ETV Bharat / health

গোলাপ জল ব্যৱহাৰ কৰাৰ এইসমূহ উপকাৰিতাৰ বিষয়ে আজিয়েই জানি লওক - BENEFITS OF ROSE WATER

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 6:23 PM IST

BENEFITS OF ROSE WATER: সাধাৰণতে আপুনি মুখত গোলাপ জল লগায় । কিন্তু আপুনি জানেনে আপোনাৰ ছালৰ বাবে ই কিমান উপকাৰী ? আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক ইয়াৰ উপকাৰিতাসমূহ...

BENEFITS OF ROSE WATER
গোলাপ জল ব্যৱহাৰ কৰাৰ এইসমূহ উপকাৰিতাৰ বিষয়ে আজিয়েই জানি লওক (GETTY IMAGES)

ছালৰ যত্নৰ প্ৰতি আগ্ৰহীসকলৰ বাবে গোলাপ জল বা গোলাপৰ পানী প্ৰকৃতিৰ এক উপহাৰ ৷ ইয়াৰ ছালৰ মান উন্নত কৰাৰ ক্ষমতা অধিক ৷ বৈজ্ঞানিক গৱেষণাৰ পৰা দেখা গৈছে যে সুক্ষ্ম গোলাপৰ পাহিৰে তৈয়াৰী গোলাপ জলে প্ৰাকৃতিক সৌন্দৰ্যতা বৃদ্ধি কৰাৰ লগতে ছালখনক কম বয়সীয়া আৰু উজ্জ্বল কৰি তোলে ৷ বজাৰত উপলব্ধ বহু ধৰণৰ প্ৰসাধন সামগ্ৰী আৰু সুগন্ধিত গোলাপ জল অতি গুৰুত্বপূৰ্ণ ৷ ইয়াৰ হাইড্ৰেটিং আৰু এন্টিবেক্টেৰিয়েল গুণৰ বাবেই ই ফোহা আৰু ছালৰ সৈতে জড়িত সমস্যাবোৰৰ বাবে প্ৰাকৃতিক প্ৰতিকাৰ হিচাপে কাম কৰে ৷

সুগন্ধিযুক্ত গোলাপ জলে মানসিক চাপ, উদ্বেগ, অনিদ্ৰা আদিৰ পৰা উপশম ঘটাব পাৰে আৰু মেজাজ উন্নত কৰিব পাৰে ৷ তদুপৰি দুটোপাল গোলাপ জলে আপোনাৰ খাদ্য আৰু পানীয়ক এক সুন্দৰ সোৱাদ দিব পাৰে ৷ বিশেষকৈ মিঠাই আৰু সতেজ পানীয়ত ব্যৱহাৰ কৰিলে ভাল সোৱাদ আৰু সুগন্ধি পাব পাৰি ৷ ইয়াৰ বাহিৰেও এতিয়া আহক আমি ছালৰ বাবে গোলাপ জলৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানি লও-

পি এইচৰ ভাৰসাম্য!
গোলাপ জলে প্ৰাকৃতিক টোনাৰ হিচাপে কাম কৰে ৷ ই pHৰ ভাৰসাম্য নিয়ন্ত্ৰণত ৰাখে যিয়ে ছালৰ যত্নত সহায় কৰে ৷ ছালৰ ছিদ্ৰবোৰ টান কৰে, ব্ৰণ কমায় আৰু ছালখনক মসৃণ কৰে ৷ ছালৰ পৰা অতিৰিক্ত তেল আৰু অশুদ্ধি দূৰ কৰে ৷

খজুৱতি আৰু ফুলা!
গোলাপ জলৰ এনে গুণ আছে যিয়ে ছালত প্ৰদাহ আৰু খজুৱতি কমায় ৷ ছালখন কোমল কৰি বিৰক্তিৰ পৰা আঁতৰাই ৰাখে ৷ বিশেষকৈ ৰোজাচিয়া আৰু একজিমাত ৰঙা পৰা, খজুৱতি আৰু প্ৰদাহ কমায় ৷ ছালখন সদায় হাইড্ৰেট কৰি ৰাখে ৷

বয়সীয়াল ছালৰ পৰা আঁতৰি!
গোলাপ জলে প্ৰাকৃতিক এন্টি এজিং এজেণ্ট হিচাপে কাম কৰে ৷ ইয়াত প্ৰচুৰ এন্টিঅক্সিডেন্ট গুণ আছে যিয়ে অকাল বয়স বৃদ্ধিৰ কাৰণ হোৱা ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে ৷ ই মানসিক চাপ কমায় আৰু মুখৰ ৰেখা, বলিৰেখা, দাগ ভাল কৰে ৷ নিয়মিতভাৱে গোলাপ জল ব্যৱহাৰ কৰিলে আপোনাৰ ছালৰ সৌন্দৰ্যতা সদায় অটুত থাকিব ৷

হাইড্ৰেচন
শুকান, নিৰ্জীৱ দেখা ছালৰ বাবে গোলাপ জল এক উত্তম প্ৰতিকাৰ ৷ ইয়াৰ প্ৰচুৰ পৰিমাণে হাইড্ৰেটিং গুণ আছে ৷ ই ছালখনক প্ৰয়োজনীয় আৰ্দ্ৰতা প্ৰদান কৰে আৰু ইয়াক আকৰ্ষণীয় কৰি তোলে ৷ ছালখন কোমল আৰু উজ্বল যেন লাগে ৷

ছাল পাতল কৰে
গোলাপ জলৰ সজীৱতা গুণে ছালখনক প্ৰাকৃতিক উজ্বলতা প্ৰদান কৰে ৷ ই তেজ চলাচলত সহায় কৰে আৰু ছালখনক সুস্থ আৰু উজ্জ্বল কৰি তোলে ৷ নিস্তেজ ছাল থকাসকলে সঘনাই ব্যৱহাৰ কৰাৰ বাবে ছালত মসৃণ অনুভৱ হয় ৷ ছালখন সদায় সতেজ হৈ থাকে ৷

লগতে পঢ়ক: মধুমেহ ৰোগীৰ বাবে কোনবিধ দাইল উৎকৃষ্ট ? জানো আহক... - Health tips for diabetic patients

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.