ETV Bharat / health

মধুমেহ ৰোগীৰ বাবে কোনবিধ দাইল উৎকৃষ্ট ? জানো আহক... - Health tips for diabetic patients

author img

By ETV Bharat Health Team

Published : May 12, 2024, 2:28 PM IST

Health tips for diabetic patients : মধুমেহ ৰোগীসকলে তেওঁলোকৰ খাদ্যাভাষৰ বাবে বিশেষ যত্ন ল’বলগীয়া হয় ৷ এনে পৰিস্থিতিত, তেওঁলোকে কি দাইল খাব সেয়াও এক ডাঙৰ প্ৰশ্ন ৷ আমি আপোনালোকলৈ লৈ আহিছো মধুমেহ ৰোগীৰ বাবে উৎকৃষ্ট দাইলৰ তালিকা...

Health tips for diabetic patients
মধুমেহ ৰোগীৰ বাবে কোনবিধ দাইল উৎকৃষ্ট ? জানো আহক... (ETV ASSAM DESK)

মধুমেহ আৰু ৰক্ত শৰ্কৰা ৰোগীয়ে প্ৰতিদিনে নিজ খাদ্যভাষৰ ওপৰত গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয় ৷ মধুমেহ ৰোগ হ'লে বহুতো লোক বিচলিত হোৱাও দেখা যায় । এইসকল ৰোগীয়ে সাধাৰণতে যিকোনো বস্তু খাবলৈ সংকোচ কৰে । কিছু ৰোগীয়ে ভাত খাবলৈ এৰি দিনত দুবাৰকৈ ৰুটি খায় । ইয়াৰ সমান্তৰালকৈ এনে ৰোগীক সাধাৰণতে কেনেধৰণৰ দাইল খুৱাব লাগে সেইক্ষেত্ৰতো বহুতো বিভ্ৰান্তি হয় ৷

কোনবিধ দাইল প্ৰকৃততে মধুমেহ ৰোগীৰ বাবে উৎকৃষ্ট ? কোনবিধ দাইলে মধুমেহ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ?

কোনবিধ মচুৰ দাইল ৰক্ত শৰ্কৰা ৰোগীৰ বাবে ভাল : বৰ্তমান সময়ত বহুসংখ্যক লোক মধুমেহ ৰোগত আক্ৰান্ত হয় ৷ এই ৰোগত এবাৰ আক্ৰান্ত হ’লে ইয়াক নিয়ন্ত্ৰণ কৰাটো অতি কঠিন হৈ পৰে । অৱশ্যে এতিয়া 30 বছৰৰ অনুৰ্ধৰ লোকসকলো মধুমেহ ৰোগতো আক্ৰান্ত হোৱা দেখা যায় ৷

বিশেষজ্ঞসকলে কয় যে, মধুমেহ ৰোগত আক্ৰান্ত লোকসকলৰ বাবে সৰ্বশ্ৰেষ্ঠ চিকিৎসা হৈছে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা যাতে ই আপোনাৰ শৰীৰৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে । বিশেষজ্ঞসকলে কোৱা অনুসৰি, এই ৰোগীসকলে সঠিক সময়ত খোৱা-বোৱা কৰিব লাগে ৷

মধুমেহ থকা লোকসকলে সকলোবোৰ মাহজাতীয় খাদ্য খাব নোৱাৰে ৷ তাৰ মাজতো কিছুমান মাহজাতীয় শস্য তেওঁলোকে গ্ৰহণ কৰিব পাৰে ৷ দেহত শৰ্কৰা স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ বিশেষজ্ঞসকলে কি কয় জানো আহক...

বিশেষজ্ঞসকলে মধুমেহ ৰোগত আক্ৰান্তসকলক আঁহজাতীয়, প্ৰ'টিন আৰু এণ্টি-অক্সিডেণ্ট খাদ্য গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিয়ে ৷ বীন, বাদাম, খাদ্যৰ গুটি, মাছ, মুৰ্গী আৰু কণী আদিৰ দৰে খাদ্য খাব পাৰে ৷ ক'লা ঘেঁহু, বাৰ্লি, অ’টছ, কিনোৱা, ৰাগিৰ দৰে খাদ্য খাব পাৰে ৷ এইসকল ৰোগীয়ে আহাৰত পালেং শাক আৰু চালাড অন্তৰ্ভুক্ত কৰিলে শৰ্কৰা নিয়ন্ত্ৰণত থাকে ৷

মধুমেহ ৰোগীৰ বাবে খাদ্যৰ তালিকা : পুৱাৰ আহাৰত উপমা, ব’ণ্ডা, বড়া, পুৰী আদি খাদ্য পৰিহাৰ কৰক ৷ ইয়াৰ পৰিৱৰ্তে, অ’টছ, কিনোৱা আৰু অ’টমীল ওপমা খাব পাৰে ৷ য'ত আঁহ অধিক থাকে ।

  • পুৱা 11 বজাত কিছু ফল খাব
  • উচ্চ পৰিমাণৰ ভিটামিন চি থকা ফল খাওক
  • দুপৰীয়াৰ আহাৰত কম ভাত খাওক আৰু লগত থকা ব্যঞ্জন খাওক ৷ লগত দাইলো ল’ব পাৰে

কিন্তু বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে মধুমেহ ৰোগীসকলে নিম্ন গ্লাইচেমিক সূচকৰ সৈতে মাহজাতীয় শস্য খাওক ৷

এইসমূহৰ ভিতৰত কোনটো দাইল উৎকৃষ্ট ?

মগু আৰু মচুৰ দাইল দুয়োটাই মধুমেহ ৰোগীৰ বাবে অত্যন্ত উপকাৰী ৷ মগু দাইলৰ গ্লাইচেমিক সূচক অধিক । আনহাতে মচুৰ দাইলৰ গ্লাইচেমিক সূচক শতাংশ অলপ কম ।

লগতে পঢ়ক: বাৰে বাৰে উশাহ ফুলাৰ সমস্যা আছে নেকি ? খাবলৈ আৰম্ভ কৰক এই খাদ্য - Shortness of Breath

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.