ETV Bharat / health

ভৰিৰ তলুৱাত বিষ অনুভৱ হোৱাৰ কাৰণ কি ?

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 6:11 PM IST

Feet Pain: মহিলা বা খেলুৱৈ সকলৰ প্ৰায়ে ভৰিৰ তলুৱাত কিয় বিষ অনুভৱ হয় ? কি কৰিলে এই বিষৰ পৰা সকাহ পাব পাৰি? এই সন্দৰ্ভত জনালে অৰ্থোপেডিক বিশেষজ্ঞ ডাঃ শান্তনু শৰ্মাই ৷

Doctor advice on soles of feet pain
ভৰিৰ তলুৱাত বিষ অনুভৱ হোৱাৰ কাৰণ কি ?
অৰ্থোপেডিক বিশেষজ্ঞ ডাঃ শান্তনু শৰ্মা

গুৱাহাটী, 31 জানুৱাৰী: বহু মহিলাই প্ৰায়ে ভৰিৰ তলুৱাত বিষ অনুভৱ কৰা দেখা যায় ৷ কেৱল মহিলাসকলে নহয়, খেলুৱৈ সকলো এই সমস্যাত ভোগা দেখা যায় ৷ যাক Plantar Fasciitis বুলি কোৱা হয় ৷ বেছি খোজ কাঢ়িলে বা থিয় হ’লে ভৰিত এই বিষ অনুভৱ হয় ৷ এই বিষ ভিন্ন কাৰণত হ'ব পাৰে ইউৰিক এচিড বাঢ়িলে , ভিটামিন Dৰ অভাৱ হ’লেও এই বিষ হয় ৷ এই বিষ ভিন্ন কাৰণত হ'ব পাৰে ৷ সেয়ে যদিহে কোনোলোকৰ সঘনাই ভৰিৰ তলুৱাত বিষ হৈ থাকে তেন্তে তেওঁলোকে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি আৱশ্যক ৷

কি কৰিলে ইয়াৰ পৰা সকাহ পাব পাৰি ?

যদিহে কোনো ব্যক্তিৰ ভৰিৰ তলুৱাত সঘনাই বিষ অনুভৱ হয় তেন্তে তেওঁলোকে কেতিয়াও খালী ভৰিৰে পকাত খোজ কাঢ়িব নালাগে ৷ লগতে তেওঁলোক পৰিধান কৰা চেণ্ডেলযোৰ সলনি কৰিব লাগিব ৷ চাকি কোমল জোতা বা চেণ্ডেল পৰিধান কৰিব লাগে ৷ সেউজীয়া ঘাঁহনি বা কোমল মাটিত খোজ কাঢ়িব পাৰে ৷ চিলিকল ফুটৱেৰ ব্যৱহাৰ কৰিব পাৰে ৷

ভৰিৰ তলত বিষ অনুভৱ হ’লে বহুতে শিল এছতা গৰম কৰি সেক লোৱা দেখা যায় ই কিমান গ্ৰহণযোগ্য ?

ভৰিৰ তলুৱাত বিষ অনুভৱ হলে বহু লোকে শিল গৰম কৰি ভৰিৰ তলুৱাত সেক লোৱা দেখা যায় ৷ কিন্তু এয়া কৰা একেবাৰে উচিত নহয় ৷ এনে কৰিলে বিষটোৰ পৰা সকাহ অনুভৱ হয় যদিও, এনে কৰাৰ ফলত বহু লোকৰে ভৰিৰ তলুৱা,ছালখন পুৰি যোৱাও দেখা যায় ৷ সেয়ে এনে কৰা উচিত নহয় ৷ অৱশ্যে গৰম পানীৰ সেক ল'ব পাৰে ৷ কিন্তু মূলতঃ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি আৱশ্যক ৷

লগতে পঢ়ক: ছালৰ সৈতে জড়িত প্ৰতিটো সমস্যাৰ সমাধান দৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.