ETV Bharat / health

আপুনিও ওজন কমাবলৈ গ্ৰীণ টী খায় নেকি ? তেন্তে জানি লওক এই ভুল ধাৰণাবোৰ

গ্ৰীণ টী স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হয় । এনে পৰিস্থিতিত এই সন্দৰ্ভত বহুতো মিথ আছে যে গ্ৰীণ টী খালে ওজন কমি যায় আৰু কেলৰি কমে । ইয়াৰ বিষয়ে বিশেষজ্ঞৰ পৰা জানো আহক-

If you are drinking green tea for weight loss, then know these myths and facts also
আপুনিও ওজন কমাবলৈ গ্ৰীণ টী খায় নেকি ? তেন্তে জানি লওক এই ভুল ধাৰণাবোৰ
author img

By ETV Bharat Assamese Team

Published : February 1, 2024 at 8:20 PM IST

3 Min Read
Choose ETV Bharat

আমাৰ দেশৰ বেছিভাগ মানুহেই চাহ খোৱাৰ প্ৰতি খুবেই আকৰ্ষিত ৷ এতিয়া গাখীৰৰ চাহ হওক বা গ্ৰীণ টী হওক এই দুয়োটাৰ ভিতৰত মানুহে গ্ৰীণ টী খোৱাটো অধিক পছন্দ কৰে কাৰণ বহুলোকে বিশ্বাস কৰে যে গ্ৰীণ টী আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী হয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ই ওজন হ্ৰাস কৰাত সহায় কৰে ৷ আপোনালোকৰ বহুতেই হয়তো ওজন কমাবলৈ গ্ৰীণ টী খাই আছে ৷ আজিকালি ইও এটা ট্ৰেণ্ডৰ অংশ হৈ পৰিছে ৷ কিন্তু আপুনি জানেনে গ্ৰীণ টীক লৈ আমাৰ মাজত বহুতো ভুল ধাৰণা আছে ৷

সেয়ে নিউট্ৰিচন নমামী আগৰৱালে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁ গ্ৰীণ টীৰ সৈতে জড়িত ৩টা ভুল ধাৰণাৰ বিষয়ে উল্লেখ কৰিছে ৷ সেই ভুল ধাৰণাবোৰৰ বিষয়ে জানো আহক-

গ্ৰীণ টী সৈতে জড়িত ৩টা ভুল ধাৰণা আৰু তথ্য

1. অধিক পান কৰাটো উপকাৰী

নিউট্ৰিচন আগৰৱালে কয় যে, অত্যধিক গ্ৰীণ টী সেৱনে পেটত এচিডৰ মাত্ৰা অধিক বেয়া কৰি হাইপাৰচিডিটিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ এনে পৰিস্থিতিত গ্ৰীণ টী সীমিত পৰিমাণত সেৱন কৰিব লাগে ৷

2. গ্ৰীণ টী কেফেইন মুক্ত

বিশেষজ্ঞসকলে কয় যে, গ্ৰীণ টীত কেফেইন পোৱা যায়, যাৰ ফলত আপোনাৰ টোপনিত বাধা আহিব পাৰে ৷ যদি কেফেইন আপোনাৰ লগত খাপ নাখায় তেন্তে ই উদ্বেগ, কঁপনি, খিংখিঙীয়া আৰু টোপনিৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷

3. গ্ৰীণ টীয়ে ওজন কমাবলৈ সহায় কৰে

নিউট্ৰিচন নমামী আগৰৱালৰ মতে, গ্ৰীণ টীয়ে ওজনটো কম নকৰে আৰু কেলৰিও হ্ৰাস নকৰে ৷ তেওঁ কয় যে, গ্ৰীণ টীয়ে ওজন কমাবলৈ অৰিহণা যোগাব পাৰে, কিন্তু ব্যায়াম আৰু খাদ্যাভ্যাস অবিহনে ওজন হ্ৰাসৰ বাবে কেৱল গ্ৰীণ টী খোৱাৰ ওপৰত নিৰ্ভৰ কৰাটো সঠিক নহয় ৷

গ্ৰীণ টীত কেফেইন আৰু কেটেচিন নামৰ এক বিশেষ ধৰণৰ ফ্লেভন’ইড থাকে, যিটো এন্টিঅক্সিডেন্ট গুণৰ বাবে জনাজাত ৷ দুয়োটাৰে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাৰ ক্ষমতা আছে ৷ অতিৰিক্ত চৰ্বি ভাঙি পেলোৱাত কেটেচিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু কেটেচিনৰ সংমিশ্ৰণে শৰীৰত শক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে ৷ এনে পৰিস্থিতিত যেতিয়া আপুনি শক্তিশালী অনুভৱ কৰে তেতিয়া আপুনি ৱৰ্কআউট কৰিব পাৰে, যিয়ে কেলৰি জ্বলোৱাত সহায় কৰিব পাৰে আৰু ওজন হ্ৰাস কৰাত উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ কিন্তু ওজন কমাবলৈ কেৱল গ্ৰীণ টীৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে ৷

গ্ৰীণ টী উপকাৰিতা কি কি ?

  • গ্ৰীণ টীত থকা পলিফেনলে স্নায়ুৰক্ষাকাৰী প্ৰভাৱ পেলাব পাৰে, সেয়েহে স্মৃতিশক্তিৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷
  • গ্ৰীণ টীত থকা এমিনো এচিড এল-থিয়ানিনে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷
  • গ্ৰীণ টী কলেষ্টেৰলৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে, বিশেষকৈ ই এল ডি এল কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷
  • গ্ৰীণ টীয়ে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰিব পাৰে আৰু ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে, যিটো টাইপ ২ ডায়েবেটিছ পৰিচালনা আৰু হ্ৰাস কৰাত উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷
  • গ্ৰীণ টীত বিশেষকৈ কেটেচিনৰ ৰূপত থকা এন্টিঅক্সিডেন্টে প্ৰদাহ হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷

লগতে পঢ়ক: বৃক্কৰ পাথৰৰ সৈতে জড়িত ৪টা ভুল ধাৰণা, যিয়ে কৰিব পাৰে শৰীৰৰ লোকচান