ETV Bharat / health

পৰীক্ষাৰ অত্যধিক চাপো হ'ব পাৰে আত্মহত্যাৰ কাৰণ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 4:54 PM IST

Suicidal Tendencies: এগৰাকী লোকে কিয় আত্মহত্যাৰ পথ বাছি কিয় লয় ? পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে কিয় প্ৰায়ে এই সিদ্ধান্ত গ্ৰহণ কৰে ? পৰীক্ষাৰ সময়ছোৱাত অভিভাৱকসকলে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগে ? এই সন্দৰ্ভত জনালে মনোৰোগ বিশেষজ্ঞ ডাঃ সঞ্জয় সিঙে ৷

How to prevent suicidal tendency
পৰীক্ষাৰ অত্যধিক চাপ হ'ব পাৰে আত্মহত্যাৰ কাৰণ
মনোৰোগ বিশেষজ্ঞ ডাঃ সঞ্জয় সিং

গুৱাহাটী, 5 ফেব্ৰুৱাৰী: সাধাৰণতে এগৰাকী লোকে যেতিয়া সকলো ফালৰ পৰা আঘাত পায়, সমস্যাই আৱৰি ধৰে তেতিয়া ব্যক্তিগৰাকীয়ে তেওঁৰ জীৱনৰ সকলো পথ বন্ধ হৈ যোৱা অনুভৱ কৰে তেতিয়া মানুহ এজনে আত্মহত্যাৰ পথ বাছি লয় ৷

অসহায়তা আৰু জীৱনত একো কৰিব নোৱাৰাৰ বাবে বা চিকিৎসাজনিত কাৰণত হতাশাত আত্মহত্যা কৰে ৷ চিকিৎসাক সকলৰ মতে আত্মহত্যাৰ চেষ্টাক মানসিক অৱসাদজনিত গুৰুতৰ উপসৰ্গ ৷ মানুহ এগৰাকীয়ে Depression, নাইবা Psychosis আদি কাৰণত মানুহ এজনে আত্মহত্যাৰ পথ বাছি লোৱা দেখা যায় ৷

এগৰাকী লোকে কিয় আত্মহত্যাৰ পথ বাছি লয় ?

যেতিয়া এগৰাকীলোকে কোনো এটা সমস্যাত দীৰ্ঘদিন ধৰি ভুগি থকাৰ ফলত ব্যক্তিগৰাকীৰ মগজুত ভিন্ন ধৰণৰ বেয়া চিন্তা অহা দেখা যায় ৷ মানুহগৰাকী দিনক দিনে নিৰাশাবাদী হোৱা দেখা যায় আৰু জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ এনেবোৰ চিন্তা মানুহ এগৰাকী Depression, নাইবা Psychosis সমস্যাত ভুগি থাকিলে গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে কিয় প্ৰায়ে এই সিদ্ধান্ত গ্ৰহণ কৰে ?

পৰীক্ষাৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰী সকলে বহু মানসিক চাপত থকা দেখা যায় ৷ পৰীক্ষাত ভাল ফলাফল লাভ কৰিব নোৱাৰিব নেকি, বা উত্তীৰ্ণ হ'ব নোৱাৰিব নেকি এনেধৰণৰ ভিন্ন ধৰণৰ চিন্তা-ধাৰণা মনলৈ অহা পৰিলক্ষিত হয় ৷ যাৰ বাবে বহু নিগেটিভ চিন্তা-ধাৰা মনলৈ অহা পৰিলক্ষিত হয় আৰু জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰা দেখা যায় ৷

কিন্তু এয়া একেবাৰে ভুল সিদ্ধান্ত ৷ পৰীক্ষাৰ সময়ছোৱাত যদি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজৰ ওপৰত বিশ্বাস ৰাখি যদি ভালদৰে পঢ়া-শুনা কৰে তেন্তে তেওঁলোকৰ ফলাফল নিশ্চয় ভাল হ'ব ৷ এই ক্ষেত্ৰত অভিভাৱক সকলে ছাত্র বা ছাত্ৰী গৰাকীক বেছি চাপ নিদি তেওঁলোকক উৎসাহিত কৰাটো আৱশ্যক ৷ ফলাফলটো কি হ'ব সেইটোত গুৰুত্ব দিব নালাগে, নিজৰ ওপৰত বিশ্বাস ৰাখি ভালদৰে পঢ়িব লাগে ৷ এইটো মনত ৰখা উচিত যে এটা 'পৰীক্ষাই জীৱন নিৰ্ণয় কৰিব নোৱাৰে' ৷

পৰীক্ষাৰ সময়ছোৱাত অভিভাৱকসকলে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগে ?

পৰীক্ষাৰ সময়ছোৱাত অভিভাৱক সকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ৷ অভিভাৱক সকলে সন্তানক সদায় উৎসাহিত কৰিব লাগে ৷ পঢ়া বা ফলাফলৰ ক্ষেত্ৰত কেতিয়াবাও অত্যাধিক চাপ দিব নালাগে ৷

লগতে পঢ়ক: Bad Cholesterol ক সিৰাৰ পৰা বাহিৰ কৰিব এই ৫বিধ পাতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.