আপোনাৰ বটলত লুকাই থকা বীজাণুক এইসমূহ পদ্ধতিৰে কৰক চাফা
Bottle Cleaning Tips: আজিকালি মানুহে পানী খোৱাৰ বাবে বহু ধৰণৰ বটল ব্যৱহাৰ কৰে । বহু সময়ত বটলৰ মুখখন সৰু হোৱাৰ বাবে আমি বাহিৰৰ পৰাহে বটলটো চাফা কৰি থৈ দিও, যাৰ ফলত বহুধৰণৰ বেক্টেৰিয়া তথা বীজাণু বটলটোত থাকি যায় এনে পৰিস্থিতিত আমি আপোনালোকৰ বাবে বটলবোৰক ভালদৰে ভিতৰৰ পৰা চাফা কৰাৰ টিপছ লৈ আহিছো যাৰ দ্বাৰা আপুনি আপোনাৰ বটলবোৰক ভালদৰে পৰিস্কাৰ কৰি ৰাখিব পাৰে ৷

Published : February 9, 2024 at 1:37 PM IST
পানী খোৱাটো স্বাস্থ্যৰ বাবে অতি উত্তম, কিন্তু লেতেৰা বটলত পানী খালে আপুনি বিভিন্ন ৰোগত ভুগিব পাৰে ৷ সততে মানুহে পানী জমা কৰিবলৈ প্লাষ্টিক আৰু ষ্টীলৰ বটল ব্যৱহাৰ কৰে কিন্তু ইয়াক সময়ে সময়ে পৰিষ্কাৰ কৰাটো অতি কঠিন ৷ কিন্তু আপুনি জানেনে যে ইয়াক যদি ভালদৰে পৰিষ্কাৰ কৰা নহয় তেন্তে ইয়াত লুকাই থকা বীজাণুৱে আপোনাক কিমান অসুস্থ কৰি তুলিব পাৰে ৷ এনে পৰিস্থিতিত আমি আপোনাক কিছুমান স্মাৰ্ট টিপছ আৰু ট্ৰিক্স ক’বলৈ ওলাইছো, যাৰ সহায়ত আপুনি পানীৰ বটল সহজে পৰিষ্কাৰ কৰিব পাৰিব ৷
গৰম পানী আৰু বেকিং চোডা
পানীৰ বটল ভালদৰে পৰিষ্কাৰ নকৰিলে আঠাযুক্ত হৈ পৰে ৷ ইয়াক পৰিষ্কাৰ কৰিবলৈ গৰম পানী আৰু বেকিং চোডা ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ বাবে এটা ডাঙৰ পাত্ৰত গৰম পানী লওক ৷ তাত নিমখ আৰু বেকিং চোডা দিয়ক ৷ দ্ৰৱটো ভালদৰে বিট কৰি পানীৰ বটলবোৰ এই পানীত ১০ মিনিট ডুবাই ৰাখিব ৷ তাৰ পিছত চাফা কৰা স্ক্ৰাবেৰে ঘঁহি মলি পৰিষ্কাৰ কৰক ৷
ভিনেগাৰ আৰু পানী
বটলৰ পৰা জেদী দাগ আঁতৰাবলৈ ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ বাবে এটা বাটিত গৰম পানী লৈ তাত ভিনেগাৰ দিব ৷ এই পাতল দ্ৰৱটো বটল আৰু কেপবোৰত লগাই ১৫-২০ মিনিট ৰাখিব, তাৰ পিছত পৰিষ্কাৰ পানীৰে ভালদৰে ধুই কিছু সময় ৰাখি শুকুৱাই ল’ব ৷
বেকিং চোডা আৰু নেমুৰ ৰস
এটা বাটিত বেকিং চোডা আৰু নেমুৰ ৰস সমান পৰিমাণে লওক ৷ এতিয়া তাত গৰম পানী দিব ৷ এই দ্ৰব্যত বটল কেইটা কিছু সময় তিয়াই থওক ৷ তাৰ পিছত ভালদৰে পৰিষ্কাৰ কৰি লওক ৷ বটলবোৰ ধুই পৰিষ্কাৰ কৰি ব্যৱহাৰ কৰাৰ পূৰ্বে শুকুৱাবলৈ দিব ৷
নেমু আৰু নিমৰ পানী
ইয়াৰ বাবে এটা ডাঙৰ পাত্ৰত পানী লওক ৷ তাত পৰিষ্কাৰ নিমপাত আৰু নেমুৰ টুকুৰা দিব, এই মিশ্ৰণটো ভালদৰে উতলাই লওক ৷ এতিয়া জুইখিনি বন্ধ কৰি এই পানীত কাঁচ আৰু ষ্টীলৰ বটল ২০ মিনিট মান সময় ৰাখিব ৷ ইয়াৰ পিছত বটলবোৰ চাবোন ব্যৱহাৰ কৰি ধুব৷ ইয়াৰ দ্বাৰা বীজাণু দূৰ হয় ৷
পেষ্টেৰে পৰিষ্কাৰ কৰক
বটলত জমা হোৱা মলি পৰিষ্কাৰ কৰাটো অতি কঠিন কাম ৷ ইয়াৰ বাবে ভিনেগাৰ, বেকিং চোডা, নেমুৰ ৰস আৰু নিমখৰ পেষ্ট প্ৰস্তুত কৰক ৷ বটলত লগাওক, ১৫ মিনিটমান পিছত ডিচ ৱাছেৰে পৰিষ্কাৰ কৰক ৷ বটলটো শুকোৱাৰ পিছতহে ব্যৱহাৰ কৰিব ৷
লগতে পঢ়ক: ঠাণ্ডাৰ দিনতো হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ ৬টা সহজ পদ্ধতি

