ETV Bharat / health

ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ বাবে কিশোৰীক প্ৰদান কৰা হ’ব টিকা, স্বাস্থ্যসেৱা খণ্ডৰ বাবে বাজেটত কি কি অন্তৰ্ভুক্ত কৰা হ’ল

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 3:34 PM IST

Health Sector Budget: লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে স্বাস্থ্য সেৱা খণ্ডৰ বাবে বহু কথা ঘোষণা কৰিছে । আহক জানো অন্তৱৰ্তীকালীন বাজেটত স্বাস্থ্যসেৱাই কি কি সুবিধা লাভ কৰিলে ।

Girls will get vaccinated to prevent cervical cancer, know what else is there in the union budget 2024 for healthcare
ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ বাবে কিশোৰীক প্ৰদান কৰা হ’ব টিকা, স্বাস্থ্যসেৱা খণ্ডত বাজেটত কি কি অন্তৰ্ভুক্ত কৰা হ’ল

আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিম আৰু অন্তৱৰ্তীকালীন বাজেট দাখিল কৰে য’ত স্বাস্থ্যসেৱা খণ্ডক বহু উপহাৰ আগবঢ়াইছে ৷ যিহেতু ভাৰতত স্বাস্থ্য সেৱাৰ উন্নতিৰ আশা সদায় থাকে, গতিকে চৰকাৰৰ পৰাও মানুহৰ বহু আশা আছিল ৷ জানো আহক এই খণ্ডৰ বাজেটত কি কি কি অন্তৰ্ভুক্ত কৰা হৈছে ৷

ছাৰ্ভাইকেল কেন্সাৰৰ বিৰুদ্ধে যুঁজ

ভাৰতত সুলভ মূল্যত ছাৰ্ভাইকেল কেন্সাৰৰ চিকিৎসা প্ৰদানৰ আশাৰ সঞ্চাৰ হৈছে ৷ ২০২৪ চনৰ অন্তৱৰ্তীকালীন বাজেটত এই সন্দৰ্ভত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক ডাঙৰ ঘোষণা কৰিছে ৷ তেওঁ কয় যে, ‘চৰকাৰে ৯-১৪ বছৰ বয়সৰ কিশোৰীক ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰতিষেধক প্ৰদানৰ ওপৰত গুৰুত্ব দিব ৷’

বিগত বৰ্ষৰ জুন মাহত স্বাস্থ্য মন্ত্ৰণালয়ে ৯ৰ পৰা ১৪ বছৰ বয়সৰ কিশোৰীৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষেধক কাৰ্যসূচীত ছাৰ্ভাইকেল কেন্সাৰৰ বিৰুদ্ধে এইচ পি ভি ভেকচিন অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যাৰ বাবে ২০২৪ চনৰ এপ্ৰিল মাহত বিশ্বব্যাপী নিবিদা জাৰি কৰা হ’ব ৷

বহিঃৰাষ্ট্ৰৰ পৰা আহে ভেকচিন

বর্তমান সময়ত হিউমেন পেপিলোমা ভাইৰাছৰ ভেকচিনৰ বাবে ভাৰত সম্পূর্ণৰূপে বিদেশী উৎপাদকৰ ওপৰত নির্ভৰশীল৷ বিশ্বজুৰি ৩টা বিদেশী প্ৰতিষ্ঠানে এইচ পি ভি ভেকচিন উৎপাদন কৰে, ইয়াৰে ২ ধৰণৰ ভেকচিনৰ মাত্ৰা ভাৰতত বিক্ৰী কৰা হয় ৷ ইয়াৰ মূল্য প্ৰায় ৪০০০ টকা ৷

ছাৰ্ভাইকেল কেন্সাৰৰ বাবে কিমানজনৰ মৃত্যু হয় ?

বিশ্বৰ ১৬ শতাংশ মহিলা ভাৰতত বাস কৰে, কিন্তু বিশ্বৰ এক চতুৰ্থাংশ ছাৰ্ভাইকেল কেন্সাৰ ৰোগী ইয়াত বসবাস কৰে, য’ত বিশ্বজুৰি ছাৰ্ভাইকেল কেন্সাৰৰ ফলত হোৱা মৃত্যুৰ এক তৃতীয়াংশ ভাৰততেই হয়৷ চৰকাৰী তথ্য অনুসৰি আমাৰ দেশৰ প্ৰতি বছৰে ৮০ হাজাৰ মহিলা এই ৰোগত আক্ৰান্ত হয়, ইয়াৰে ভিতৰত ৩৫ হাজাৰ মহিলাই প্ৰাণ হেৰুওৱাবলগীয়া হয়৷

বাজেটত স্বাস্থ্যসেৱা খণ্ডৰ বাবে কি ঘোষণা কৰা হৈছিল ?

১) দেশত বহুতো নতুন চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় খোলাৰ কথা ঘোষণা কৰা হৈছে যাতে মানুহে উন্নত সেৱা লাভ কৰিব পাৰে, এই চিকিৎসালয়সমূহত সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰা হ'ব ৷

২) টিকাকৰণ ব্যৱস্থাপনা আৰু মিছন ইন্দ্ৰধনুনৰ প্ৰচেষ্টাৰ বাবে ডিজাইন কৰা নতুন U-WIN প্লেটফৰ্ম সমগ্ৰ দেশতে দ্ৰুতগতিত মুকলি কৰা হ’ব৷

৩) কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনি ‘আয়ুষ্মান ভাৰত’ সন্দৰ্ভত কোৱা হৈছিল যে এই আঁচনিৰ অধীনত সকলো আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু সহায়ককো স্বাস্থ্যসেৱা আৰু সুৰক্ষাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হ’ব ৷

৪) মাতৃ আৰু শিশুৰ যত্নৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণৰ সমন্বয়ৰ বাবে সেইবোৰক এক বিস্তৃত কাৰ্যসূচীৰ অধীনলৈ অনা হ’ব ৷ উন্নত পুষ্টি আৰু প্ৰাথমিক শিশুৰ স্বাস্থ্যসেৱা আৰু বিকাশৰ বাবে ‘সক্ষম অংগনবাড়ী আৰু পুষ্টি ২.০’ৰ অধীনত অংগনবাড়ীৰ উন্নীতকৰণ ত্বৰান্বিত কৰা হ’ব ৷

ইয়াৰ বাহিৰেও চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে বহু পৰিৱৰ্তন আনিছে ৷ ৭ খন আই আই টি, ১১ খন আই আই আই টি আৰু ১৫ খন এইমছ চিকিৎসালয় নিৰ্মাণ কৰা হৈছে ৷

লগতে পঢ়ক: আজিৰ দিনটোত বিশেষ হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সাজ-পোচাক, চাও আহক তেওঁৰ বিগত বৰ্ষসমূহৰ শাৰীৰ লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.