ETV Bharat / health

তীব্ৰ গতিত বৃদ্ধি পাইছে Parrot Fever ৰ প্ৰাদুৰ্ভাৱ; এতিয়ালৈকে ৫ জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 12:17 PM IST

Parrot fever outbreak: Corona ৰ বিধ্বংসীৰূপ এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই যদিও বৰ্তমান ইউৰোপত আন এক ৰোগে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । এই ৰোগৰ নাম Parrot Fever ৷ যাৰ বাবে এতিয়ালৈকে ৫ জন লোকে হেৰুৱালে নিজৰ প্ৰাণ ।

Five people die from 'parrot fever' in Europe: Causes, symptoms, treatment
তীব্ৰ গতিত বৃদ্ধি পাইছে Parrot Feverৰ প্ৰাদুৰ্ভাৱ; এতিয়ালৈকে ৫ জনৰ মৃত্যু

কৰ’ণাৰ আতংক সম্পূৰ্ণৰূপে শেষ হোৱা নাই যদিও এইবাৰ ইউৰোপত বৃদ্ধি পাবলৈ ধৰিছে Parrot Fever ৰ প্ৰাদূৰ্ভাৱ ৷ খবৰ অনুসৰি ইউৰোপত ‘পেৰ’ট ফিভাৰ’ নামৰ ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে ৫ জন লোকৰ কৰুণ মৃত্যু হৈছে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এই চাঞ্চল্যকৰ তথ্যই পোহনীয়া জন্তুৰ মালিক আৰু চৰাই প্ৰেমীৰ মাজত উদ্বেগ আৰু আতংকৰ সৃষ্টি কৰিছে ৷

কিন্তু Parrot Fever দৰাচলতে হয় কি আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? আজি আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে আমি ইয়াৰ বিষয়ে বিতংভাৱে জানিবলৈ চেষ্টা কৰিম ৷

Parrot Fever কি ?

Parrot Fever বা ভাটৌ জ্বৰ, যাক psittacosis বা Chlamydia psittaci infection বুলিও কোৱা হয় ৷ Chlamydia psittaci বেক্টেৰিয়াৰ দ্বাৰা হোৱা সংক্ৰমণ ৷ ইয়াক প্ৰধানকৈ কপৌ, ককটেইল আৰু পাৰ চৰাইত পোৱা যায় যদিও ই মানুহলৈও বিয়পিব পাৰে ৷

আক্ৰান্ত চৰাইৰ মল আৰু নিঃসৰণত এই বেক্টেৰিয়া পোৱা যায় আৰু প্ৰত্যক্ষ সংস্পৰ্শ বা দূষিত ধূলিৰ কণা উশাহ-নিশাহৰ জৰিয়তে আপোনাৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে ৷

Parrot Fever এ মানুহক কেনেদৰে প্ৰভাৱিত কৰে ?

চিকিৎসকৰ মতে, যেতিয়া কোনো ব্যক্তি এই বেক্টেৰিয়াৰ সংস্পৰ্শলৈ আহে তেতিয়া জ্বৰ, ঠাণ্ডা, মূৰৰ বিষ, পেশীৰ বিষ আৰু ভাগৰ ফ্লুৰ আদিৰ দৰে লক্ষণ দেখা দিব পাৰে ৷ অধিক গুৰুতৰ ক্ষেত্ৰত ইয়াৰ ফলত নিউমোনিয়া আৰু অন্যান্য শ্বাস-প্ৰশ্বাসজনিত সমস্যাও হ’ব পাৰে ৷

এই ৰোগৰ কাৰণ কি ?

স্বাস্থ্য বিশেষজ্ঞৰ মতে, ক্ল’মাইডিয়া প্চিটাচি বেক্টেৰিয়া প্ৰধানকৈ চৰাইৰ দেহত পোৱা যায় ৷ আক্ৰান্ত চৰাই বা ইহঁতৰ মল, পাখি বা শ্বাস-প্ৰশ্বাসৰ নিঃসৰণৰ প্ৰত্যক্ষ সংস্পৰ্শৰ জৰিয়তে ই মানুহলৈ বিয়পিব পাৰে ৷ চৰাইৰ লগত কাম কৰা লোক, যেনে চৰাই পালক, পোহনীয়া জন্তুৰ দোকানৰ কৰ্মচাৰী, পশু চিকিৎসক আদি এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি ৷

ইয়াৰ উপৰিও যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল বা ইতিমধ্যে শ্বাস-প্ৰশ্বাসজনিত সমস্যা আছে ৷ তেওঁলোক অধিক সহজে আক্ৰান্ত হ’ব পাৰে ৷

জীৱ-জন্তুক ভক্ষণ কৰিলে ৰোগ বিয়পে নেকি ?

এতিয়া প্ৰশ্ন হয়, অসুস্থ জীৱ-জন্তুক ভক্ষণ কৰিলে এই ৰোগ বিয়পিব পাৰে নেকি ? চিকিৎসকৰ মতে তেনে নহয় ৷ ৰুগীয়া জীৱ-জন্তুক খালে এই ৰোগ বিয়পিব নোৱাৰে ৷

Parrot Fever ৰ লক্ষণ কি কি ?

  • জ্বৰ আৰু ঠাণ্ডা
  • মূৰৰ বিষ
  • মাজে মাজে ফোহা ওলায়
  • পেশীৰ বিষ
  • শুকান কাহ
  • বমি হোৱা
  • উশাহ লোৱাত অসুবিধা বা উশাহ লোৱাত কষ্ট পোৱা
  • নিউমোনিয়া (গুৰুতৰ ক্ষেত্ৰত)

কেনেকৈ চিকিৎসা কৰিব-

চিকিৎসকৰ মতে, লক্ষণৰ ভিত্তিত ইয়াক নিৰ্ণয় কৰিব পাৰি ৷ সঠিকভাৱে ধৰা পৰিলে Parrot Fever এন্টিবায়টিকৰ দ্বাৰা চিকিৎসা কৰিব পাৰি ৷ এই ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা এন্টিবায়টিকসমূহৰ ভিতৰত ডক্সিচাইক্লিন আৰু ইৰিথ্ৰ’মাইচিন আদি উল্লেখযোগ্য ৷

নিউমোনিয়া হোৱা গুৰুতৰ ক্ষেত্ৰত শিৰাত এন্টিবায়টিক আৰু সহায়ক যত্নৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হ’ব পাৰে ৷ এনে পৰিস্থিতিত সময়ত এই বিষয়ে সজাগ হওক ৷

কেনেকৈ পৰিহাৰ কৰিব-

  • য'ত চৰাই থাকে সেই ঠাইৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অনুসৰণ কৰক
  • মাজে মাজে হাত ধুব লাগে
  • চৰাই পালিলে মুখখন স্পৰ্শ কৰাৰ পৰা বিৰত থাকক
  • চৰাইৰ পিঞ্জৰা চাফা কৰাৰ সময়ত বা অসুস্থ চৰাই থাকিলে গ্লভছ আৰু মাস্ক পৰিধান কৰিব
  • Parrot Fever ৰ বিপদৰ বিষয়ে নিজকে আৰু আনক তথ্য প্ৰদান কৰিব
  • যদি আপুনি এনে পৰিৱেশত কাম কৰে, য'ত চৰাই থাকে বা সঘনাই চৰাইৰ সংস্পৰ্শলৈ আহে, তেন্তে নিশ্চিত হওক যে আপুনি লক্ষণসমূহৰ প্ৰতি সজাগ হৈ থাকে

লগতে পঢ়ক : শিশুক মালিচ কৰাৰ বাবে উত্তম এই ৫বিধ প্ৰাকৃতিক তেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.