ETV Bharat / health

উজ্বল তথা সুস্থ ছালৰ গৰাকী হ’বলৈ দৈনিক খাওক এই ৰস

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 11:33 AM IST

How to get Natural and Glowing Skin at Home
উজ্বল তথা সুস্থ ছালৰ গৰাকী হ’বলৈ দৈনিক খাওক এই ৰস

Juice For Glowing Skin: যদি আপুনিও কোনো কেমিকেলযুক্ত ট্ৰিটমেন্ট অবিহনে আপোনাৰ মুখত প্ৰাকৃতিক উজ্বলতা বিচাৰে, তেন্তে মাত্ৰ এই ৰসে আপোনাৰ দৈনন্দিন খাদ্যত অন্তৰ্ভুক্ত কৰক । মাত্ৰ ইয়াক কেইদিনমান সেৱনৰ পিছত আপোনাৰ ছালৰ পৰিৱৰ্তন অনুভৱ কৰিব পাৰিব । ইয়াৰ দ্বাৰা আপোনাৰ মুখৰ উজ্বলতা বৃদ্ধি হোৱাই নহয়, বয়স বঢ়াৰ লগে লগে ই আপোনাক সৰু যেন দেখাব ।

প্ৰাকৃতিক উজ্বলতাৰ কথাই সুকীয়া ৷ মেকআপ নকৰাকৈও যেতিয়া মানুহে আপোনাক প্ৰশংসা কৰে তেতিয়া যে কিমান ভাল লাগে ৷ ত্ৰুটিহীন, জিলিকি থকা ছাল আৰু বিলাহীৰ দৰে ৰঙা গাল দুখনে আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰে আৰু ইয়াক পাবলৈ কোনেনো নিবিচাৰে ৷ যদি আপুনিও এনে ছালৰ গোপন সূত্ৰ বিচাৰিছে, তেন্তে এই ৰস আপোনাৰ খাদ্য তালিকাত আজিয়েই অন্তৰ্ভুক্ত কৰক-

  • বিশ্বাস কৰক, এই ৰস দৈনিক সেৱনে আপোনাৰ মুখখনক এক বেলেগ উজ্বলতা প্ৰদান কৰিব ৷
  • মুখৰ উজ্বলতা বৃদ্ধি কৰিব এই ৰসে
  • ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ’ব-
  • ডেৰ কাপ বিট, ডেৰ কাপ গাজৰ, ১ আপেল, ডেৰ ইঞ্চি কেঁচা হালধি, ১ আমলখি, ১ কাপ ডালিম

এনেকৈ তৈয়াৰ কৰক এই ৰস

  • ব্লেণ্ডাৰত বিট, বিলাহী, আপেল, আমলখি, হালধি আৰু ডালিম দি অলপ পানী দি ভালদৰে মিক্সিত পিচি লওক ৷ ইচ্ছা কৰিলে ইয়াত সিজোৱা বিটো ব্যৱহাৰ কৰিব পাৰে ৷
  • এতিয়া ৰসখিনি চেকি লৈ ইয়াত ৰুচি অনুসৰি নেমুৰ ৰস দিয়ক ৷
  • অৱশ্যে নেচেকাকৈ পান কৰিলে ই আপোনাৰ স্বাস্থ্যৰ বাবে অধিক উপকাৰী হ’ব পাৰে কাৰণ শৰীৰেও ৰসৰ পৰা আঁহ লাভ কৰিব ৷
  • ওপৰত পদিনা পাত দি পৰিবেশন কৰক ৷

এই ৰসৰ উপকাৰিতা

১/ বিট

বিটত বহুতো পুষ্টিকৰ উপাদান থাকে ৷ ইয়াত থকা ফোলেটে ছালৰ কোষ বৃদ্ধি কৰে ৷ ভিটামিন চি এ বয়স বৃদ্ধিৰ প্ৰভাৱ কমায় আৰু বলিৰেখা আঁতৰায় ৷

২/ গাজৰ

গাজৰত থকা বিটা কেৰটিনে ছালখনক UV ৰশ্মিৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰে ৷

৩/ আপেল

আপেলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে যিয়ে কোষ আৰু কলাৰ ক্ষতি ৰোধ কৰে ৷ ইয়াক ৰসত অন্তৰ্ভুক্ত কৰিলে ছালত কলাজেন আৰু ইলাষ্টিন বৃদ্ধি পায়, যাৰ ফলত আপুনি সৰু দেখা যায় ৷ ইয়াৰ উপৰিও ভিটামিন এ, বি কমপ্লেক্স আৰু চিয়ে ছালৰ টেক্সচাৰ উন্নত কৰাৰ কাম কৰে ৷

৪/ কেঁচা হালধি

হালধিত থকা কাৰকুমিন উপাদানে প্ৰদাহ কমায় ৷ ছালত লগালে বা খাদ্যত অন্তৰ্ভুক্ত কৰিলে ব্ৰণ আৰু দাগ আদিৰ সমস্যা দূৰ হয় ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল প্ৰাকৃতিক গ্লো ৷

৫/ আমলখি

আমলা হৈছে ভিটামিন Cৰ এক ভঁৰাল ৷ যিয়ে বৃদ্ধ বয়সতো সৰু কৰি ৰাখে ৷ আমলখিয়ে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে যাৰ বাবে মুখত দাগ আৰু পিম্পলৰ দৰে কোনো সমস্যাই দেখা নিদিয়ে৷ ইয়াৰ উপৰিও ই ফ্ৰী ৰেডিকেলৰ পৰাও আপোনাৰ ছালক সুৰক্ষা দিয়ে ৷

৬/ ডালিম

ডালিমত পানীৰ পৰিমাণ বেছি থাকে যিয়ে আপোনাৰ শৰীৰক হাইড্ৰেট কৰি ৰাখে অৰ্থাৎ ই আপোনাৰ শৰীৰত পানীৰ অভাৱ হ’বলৈ নিদিয়ে ৷ ইয়াৰ উপৰিও ই এন্টিঅক্সিডেন্টৰ এক ভাল উৎস, যিয়ে UV ৰশ্মিৰ ফলত হোৱা ক্ষতিকাৰক আৰু অক্সিডেটিভ চাপ আঁতৰোৱাত সহায় কৰে ৷

লগতে পঢ়ক: চিকিৎসকৰ মতে মহিলাসকলৰ PCODৰ সমস্যাৰ কাৰণ কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.