখীন হোৱা মহিলাসকলে আয়’ডিন আৰু গোটা শস্য খাব লাগে ৷

দৈনিক যোগাসন কৰক

দীৰ্ঘদিনীয়া ৰোগ নিয়ন্ত্ৰণত যোগাসন অতি লাভদায়ক৷ বেয়া জীৱনশৈলীৰ বাবেই থাইৰয়ডৰ সমস্যাৰ সৃষ্টি হয় ৷ এনে পৰিস্থিতিত যোগাভ্যাস কৰি ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷ অৱশ্যে ইয়াৰ বাবে যোগ বিশেষজ্ঞৰ পৰামৰ্শ মতেহে যোগাসন কৰিব লাগে ৷

কম মানসিক চাপত থাকিব লাগে

ইয়াৰ লগতে যিমান পাৰি মানসিক চাপ কমাই ৰাখিব লাগে৷ যিমানেই মানসিক চাপ ল’ব সিমানেই থাইৰয়ডৰ সমস্যা বাঢ়িব পাৰে ৷ স্বাস্থ্য বিশেষজ্ঞসকলেও কয় যে, গৰ্ভাৱস্থাত থাইৰয়ডৰ সমস্যা তেনেই সাধাৰণ ৷ এনে পৰিস্থিতিত আপুনি ভয় নোখোৱাকৈ সঠিক জীৱনশৈলীৰ নিয়ম মানি চলাটো উচিত নহয় ৷

চেকআপ কৰি থাকক

গৰ্ভাৱস্থাত থাইৰয়ডৰ সমস্যাৰ কাৰণ হ’ল হৰম’নৰ ভাৰসাম্যহীনতা ৷ এই কাৰণেই এনে সময়ত মহিলাসকলে এই সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ যদি কোনো মহিলা ইতিমধ্যে থাইৰয়ডত আক্ৰান্ত হৈছে তেন্তে তেওঁ নিয়মিতভাৱে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে ৷

লগতে পঢ়ক: যোনিৰ ৰক্তক্ষৰণ হ’ব পাৰে ডিম্বাশয়ৰ চিষ্টৰ লক্ষণ ! শৰীৰত এই লক্ষণ দেখিলে হৈ যাওক সাৱধান