ETV Bharat / health

বৃক্কৰ পাথৰৰ সৈতে জড়িত ৪টা ভুল ধাৰণা, যিয়ে কৰিব পাৰে শৰীৰৰ লোকচান

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 12:49 PM IST

Myths About Kidney Stones: বৃক্ক হৈছে আমাৰ শৰীৰৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংগ, যিয়ে আমাৰ তেজ পৰিষ্কাৰ কৰে আৰু শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰে । কিন্তু কেতিয়াবা, খনিজ পদাৰ্থ জমা হোৱাৰ ফলত বৃক্কত পাথৰ সৃষ্টি হয়, যাক কিডনী ষ্টোন বোলা হয় ।

4 myths about kidney stones that can harm your body
বৃক্কৰ পাথৰৰ সৈতে জড়িত ৪টা ভুল ধাৰণা, যিয়ে কৰিব পাৰে শৰীৰৰ লোকচান

বৃক্ক হৈছে আমাৰ শৰীৰৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংগ, যিয়ে আমাৰ শৰীৰৰ তেজ পৰিষ্কাৰ কৰা তথা শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ৷ কিন্তু কেতিয়াবা, খনিজ পদাৰ্থ জমা হোৱাৰ ফলত বৃক্কত পাথৰ সৃষ্টি হয়, যাক কিডনী ষ্ট’ন বোলা হয় ৷ এই পাথৰবোৰৰ ফলত তীব্ৰ বিষ, প্ৰস্ৰাৱত তেজ আৰু সংক্ৰমণ হ’ব পাৰে ৷

বৃক্কৰ পাথৰ সন্দৰ্ভত বহু ভুল ধাৰণা বিয়পি পৰিছে, যিয়ে কেৱল বিভ্ৰান্তিৰ সৃষ্টি কৰাই নহয়, পৰিস্থিতি অধিক বিপদজনক কৰি তুলিব পাৰে ৷ তেন্তে আহক, আজি আমি এনে ৪টা ভুল ধাৰণাৰ সত্যতাতা জানি লও ৷

1. ভুল ধাৰণা: বৃক্কত পাথৰ কেৱল পুৰুষৰ ক্ষেত্ৰতহে দেখা দিয়ে

সত্যতা: পুৰুষৰ ক্ষেত্ৰত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা অধিক থাকে যদিও মহিলাও এই সমস্যাত ভুগিবলগীয়া হ’ব পাৰে ৷ দৰাচলতে শেহতীয়া বৰ্ষবোৰত মহিলাৰ কিডনী ষ্টোনৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে৷

2. ভুল ধাৰণা: বিয়েৰ খালে বৃক্কৰ পাথৰ আঁতৰ হয়

সত্যতা: এইটো এটা বিপদজনক ভুল ধাৰণা ৷ বিয়েৰত থকা সুৰাই আচলতে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷ ইয়াৰ উপৰিও বিয়েৰে প্ৰস্ৰাৱত কেলচিয়ামৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত পাথৰ গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷

3. ভুল ধাৰণা: বৃক্কৰ পাথৰ অস্ত্ৰোপচাৰৰ দ্বাৰাহে চিকিৎসা কৰিব পাৰি

সত্যতা: বৃক্কৰ বেছিভাগ পাথৰ সৰু হয় আৰু কেইসপ্তাহমানৰ ভিতৰতে স্বাভাৱিকভাৱে শৰীৰৰ পৰা ওলাই যায় ৷ চিকিৎসকে বিষ কমোৱাৰ বাবে ঔষধ দিব পাৰে আৰু পাথৰবোৰ বাহিৰ কৰাত সহায় কৰিব পাৰে ৷ কেৱল ডাঙৰ বা আবদ্ধ হৈ থকা পাথৰৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় ৷

4. ভুল ধাৰণা: বৃক্কত পাথৰৰ কোনো নিৰাময় নাই

সত্যতা: যদিও বৃক্কৰ পাথৰ এবাৰ গঠন হ’লে পুনৰ আহিব পাৰে, তথাপিও খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰিলে ইয়াৰ আশংকা হ্ৰাস কৰিব পাৰি ৷ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা, নিমখৰ পৰিমাণ কম কৰা, কেলচিয়াম আৰু আঁহযুক্ত খাদ্য খোৱা, নিয়মিতভাৱে ব্যায়াম কৰা আদিয়ে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে ৷

লগতে পঢ়ক: উজ্বল তথা সুস্থ ছালৰ গৰাকী হ’বলৈ দৈনিক খাওক এই ৰস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.