ETV Bharat / health

ওজন হ্ৰাস কৰাত সঁচাকৈ ফলপ্ৰসূ নে এই ৩বিধ পানীয় ?

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 12:22 PM IST

Healthy Drinks That Do Not Help In Weight Loss
ওজন হ্ৰাস কৰাত সঁচাকৈ ফলপ্ৰসূ নে এই ৩বিধ পানীয় ?

Weight loss: ওজন কমাবলৈ মানুহে বিভিন্ন ধৰণৰ স্বাস্থ্যসন্মত পানীয় সেৱন কৰে । কিন্তু আপুনি জানেনে যে কিছুমান পানীয় আছে যিবোৰ ওজন হ্ৰাস কৰাত অকাৰ্যকৰী বুলি প্ৰমাণিত হয় ।

বৰ্তমান সময়ত দ্ৰুতগতিত পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাসে মানুহৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে আৰু ওজন বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি হৈছে ৷ ওজন বৃদ্ধিৰ বাবে শৰীৰক আকৃতিহীন দেখাবলৈ আৰম্ভ কৰে আৰু আন বহুতো ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায় ৷ এনে পৰিস্থিতিত ষ্টাইলিছ দেখাবলৈ আৰু ৰোগৰ পৰা হাত সাৰিবলৈ মানুহে ওজন কমাবলৈ সহজ পদ্ধতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে ৷ মানুহে প্ৰায়ে ওজন কমাবলৈ আপেল চাইডাৰ ভিনেগাৰ আৰু নেমুৰ পানী গ্ৰহণ কৰে, কিন্তু আপুনি জানেনে যে এনে স্বাস্থ্যকৰ পানীয়ই ওজন কমাবলৈ সহায় নকৰে ৷

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী তথা চিকিৎসক সিদ্ধান্ত ভাৰ্গৱে কয় যে কিছুমান স্বাস্থ্যকৰ পানীয় আছে যিবোৰ মানুহে ওজন হ্ৰাসৰ বাবে ফলপ্ৰসূ বুলি গণ্য কৰে, আনহাতে বাস্তৱত সেয়া নহয় ৷

১/ আপেল চাইডাৰ ভিনেগাৰ- Apple Cider Vinegar

চিকিৎসক সিদ্ধান্ত ভাৰ্গৱে কয় যে, আপেল চাইডাৰ ভিনেগাৰ বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে । কিন্তু ওজন কমোৱাৰ বাবে আপেল চাইডাৰ ভিনেগাৰ ফলপ্ৰসূ নহয় । অত্যধিক পৰিমাণে আপেল চাইডাৰ ভিনেগাৰ সেৱন কৰিলে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে, যেনে- বদহজম, এচিডিটি, পেটত গেছ, জ্বলা-পোৰা বা বিষ আদি ।

২/ গ্ৰীণ টী-Green Tea

বৰ্তমান সময়ত আপুনি টিভিত গ্ৰীণ টীৰ বিজ্ঞাপনত নিশ্চয় দেখিছে যে যদি আপুনি ওজন কমাব বিচাৰে তেন্তে দৈনিক গ্ৰীণ টী খাব । অৱশ্যে ডাঃ সিদ্ধান্ত ভাৰ্গৱে কয় যে, প্ৰতিদিনে পুৱা এগিলাচ গ্ৰীণ টী খালে ওজন কমাবলৈ ফলপ্ৰসূ নহয় । যদি আপুনি আপোনাৰ শৰীৰত কেলৰি কমাব বিচাৰে, তেন্তে ইয়াৰ বাবে আপুনি গোটেই দিনটো কেইবাগিলাচ গ্ৰীণ টি খাব লাগিব, যাৰ নিজস্ব পাৰ্শ্বক্ৰিয়াও হ’ব পাৰে । গ্ৰীণ টী খোৱাটো ওজন কমাবলৈ এটা মাধ্যমহে হ’ব পাৰে যদিও ইয়াৰ লগতে স্বাস্থ্যসন্মত খাদ্য আৰু দৈনিক ব্যায়াম কৰাটোও গুৰুত্বপূৰ্ণ । গ্ৰীণ টিত অন্যান্য পুষ্টিকৰ উপাদান আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে আপোনাক সুস্থ কৰি ৰখাত সহায়ক হ’ব পাৰে কিন্তু অতিমাত্ৰা সেৱন কৰাটো আপোনাৰ বাবে বিপদজনক হ’ব পাৰে ।

৩/ আদা, মৌ আৰু নেমুৰ পানী-Ginger, Honey and Lemon Water

আদা, মৌ আৰু নেমুৰ পানী ওজন হ্ৰাস কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত নহয় । অৱশ্যে এই পানীয় দৈনিক সেৱন কৰিলে স্বাস্থ্যৰ বহু উপকাৰিতা সাধন হয় । মৌত এন্টিঅক্সিডেন্ট আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে যিয়ে স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে । ইয়াৰ সেৱনে ওজন কমাবলৈ প্ৰত্যক্ষভাৱে সহায়ক নহয় । নেমুত ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে যিয়ে আপোনাৰ হজম শক্তি উন্নত কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ।

লগতে পঢ়ক: হাতৰ মুঠিৰ শক্তিয়ে ভৱিষ্যতৰ ৰোগ সম্পৰ্কে গুৰুত্বপূৰ্ণ ইংগিত প্ৰদান কৰে; গৱেষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.