দীৰ্ঘ সময় চকীত বহি কাম কৰাৰ অভ্যাসে বিপদ মাতিব পাৰে আপোনালৈ
Sitting risks: আপুনি অবিৰতভাৱে চকীত বহি কাম কৰে নেকি ? তেতিয়াহ’লে এই প্ৰতিবেদন আপোনাৰ বাবে...

Published : February 11, 2024 at 5:27 PM IST
আপুনি ঘন্টাৰ পিছত ঘন্টা চকীত বহি কাম কৰে নেকি ? তেন্তে সাৱধান হওক । এক গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি বহু সময় চকীত বহি থকা লোকৰ মৃত্যুৰ আশংকা আন লোকতকৈ ১৬ শতাংশ বেছি । এই গৱেষণা টাইৱানত কৰা হৈছে আৰু ইয়াক জামা নেটৱৰ্ক অ’পেন নামৰ আলোচনীত প্ৰকাশ কৰা হৈছে । দীৰ্ঘ সময় বহি থকা লোকৰ ওপৰত ১৩ বছৰীয়া গৱেষণাৰ অন্তত মুকলি কৰা হৈছে আলোচনীখনি । গৱেষণাই কি কয় জানো আহক...
হাৰ্ট এটাকৰ আশংকা
যিসকলে অবিৰতভাৱে চকীত বহি কাম কৰে তেওঁলোকে সজাগ হোৱা উচিত, কাৰণ ৪,৮১,৬৮৮ গৰাকী লোকৰ ওপৰত কৰা গৱেষণাৰ পিচত দেখা পোৱা গৈছে যে এনে লোকৰ হৃদৰোগৰ ফলত মৃত্যু হোৱাৰ সম্ভাৱনা অন্য লোকতকৈ ৩৪ শতাংশ বেছি । অন্য ৰোগৰ বাবে মৃত্যুৰ আশংকা ১৬ শতাংশ পৰ্যন্ত পোৱা যায় ।
এইসমূহ ৰোগ হ’ব পাৰে
গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি খোজ কঢ়াৰ ফলত বৃদ্ধাৱস্থালৈকে শৰীৰ সক্ৰিয় হৈ থাকে । দীৰ্ঘায়ু হোৱাৰ এটা কাৰণ হ’ল এনে লোকে বহু সময় খোজ কঢ়াৰ অভ্যাস থাকে । অবিৰতভাৱে বহি থাকিলে উচ্চ ৰক্তশৰ্কৰা, উচ্চ ৰক্তচাপ, মেদবহুলতা আৰু কঁকালৰ চাৰিওফালে চৰ্বি জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । ইয়াৰ ফলত কলেষ্টেৰলৰ সমস্যা হ’ব পাৰে আৰু এই সকলোবোৰ মিলি হৃদৰোগ আনকি কেন্সাৰৰো সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ।
মহিলাসকল অধিক সাৱধান হ’ব লাগে
এই গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যিসকল লোকে ৮ ঘণ্টাৰো অধিক সময় অবিৰতভাৱে বহি কাম কৰে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব পাৰে । যদি আপুনি গোটেই দিনটো বহি তাৰ পিচত জিমলৈ যায়, তেন্তে ক্ষতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি । এক প্ৰতিবেদন অনুসৰি মেদবহুলতা, কলেষ্টেৰল, উচ্চ ৰক্তচাপ, প্ৰদাহ আদি বিপজ্জনক ৰোগ মহিলাৰ ক্ষেত্ৰত অধিক দ্ৰুতগতিত বিয়পিব পাৰে । সেয়েহে তেওঁলোকে নিজৰ ফিটনেছৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু বেছি সময় বহি থকাৰ পৰা বিৰত থাকিব লাগে । কামৰ মাজে মাজে উঠি অলপ খোজ কাঢ়িব লাগে ৷
সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।
লগতে পঢ়ক: আলু খালে সঁচাকৈয়ে ওজন বৃদ্ধি পায় নেকি ? কিমান সঁচা এই কথা

