ETV Bharat / health

এই ৫টা কাৰণত শীতকালত নিশ্চয়কৈ খাওক সেউজীয়া বুট

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 2:01 PM IST

Green Chickpeas During Winter: সেউজীয়া বুট বহুতো পুষ্টিকৰ উপাদানৰে সমৃদ্ধ হোৱাৰ বাবে ই স্বাস্থ্যৰ বাবে অতি উপকাৰী । সেয়ে খাদ্য তালিকাতো ইয়াক অন্তৰ্ভুক্ত কৰিলে বহু উপকাৰিতা সাধন হয় । ইয়াত বহুতো অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান থাকে যাৰ বাবে ই কেৱল হৃদযন্ত্ৰক সুস্থ কৰি ৰখা নহয়, ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণতো সহায় কৰে । জানো আহক শীতকালত খাদ্য তালিকাত ইয়াক অন্তৰ্ভুক্ত কৰাৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

Health Benefits Of Snacking On Green Chickpeas During Winter
এই ৫টা কাৰণত শীতকালত নিশ্চয়কৈ খাওক সেউজীয়া বুট

ফেব্ৰুৱাৰীৰ প্ৰায় আধা মাহ পাৰ হৈ গৈছে যদিও ঠাণ্ডা কম হোৱাৰ কোনো লক্ষণ দেখিবলৈ পোৱা হোৱা নাই ৷ বিগত কেইবাটাও দিনৰ পৰা তাপমাত্ৰা উঠা-নমা কৰি আহিছে ৷ অৱশ্যে বতৰটো এতিয়াও শীতল হৈয়েই আছে ৷ এই সময়ছোৱাত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷

এনে পৰিস্থিতিত যদি আপুনি নিজকে সুস্থ কৰি ৰাখিব পাৰে, তেন্তে ইয়াতকৈ ভাল কথা আৰু কি হ’ব পাৰে ৷ শীতকালত সুস্থ হৈ থাকিবলৈ এই স্বাস্থ্যকৰ বিকল্পসমূহৰ ভিতৰত সেউজীয়া বুট অন্যতম ৷ সেউজীয়া বুটক পুষ্টিৰ ভৰাঁল বুলি ক’লেও ভুল কোৱা নহ’ব, ই আপোনাৰ শৰীৰক বহু স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে ৷ ইয়াৰ কিছুমান আচৰিত উপকাৰিতা সম্পৰ্কে জানো আহক-

  • ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা

সেউজীয়া বুটৰ গ্লাইচেমিক ইনডেক্স কম, অৰ্থাৎ ই ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি হোৱাত বাধা দিয়ে ৷ এই কাৰণেই ডায়েবেটিছ ৰোগী বা ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব বিচৰা লোকৰ বাবে ই এক উত্তম বিকল্প বুলি ক’ব পাৰি ৷

  • হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰা

সেউজীয়া বুটত কলেষ্টেৰল আৰু চেচুৰেটেড ফেটৰ পৰিমাণ কম থাকে, যাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয় ৷ সেউজীয়া বুটত পোৱা এন্টিঅক্সিডেন্ট আৰু দ্ৰৱণীয় আঁহে এল ডি এল (বেয়া) কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰি আপোনাৰ হৃদযন্ত্ৰ সুস্থ আৰু শক্তিশালী কৰি ৰাখে ৷

  • ওজন নিয়ন্ত্ৰণত সহায়ক

সেউজীয়া বুটত অধিক পৰিমাণে আঁহ আৰু প্ৰ’টিন পোৱা যায়, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে ৷ ফাইবাৰে আপোনাক দীৰ্ঘসময়লৈকে পেট ভৰপূৰ কৰি ৰাখে, যাৰ ফলত আপোনাৰ ভোক কমি যায় আৰু অতিমাত্ৰা খাদ্য খোৱাৰ পৰা আপুনি বিৰত থাকে৷ ইয়াৰ উপৰিও ইয়াত থকা প্ৰ’টিনে পেশী গঠনত সহায় কৰে, বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু চৰ্বি হ্ৰাস কৰাত সহায় কৰে ৷

  • ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

সেউজীয়া বুটত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে ৷ নিয়মিতভাৱে সেউজীয়া বুট সেৱনে আপোনাক চৰ্দি আৰু ফ্লুৰ দৰে সাধাৰণ ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে, শীতকালতো আপোনাক সুস্থ কৰি ৰাখিব পাৰে ৷

  • পাচনতন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে

সেউজীয়া বুটত প্ৰচুৰ পৰিমাণে খাদ্য আঁহ থাকে, যাৰ ফলত হজম শক্তি উন্নত হয় আৰু কোষ্ঠকাঠিন্য ৰোধ হয় ৷ শীতকালীন খাদ্যত সেউজীয়া বুট অন্তৰ্ভুক্ত কৰিলে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায়ক হ’ব পাৰে আৰু সাধাৰণতে ঠাণ্ডাৰ দিনকেইটাতো পাচনতন্ত্ৰৰ সমস্যাৰ পৰা সকাহ প্ৰদান কৰে ৷

লগতে পঢ়ক: শিশুৰ স্বাস্থ্যৰ বিকাশৰ ক্ষেত্ৰত নাৰিকল তেল কিমান উপযোগী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.