ETV Bharat / health

ছালৰ সৈতে জড়িত প্ৰতিটো সমস্যাৰ সমাধান দৈ

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 3:57 PM IST

Updated : Jan 31, 2024, 4:20 PM IST

Curd For Skin: আনকি ছালৰ সৈতে সম্পৰ্কিত প্ৰতিটো সমস্যাৰ বাবে দৈ অত্যন্ত উপকাৰী বুলি ইতিমধ্যে প্ৰমাণিত হৈছে ৷ ছালত দৈ প্ৰয়োগ কৰাৰ লাভালাভ সম্পৰ্কে আজি জানো আহক-

How to Use Curd in Your Facial Skin Care Routine
ছালৰ সৈতে জড়িত প্ৰতিটো সমস্যাৰ সামাধান দৈ

ছালত দৈ প্ৰয়োগ কৰি আপুনি ছালৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ কিয়নো ই ভিটামিন ডি গুণাগুণত সমৃদ্ধ ৷ যি ছালৰ পৰা মৃত কোষবোৰ আঁতৰ কৰাত সহায় কৰে আৰু ছাল কোঁচ খোৱাৰ প্ৰাৰম্ভিক লক্ষণবোৰৰ সৈতে যুঁজ দিয়ে ৷ ছালৰ ৰং উন্নত কৰা আৰু ছালখনক পুষ্টি দিবলৈ আপুনি দৈৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে ৷ আনকি ছালৰ সৈতে সম্পৰ্কিত প্ৰতিটো সমস্যাৰ বাবে দৈ অত্যন্ত উপকাৰী বুলি ইতিমধ্যে প্ৰমাণিত হৈছে ৷ ছালত দৈ প্ৰয়োগ কৰাৰ লাভালাভ সম্পৰ্কে আজি জানো আহক-

যেতিয়া মুখত শালমইনা ওলায়, আমি চিকিৎসকৰ পৰামৰ্শ লওঁ ৷ যাৰ বাবে বহুত টকা খৰচ কৰিবলগীয়া হয় ৷ কিন্তু সকলোৰে বাবে ইমান টকা ব্যয় কৰাটো সম্ভৱ নহয় ৷ এনে পৰিস্থিতিত আপুনি এই সমস্যাৰ সমাধান ঘৰতে কৰিব পাৰে ৷ শালমনৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ১ চাহ চামুচ দৈত আধা নেমুৰ ৰস মিহলি কৰি মুখত কমেও ২০ মিনিটৰ বাবে প্ৰয়োগ কৰিব ৷ এনেদৰে আপুনি মাত্ৰ ১০ দিনৰ বাবে মুখত প্ৰয়োগ কৰক ৷ পাৰ্থক্য চকুৰ আগত দেখা পাব ৷

ছানবাৰ্ণৰ বাবে দৈ

ছানবাৰ্ণৰ সমস্যা দূৰ কৰিবলৈ প্ৰথমতে এটা বাটিত দৈৰ সৈতে অলপ বেচন মিহলি কৰি এই মিশ্ৰণটো মুখত প্ৰায় ১৫ মিনিটৰ বাবে প্ৰয়োগ কৰক ৷ পাছত পৰিস্কাৰ পানীৰে মুখখন ধুই পেলাব ৷ ইয়াক প্ৰয়োগ কৰি টেনিং আঁতৰ কৰাৰ লগতে আপুনি ছাল ৰঙা পৰা সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰে ৷

দৈয়ে ছালৰ ৰং উন্নত কৰে

ছালৰ ৰং উন্নত কৰিবলৈ এটা বাটিত ২ চাহ চামুচ দৈৰ সৈতে ১ চামুচ বেচন মিহলি কৰক ৷ এই পেষ্টটো মাত্ৰ ১৫ মিনিটৰ বাবে আপোনাৰ মুখত প্ৰয়োগ কৰক ৷ ইয়াৰ পিছত মুখখন ভালদৰে ধুই পেলাব ৷ এই মিশ্ৰণটো সপ্তাহত দুইৰ পৰা তিনিবাৰ মুখত প্ৰয়োগ কৰিলে ছালৰ ৰং উন্নত হ'ব ৷

দৈ কিয় উপকাৰী ?

দৈত লেক্টিক এচিডৰ উপৰিও জিংক আৰু বহু খনিজ থাকে, যিবোৰ আপোনাৰ ছালৰ বাবে অতি উপকাৰী ৷ সেয়েহে দৈ আপোনাৰ ছালৰ সকলো সমস্যা সমাধানত যথেষ্ট সহায়ক হ’ব পাৰে ৷

লগতে পঢ়ক: দৈনন্দিন জীৱনত কেৱল ছালৰ যত্নই নহয় Oral Hygieneকো কৰক অন্তৰ্ভুক্ত

Last Updated : Jan 31, 2024, 4:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.