ETV Bharat / health

গোলাপ শুকাই গ’লে পেলাই দিয়ে নেকি ? তেন্তে এই খবৰ আপোনাৰ বাবে

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 4:50 PM IST

Benefits of Rose: আন ফুলতকৈ গোলাপ ফুল স্বাস্থ্যৰ বাবে অধিক উপকাৰী । ইয়াৰ কিছুমান বিশেষ গুণৰ লগতে বহুতো এন্টিঅক্সিডেন্ট আছে যি স্বাস্থ্য সম্বন্ধীয় বহু সমস্যা দূৰ কৰাৰ বাবে উপযোগী হ’ব পাৰে ।

Gulkand to Rose Tea there are so many health benefits of eating rose
গোলাপ শুকাই গ’লে পেলাই দিয়ে নেকি ? তেন্তে এই খবৰ আপোনাৰ বাবে

আজিৰে পৰা আৰম্ভ হৈছে ভেলেন্টাইন সপ্তাহ আৰু আজি ভেলেন্টাইন সপ্তাহৰ প্ৰথমটো দিন অৰ্থাৎ ৰ’জ ডে ৷ আজিৰ দিনটোত প্ৰেমিক যুগলে ইজনে আনজনক তথা পিতৃ-মাতৃ, বন্ধু-বান্ধবীক গোলাপ দি নিজৰ অনুভৱ প্ৰকাশ কৰা হয় ৷ কিন্তু ই মৰহি যোৱাৰ পিছত বহুতে ইয়াক পেলাই দিয়ে ৷

পিছে আপুনি জানেনে যে, আয়ুৰ্বেদত গোলাপ ফুলক বহু ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ৷ হয়, গোলাপত ভিটামিন ই, চি আৰু এ থাকে যিয়ে ছালৰ বাবে বহু ধৰণে কাম কৰিব পাৰে ৷ ইয়াৰ উপৰিও গোলাপ ফুলত বহুতো ফাইটোনিউট্ৰিয়েণ্ট থাকে যিয়ে শৰীৰৰ কোষবোৰক সুস্থ কৰি ৰখাত সহায় কৰে আৰু যিকোনো ধৰণৰ মিউটেচন ৰোধ কৰাত সহায় কৰে ৷ কিন্তু, ই কেৱল একমাত্ৰ কাৰণ নহয় যে আপুনি গোলাপ ব্যৱহাৰ কৰিব লাগে ৷ গোলাপ ফুলৰ অন্য উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-

১) উদ্বেগ কম কৰে

গোলাপেৰে তৈয়াৰী চাহত ফুলৰ পাহিৰ লগতে গোলাপৰ ঠাৰিও ব্যৱহাৰ কৰা হয় ৷ একাপ গোলাপেৰে তৈয়াৰী চাহ খালে উদ্বেগ কম কৰাৰ লগতে মানসিক চাপ কমোৱাত সহায়ক হয় ৷ ই দৰাচলতে মনক শীতল কৰি মন শান্ত কৰে, যাৰ ফলত উদ্বেগৰ সমস্যা নাইকিয়া হয় ৷

২) পেটৰ বাবে লাভদায়ক গুলকন্দ

গুলকন্দ গোলাপৰ পাহিৰ পৰা প্ৰস্তুত কৰা হয় আৰু ই এন্টিবেক্টেৰিয়েল হোৱাৰ উপৰিও ৰেচক হিচাপেও কাম কৰে ৷ ই পাচনতন্ত্ৰ ক্ষীপ্ৰ কৰে আৰু লগতে পাচন ক্ৰিয়াও ক্ষীপ্ৰ কৰাত সহায় কৰে যাৰ বাবে খাদ্য দ্ৰুতগতিৰে হজম হয় ৷

৩) প্ৰদাহ নিবাৰণকাৰী গুণেৰে ভৰপূৰ গোলাপেৰে তৈয়াৰী তেল

যদি আপোনাৰ মূৰৰ বিষ বা ভৰিৰ বিষ হৈছে, তেন্তে গোলাপেৰে তৈয়াৰী তেল লগোৱাটো আপোনাৰ বাবে উপকাৰী হ’ব পাৰে ৷ ই প্ৰদাহ নিবাৰণকাৰী গুণেৰে ভৰপূৰ আৰু বিষ কমোৱাত সহায়ক ৷ ইয়াৰ উপৰিও ই স্নায়ুৰ জঠৰতা কমোৱাতো ই সহায় কৰিব পাৰে ৷ গতিকে, যদি আপোনাৰ এই সকলোবোৰ সমস্যা আছে তেন্তে ৰাতি শুবলৈ যোৱাৰ পূৰ্বে এই তেল লগাব পাৰে ৷

৪) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কৰে গোলাপে

গোলাপৰ পাহি খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে ৷ ই প্ৰচুৰ পৰিমাণে ভিটামিন চিৰে সমৃদ্ধ যিয়ে আইৰণ শোষণত সহায় কৰে ৷ ইয়াৰ উপৰিও ই এন্টিমাইক্ৰ’বিয়াল গুণেৰেও ভৰপূৰ যিয়ে আপোনাক বহু ৰোগৰ পৰা আপোনাৰ শৰীৰক ৰক্ষা কৰাত সহায় কৰিব পাৰে ৷

৫) ভাল টোপনিৰ বাবে গুলকন্দ দিয়া গাখীৰ

যদি আপোনাৰ মেজাজৰ পৰিৱৰ্তন হৈছে বা টোপনি অহাত ব্যাঘাত জন্মিছে তেন্তে গুলকন্দৰ সৈতে গাখীৰ খোৱাটো আপোনাৰ বাবে উপকাৰী হ’ব পাৰে ৷ ই শৰীৰত অক্সিডেটিভ ষ্ট্ৰেছ কম কৰে আৰু হৰম’নৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে ৷ গতিকে, এই সকলোবোৰ কাৰণতে আপুনি আপোনাৰ জীৱনশৈলীত গোলাপ ফুল অন্তৰ্ভুক্ত কৰা উচিত ৷

লগতে পঢ়ক: মূৰত বগা চুলি দেখিলেই উঘালি বা চিঙি পেলাই নেকি ? তেন্তে সাৱধান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.