গ্ৰীষ্মকালত আপুনি নাৰিকল খায়নে ? - Nutrition Benefits of Coconut

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 4:39 PM IST

Coconut Health Benefits: Do Not Miss The Goodness Of Coconut This Summer

Coconut Health Benefits: নাৰিকল দক্ষিণ ভাৰতৰ এক গুৰুত্বপূৰ্ণ ফল যি ইয়াৰ অগণন গুণৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত । আজি এই প্ৰতিবেদনত এই ফলবিধৰ আচৰিত উপকাৰিতা জানি লও আহক-

পানীয়েই হওক, ফলেই হওক বা তেলেই হওক প্ৰতিটো ৰূপতে নাৰিকল অতি উপযোগী ৷ এই কাৰণেই সকলোৱে নিজৰ ঘৰত কোনোবা নহয় কোনোবা ৰূপত নাৰিকল ব্যৱহাৰ কৰে ৷ গৰমৰ বতৰ অহাৰ লগে লগে নাৰিকল পানী খোৱা হয় ৷ ইয়াৰ দ্বাৰা আপুনি হিট ষ্ট্ৰ’কৰ পৰা হাত সাৰি থাকিব পাৰে আৰু শৰীৰত পানীৰ অভাৱ নহয় ৷ গতিকে নাৰিকলৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানি লওক-

  1. পুষ্টিকৰ পদাৰ্থৰে ভৰপূৰ: নাৰিকল প্ৰ’টিন, কাৰ্ব, স্বাস্থ্যকৰ চৰ্বি, আঁহ, মেংগানিজ, তাম, পটাছিয়াম, আইৰণ, জিংক, চেলেনিয়াম আদি পুষ্টিকৰ উপাদানৰে ভৰপূৰ ৷
  2. হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী: নাৰিকলৰ পৰা উলিওৱা তেলে ভাল কলেষ্টেৰল বৃদ্ধি কৰে , বেয়া কলেষ্টেৰল হ্ৰাস কৰে, লগতে পেটৰ চৰ্বিও হ্ৰাস কৰে, যিয়ে হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনাও হ্ৰাস কৰে ৷
  3. ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে: নাৰিকলত কম পৰিমাণৰ কাৰ্ব থাকে আৰু ইয়াত প্ৰচুৰ পৰিমাণে এমিনো এচিড, স্বাস্থ্যকৰ চৰ্বি আৰু আঁহ থাকে, যিয়ে ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷
  4. হাড় শক্তিশালী কৰে: নাৰিকলত থকা মেংগানিজ আৰু ফছফৰাছ হাড়ৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷
  5. শক্তিশালী এন্টিঅক্সিডেন্টৰে সমৃদ্ধ: ইয়াত পলিফেনল এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে কোষবোৰক ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা কৰে ৷ ইয়াৰ ফলত বহু ধৰণৰ ৰোগৰ পৰাও ৰক্ষা পাব পাৰি ৷
  6. শক্তিৰ উৎস: নাৰিকলৰ পানী খালে আপুনি তৎক্ষণাত শক্তি লাভ কৰে ৷ ইয়াত মধ্যম শৃংখলাবদ্ধ ট্ৰাইগ্লিচাৰাইড (MCT) পোৱা যায়, যিটো এক প্ৰকাৰৰ সংপৃক্ত চৰ্বি আৰু ই শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে ই লগে লগে শক্তিলৈ ৰূপান্তৰিত হয় ৷
    হাইড্ৰেটেড ৰাখক: পটাছিয়াম, কেলচিয়াম, মেগনেছিয়ামৰ দৰে ইলেক্ট্ৰলাইট নাৰিকলত পোৱা যায়, যিয়ে শৰীৰক হাইড্ৰেট কৰাত সহায় কৰে ৷
  7. স্বাস্থ্যৰ লগতে সোৱাদ বৃদ্ধি কৰে: নাৰিকলৰ চাটনি হওক বা নাৰিকলৰ টুকুৰা হওক, ইয়াৰ পৰা তৈয়াৰী বাৰ্ফি হওক বা গ্ৰেনোলা কুকিজ হওক, নাৰিকলে সকলো খাদ্যতে পুষ্টি প্ৰদান কৰাই নহয় খাদ্যৰ সোৱাদো বৃদ্ধি কৰে ৷

লগতে পঢ়ক: নাৰিকলৰ পানী খায় নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.